আশুৰা
আশুৰা (বঙালী: আশুব়া) হ'ল ইছলাম ধৰ্মৰ এটি স্মৰণীয় দিৱস। প্ৰতি বছৰে ইছলামিক কেলেণ্ডাৰৰ প্ৰথম মাহ মুহৰমৰ দহ তাৰিখে ই অনুষ্ঠিত হয়। ছিয়া মুছলমানসকলৰ মাজত আশুৰা ব্যাপক শোকৰে উদ্যাপন কৰা হয় কাৰণ ৬৮০ খ্ৰীষ্টাব্দত কাৰবালাৰ যুদ্ধৰ সময়ত হুছেইন ইবনে আলী (মহম্মদৰ নাতি)ৰ শিৰশ্ছেদ কৰা হৈছিল।[1] চুন্নী মুছলমানসকলৰ মাজত আশুৰা ৰোজাৰে পালন কৰা হয় কাৰণ ই মোচি আৰু ইস্ৰায়েলীসকলৰ পৰিত্ৰাণৰ দিনক সূচিত কৰে, যিসকলে বাইবেলত চিত্ৰিত মিচৰৰপৰা সফলতাৰে পলায়ন কৰিছিল (য'ত তেওঁলোকক দাস হিচাপে অত্যাচাৰ কৰা হৈছিল) আৰু মোচাই লোহিত সাগৰক বিৰক্ত কৰাৰ বাবে আল্লাৰ শক্তিক আবেদন কৰিছিল।[2] যদিও হোছেইনৰ মৃত্যুক চুন্নীসকলে এক ডাঙৰ ট্ৰেজেডী বুলি গণ্য কৰে, তথাপি নিৰ্দিষ্ট নিয়মৰ ওপৰত নিৰ্ভৰ কৰি ৰাজহুৱা শোকক নিৰুৎসাহিত বা একেবাৰে নিষিদ্ধ কৰা হৈছে।[3]
ছিয়া সম্প্ৰদায়ে আশুৰা সাধাৰণতে গণ শোভাযাত্ৰাৰে স্মৰণ কৰে আৰু ইয়াৰ সমান্তৰালকৈ চকুলো আৰু মাজাৰলৈ তীৰ্থযাত্ৰাৰপৰা আৰম্ভ কৰি আত্মনিগ্ৰহৰ দৰে বিতৰ্কিত কাৰ্য্যলৈকে বিভিন্ন ধৰণৰ অনুষ্ঠানও পালন কৰে।[4] চুন্নী সম্প্ৰদায়ৰ মাজত মহম্মদৰ হাদীছৰ ওপৰত ভিত্তি কৰি তিনিটা পৰ্যায়ৰ ৰোজা আছে: আশুৰাৰ আগদিনা, আশুৰাৰদিনা আৰু আশুৰাৰ পাছদিনা; এই দিনকেইটাত ৰোজা ৰখাটো বাধ্যতামূলক নহয় যদিও ইয়াক দৃঢ়ভাৱে পালন কৰা হয়।[5][6] মৰক্কো আৰু আলজেৰিয়াৰ দৰে দেশৰ লোক পৰম্পৰাত বিভিন্ন ধৰণে বিশেষ খাদ্য, আলোকসজ্জা বা মেলাৰদ্বাৰা এই দিনটো উদ্যাপন কৰা হয় যদিও এই প্ৰথা ধৰ্মীয় কৰ্তৃপক্ষই সমৰ্থন নকৰে।[7] চুন্নী আৰু ছিয়াসকলৰ মাজত আশুৰা পালনৰ ব্যাপক পাৰ্থক্যৰ বাবেই কিছুমান ইছলামিক দেশত বিশেষকৈ ছিয়াৰাষ্ট্ৰ ইৰাণত আশুৰাৰ দিনটোৱে এক ৰাজনৈতিক মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ইৰাক আৰু পাকিস্তানৰ দৰে দেশত দুয়োটা সম্প্ৰদায়ৰ মাজত হিংসাৰ লগতে বিতৰ্ক সূচনা কৰাত উপৰ্যুক্ত কথাটোৱে এক প্ৰৰোচনা হিচাপেও কাম কৰিছে।
ব্যুৎপত্তি
[সম্পাদনা কৰক]আশুৰা শব্দৰ মূল অৰ্থ চেমেটীয় ভাষাত দশম; সেয়ে ইয়াৰ নাম আক্ষৰিকভাৱে অনুবাদ কৰা হৈছে যাৰ অৰ্থ "দশম দিন।" ইছলামপন্থাবিদ জে. ৱেনছিঙ্কেৰ মতে এই নামটো আৰামীয় নিৰ্ধাৰক সমাপ্তি সহ হিব্ৰু শব্দ ʿāsōr পৰা আহিছে।[8]
সামাজিক-ৰাজনৈতিক দিশ
[সম্পাদনা কৰক]সামাজিক-ৰাজনৈতিকভাৱে আশুৰা পালন সমগ্ৰ ইতিহাসজুৰি সংখ্যালঘু ছিয়াসকলৰ বাবে অতিশয় মূল্যৱান। স্মৃতিচাৰণৰ সময়ত প্ৰচলিত চৰ্তৰ ওপৰত নিৰ্ভৰ কৰি এনে স্মৃতিচাৰণৰ অন্তৰ্নিহিত অৰ্থৰ বিষয়ত মতানৈক্য বা আনকি সম্পূৰ্ণ প্ৰতিবাদৰ ভিত্তি হ’ব পাৰে। উদাহৰণস্বৰূপে, ইৰাণৰ ইছলামিক বিপ্লৱ, লেবাননৰ গৃহ-যুদ্ধ, ইজৰাইলৰ সামৰিক উপস্থিতিৰ বিৰুদ্ধে লেবাননৰ প্ৰতিৰোধ আৰু নব্বৈৰ দশকত বাহৰেইনত হোৱা বিদ্ৰোহৰ সময়ত এনেকুৱা হৈছিল। কেতিয়াবা কেতিয়াবা এই স্মৃতিচাৰণ আল-হুছেইনৰ শ্বহীদ হোৱাৰ স্মৃতিক আধুনিক ইছলাম আৰু মুছলমানৰ অৱস্থাৰ সৈতে তুলনা কৰি আশুৰাৰদিনা হুছেইনৰ বিখ্যাত কথাষাৰৰ উল্লেখ কৰা হয়: "প্ৰতি দিনেই আশুৰা, প্ৰতিটো ভূমি কাৰবাল।" [9]
ইৰাণৰ সাংবিধানিক বিপ্লৱৰ সময়ছোৱাৰপৰা (১৯০৫–১৯১১) ইৰাণৰ শোক সমাৱেশে ক্ৰমান্বয়ে ৰাজনৈতিক ৰূপ লৈছিল, প্ৰচাৰকসকলে সেই সময়ৰ অত্যাচাৰীসকলক ইমাম হুছেইনৰ শত্ৰু উমাইয়াদসকলৰ লগত তুলনা কৰিছিল।[10]
১৯৭৮–৭৯ চনৰ ইছলামিক বিপ্লৱৰ আগৰ বছৰবোৰত, লগতে বিপ্লৱৰ সময়তো এই স্মৃতিৰ ৰাজনৈতিক কাৰ্য্যকাৰিতা উল্লেখযোগ্য আছিল।
আনহাতে, একাংশ চৰকাৰে আশুৰাৰ স্মৃতিচাৰণত নিষেধাজ্ঞা আৰোপ কৰিছে। ১৯৩০ চনত ইৰাণত ইয়াক নিষিদ্ধ কৰিছিল ৰেজা শ্বাহে। ছাদ্দাম হুছেইনৰ শাসন-ব্যৱস্থাই ইয়াক সম্ভাৱ্য ভাবুকি হিচাপে দেখি বহু বছৰ ধৰি আশুৰা অনুষ্ঠানত নিষেধাজ্ঞা আৰোপ কৰিছিল।[11] ১৮৮৪ চনৰ হোছাই গণহত্যাৰ সময়ত ট্ৰিনিদাদ আৰু ট’বাগোত ব্ৰিটিছ ঔপনিৱেশিক কৰ্তৃপক্ষক অৱজ্ঞা কৰি স্থানীয়ভাৱে হোছাই নামেৰে জনাজাত আশুৰা উদ্যাপন কৰিবলৈ চেষ্টা চলাই ২২ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল।[12]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Morrow, John Andrew. Islamic Images and Ideas: Essays on Sacred Symbolism. McFarland & Co, 2013. pp. 234–36. আই.এচ.বি.এন. 978-0786458486
- ↑ "What is Ashura and how do Shia and Sunni Muslims observe it?" (en ভাষাত). 2022-09-13. http://www.middleeasteye.net/discover/what-is-ashura-how-do-shia-sunni-muslims-observe.
- ↑ Lipka, Michael (2022-09-13). "Muslim holiday of Ashura brings into focus Shia-Sunni differences" (en-US ভাষাত). https://www.pewresearch.org/fact-tank/2013/11/14/muslim-holiday-of-ashura-brings-into-focus-shia-sunni-differences/.
- ↑ "Dramatic photos show how Shiite Muslims mark Ashura, one of the most emotional events in Islam" (en-US ভাষাত). The Washington Post. 2022-09-13. ISSN 0190-8286. https://www.washingtonpost.com/news/worldviews/wp/2016/10/12/dramatic-photos-show-how-shiite-muslims-mark-ashura-one-of-the-most-emotional-events-in-islam/.
- ↑ "Ashura | Definition, History, & Facts | Britannica" (en ভাষাত). 2022-09-13. https://www.britannica.com/topic/Ashura-Islamic-holy-day.
- ↑ "Fasting in Muharram" (en-gb ভাষাত). 2022-09-13. https://pennyappeal.org/news/fasting-muharram.
- ↑ M. Maarouf, 2010, Ashura and the Ritual Emancipation of Women in Morocco, CESNUR 2010
- ↑ A. J. Wensinck, "Āshūrā", Encyclopaedia of Islam 2. Retrieved 8 June 2011.
- ↑ "Observing Salat Behind a Shiite Imam". 22 May 2022. https://fiqh.islamonline.net/en/observing-salat-behind-a-shiite-imam/.
- ↑ সাঁচ:বিশ্বকোষ উদ্ধৃতি
- ↑ Melton, J. Gordon (2010). Religions of the World [6 volumes: A Comprehensive Encyclopedia of Beliefs and Practices]. ABC-CLIO. ISBN 978-1598842036. https://books.google.com/books?id=v2yiyLLOj88C&q=Reza+Shah+Ashura+banned&pg=PA211.
- ↑ Anthony, Michael (2001). Historical Dictionary of Trinidad and Tobago. Scarecrow Press, Inc. Lanham, MD and London. ISBN 978-0810831735.