আসক্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আসক্তি (ইংৰাজী: Addiction) হৈছে কিছুমান বস্তুৰ (যেনে- মদ, ধঁপাত আৰু অনান্য মাদক দ্ৰব্য) ব্যৱহাৰ বা গ্ৰহণ কৰাৰ পাছত ৰক্ত আৰু মস্তিষ্কৰ প্ৰতিবন্ধকতা অতিক্ৰম কৰাৰ ফলত সাময়িকভাৱে হোৱা মস্তিষ্কৰ ৰাসায়নিক দ্ৰব্যৰ পাৰিপাৰ্শিক অবস্থাৰ পৰিবৰ্তন।

অনেকে এই তালিকাত মানসিক প্ৰবৃত্তি সৃষ্টিকাৰী আৰু অনেক ধ্ৰুৱক অন্তৰ্ভুক্ত কৰে। যেনে- জুৱা, খাদ্য, যৌনতা, কম্পিউটাৰ, ভিডিঅ' গেইম, ইন্টাৰনেট, কৰ্ম, ধৰ্ম, শৰীৰ চৰ্চা, দুৰদৰ্শন আৰু কেনাকাটা। এইবোৰৰ মাত্ৰাধিক ব্যৱহাৰে আসক্তিৰ লগতে লজ্জা, অপৰাধবোধ, ভয়, নিৰাশা, ব্যৰ্থতা, দুঃচিন্তা, প্ৰত্যাখান, উদ্বেগ, ব্যাকুলতা আৰু হীনমন্যতাৰ সৃষ্টি কৰে।[1][2][3][4]

আমেৰিকান ছ'ছাইটি অৱ এডিকশ্বন মেডিচিন নামৰ সংস্থাৰ মতে আসক্তিৰ সংজ্ঞা হৈছে, "এটা প্ৰাথমিক, দীৰ্ঘস্থায়ী মস্তিষ্ক বা মস্তিষ্কজনিত ৰোগ।" মস্তিষ্ক অক্ষমতাজনিত কাৰণত আসক্ত ব্যাক্তিৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিক অভিব্যক্তিৰ বিপৰ্যয় ঘটে। এই প্ৰতিচ্ছবি আসক্ত ব্যাক্তিৰ ব্যৱহাৰিক অসামঞ্জস্য, ইচ্ছাশক্তি হ্ৰাস পোৱা আৰু মাদকদ্ৰব্যৰ প্ৰতি অপ্ৰতিৰোধ্য আকৰ্ষণৰ জৰিয়তে প্ৰতিফলিত হয়। যিকোনো দীৰ্ঘস্থায়ী ৰোগত সৈতে আসক্ত ব্যক্তিৰ উপশম আৰু পুনৰ্ধঃপতনৰ পুনৰাবৃত্তি জড়িত থাকে। সময়মতে আসক্তি নিবাৰণৰ ব্যৱস্থা নকৰিলে অকালমৃত্যু পৰ্যন্ত হ'ব পাৰে।

আসক্তি কেৱল মাদক দ্ৰৱ্যৰ অপব্যৱহাৰৰ বাবেই নহয়, বৰঞ্চ যিকোনো বস্তুৰ অপব্যৱহাৰৰ পৰা হ'ব পাৰে। যেনে- জুৱা অথবা কম্পিউটাৰ আসক্তি।

মানসিক, শাৰীৰিৰ বা সামাজিকভাৱে হানিকাৰক, আৰু নিজৰ ক্ষতিকাৰক যিকোনো কাৰ্যৰ প্ৰতি ব্যৱহাৰকাৰীৰ অপ্ৰতিৰোধ্য আকাংশাৰ পুনৰাবৃত্তিকেই আসক্তি বোলে।

তথ্য সংগ্ৰহ

  1. Taylor, C.Z. (March 2002). "Religious Addiction: Obsession with Spirituality". Pastoral Psychology (Springer Netherlands) খণ্ড 50 (4): 291–315. doi:10.1023/A:1014074130084. http://www.springerlink.com/content/9ner79ge7kntx3hp/। আহৰণ কৰা হৈছে: 2008-03-24. 
  2. "Depression". The Columbia Electronic Encyclopedia. Columbia University Press. 2007. Retrieved 2008-03-24. 
  3. Nowack, W.J. (2006-08-29). "Psychiatric Disorders Associated With Epilepsy". eMedicine Specialities. WebMD. http://www.emedicine.com/neuro/topic604.htm। আহৰণ কৰা হৈছে: 2008-03-24. 
  4. Beck, D.A. (2007). "Psychiatric Disorders due to General Medical Conditions" (PDF). Department of Psychiatry, University of Missouri-Columbia. http://www.umcpsychiatry.com/medstudents/Psychiatryic%20Disorder%20Due%20to%20General%20Medical%20Conditions-Outline.pdf। আহৰণ কৰা হৈছে: 2008-03-24.