সমললৈ যাওক

আস্তিক মুনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আস্তিক মুনি

জন্মেজয়ৰ সৰ্পযজ্ঞ, আস্তিক (ৰঙা পিন্ধা ল’ৰা) মুনিয়ে ৰজাক বাধা দিয়ে
তথ্য
পৰিয়াল জৰৎকাৰু (পিতৃ)
মনসা (মাতৃ)

আস্তিক মুনি (সংস্কৃত: आस्तिक ) হিন্দু ধৰ্মত উল্লেখ থকা এগৰাকী ঋষি। তেওঁ সৰ্প দেৱী মনসা আৰু জৰৎকাৰুৰ পুত্ৰ।[1]

কিংবদন্তি

[সম্পাদনা কৰক]

দেৱী ভাগৱত পুৰাণৰ মতে, জৰৎকাৰু নামৰ এজন ঋষিয়ে হাবিত বিচৰণ কৰি থাকোঁতে খেৰৰ পুঁজি এটাৰ ওপৰত ওলমি থকা নিজৰ পিতৃপুৰুষৰ আত্মাৰ সন্মুখীন হ’ল। তেওঁৰ পূৰ্বপুৰুষসকলে তেওঁক ক’লে যে, তেওঁলোকে কষ্ট পাইছে কাৰণ জৰৎকাৰুৰ কোনো সন্তান নাই, আৰু তেওঁ তেওঁলোকৰ বংশৰ শেষজন। নিজৰ পিতৃসকলক তেওঁলোকৰ কষ্টৰপৰা ৰক্ষা কৰাৰ প্ৰয়াসত জৰৎকাৰুৱে নিজৰ নামৰ সৈতে মিল থকা এগৰাকী মহিলাক বিয়া কৰাবলৈ সিদ্ধান্ত লয়। তেওঁ নাগ ৰজা বাসুকীৰ ওচৰলৈ গৈ তেওঁৰ ভনীয়েক মনসাক বিয়া কৰাইছিল, যাৰ আন এটা নাম আছিল, জৰতকাৰু। পুষ্কৰ উপবনত এদিন সন্ধিয়া জৰৎকাৰুৱে পত্নীৰ কোলাত শুই আছিল, আৰু গধূলিৰ সময়ত প্ৰাৰ্থনা কৰা নাছিল। স্বামীয়ে নিজৰ কৰ্তব্য পালন কৰিবলৈ টোপনিৰপৰা জগাব নে নাই, সেই লৈ দ্বিধাগ্ৰস্ত হৈ পত্নীয়ে তেওঁক জগাই তুলিবলৈ ঠিক কৰিছিল। ক্ষোভিত হৈ জৰৎকাৰুৱে এই কাৰ্যৰ বাবে পত্নীক এৰি যোৱাৰ সিদ্ধান্ত লয়। মনসাই তেওঁৰ ক্ষমা বিচাৰিলে; জৰৎকাৰুৱে তেওঁক জনাই দিলে যে, তেওঁ তেওঁৰ সন্তান গৰ্ভত ধাৰণ কৰিছে, আৰু ঘোষণা কৰিলে যে, সেই সন্তান মেধাৱী আৰু নিষ্ঠাৱান হ’ব। এইদৰে তেওঁৰ নাম আস্তিক ৰখা হয়।[2] আস্তিকে ভৃগুৰ পুত্ৰ চ্যাৱন ঋষিৰ অধীনত শিক্ষা সমাপ্ত কৰে। দেৱী ভাগৱত পুৰাণৰ মতে, যিহেতু তেওঁৰ মাতৃ শিৱৰ শিষ্য আছিল, সেয়েহে আস্তিকো দেৱতাৰ শিষ্য হৈ পৰিছিল।

সৰ্পযজ্ঞ

[সম্পাদনা কৰক]

মহাভাৰতৰ মতে আস্তিকে সৰ্প তক্ষকৰ প্ৰাণ ৰক্ষা কৰিছিল। সৰ্প তক্ষকৰ দংশনৰ বাবে পিতৃ পৰীক্ষিতৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ জন্মেজয় ৰজাই সৰ্প সত্ৰ নামেৰে জনাজাত সৰ্পযজ্ঞৰ আয়োজন কৰাৰ[3] সময়ত এই ঘটনা ঘটিছিল। শেষত তেওঁ ৰজাক উদ্দীপিত কৰি উদ্দেশ্যত জয়ী হৈ সাপ জাতিৰ ওপৰত কৰা নিৰ্যাতনৰ অন্ত পেলায়। তেওঁৰ পিতৃয়ে তেওঁক জন্মৰ আগতেই এৰি থৈ গৈছিল।[4] জনপ্ৰিয় পৰম্পৰা অনুসৰি এই নাগবোৰৰ পৰিত্ৰাণ পোৱা দিনটোক শাওন মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথি বুলি গণ্য কৰা হয়, আৰু ইয়াক নাগ পঞ্চমী উৎসৱ হিচাপে পালন কৰা হয়।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2012-06-15). "Astika, Āstika, Āstīka, Astikā, Ashtika: 21 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/astika#hinduism আহৰণ কৰা হৈছে: 2022-11-19.
  2. www.wisdomlib.org (2019-01-28). "Story of Āstīka" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241440.html আহৰণ কৰা হৈছে: 2022-11-19.
  3. Son of Abhimanyu, who in turn was a son of Arjuna.
  4. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 72. https://archive.org/details/indiathroughages00mada.
  5. Garg 1992, পৃষ্ঠা. 743.