সমললৈ যাওক

আশা মেনন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ

আশা মেনন
দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰক
কাৰ্যকাল
২৭ মে' ২০১৯ – ১৬ ছেপ্টেম্বৰ ২০২২
মনোনয়নকৰ্তা ৰঞ্জন গগৈ
নিয়োগকৰ্তা ৰাম নাথ কোৱিন্দ
ব্যক্তিগত তথ্য
জন্ম ১৭ ছেপ্টেম্বৰ, ১৯৬০ (৬৫ বছৰ)
পাট্টাম্বী, কেৰালা
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়

আশা মেনন (ইংৰাজী: Asha Menon, ১৭ ছেপ্টেম্বৰ ১৯৬০[1]) এগৰাকী ভাৰতীয় ন্যায়াধীশ৷ তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন বিচাৰক৷.[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

আশা মেননে দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷ তাৰ পিছত তেওঁ ১৯৮২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি পৰীক্ষাত উত্তীৰ্ণ হৈ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা এল এল এম সম্পূৰ্ণ কৰে। ১৯৮৫ চনত তেওঁ দিল্লী ন্যায়িক সেৱাৰ লগত জড়িত হয়৷

১৯৮৬ চনত তেওঁ বিচাৰকৰ মৰ্যাদা লাভ কৰে। ২০০৮ চনৰ পৰা ২০১২ চনলৈকে তেওঁ দিল্লী ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সদস্য সচিব পদত কৰ্মৰত হৈ থাকে।২০১৯ চনৰ ২৭ মে'ত মেননক দিল্লী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ পদলৈ উন্নীত কৰা হয়। [3]২০২২ চনৰ ১৬ ছেপ্টেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "CJ And Sitting Judges". www.delhihighcourt.nic.in. http://www.delhihighcourt.nic.in/cjsittingjudges.asp?currentPage=4. 
  2. "Four new judges take oath at Delhi High Court". The New Indian Express. Archived from the original on 2 November 2020. https://web.archive.org/web/20201102025237/https://www.newindianexpress.com/cities/delhi/2019/may/27/four-new-judges-take-oath-at-delhi-high-court-1982377.html. 
  3. "CJ And Sitting Judges". delhihighcourt.nic.in. https://delhihighcourt.nic.in/cjsittingjudges.asp?currentPage=3। আহৰণ কৰা হৈছে: 2022-04-01.