আস্থা গিল
আস্থা গিল (ইংৰাজী: Aastha Gill; জন্ম: ২৪ জুন ১৯৯১) বলীউড আৰু পাঞ্জাবী পপ সংগীতৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় গায়িকা আৰু গীতিকাৰ।[1] ফুগলীৰ (২০১৪) "ধুপ চিক", খুবছুৰতৰ (২০১৪) "অভি তো পাৰ্টি চুৰু হুই হ্যায়" আৰু "ডিজে ৱালে বাবু"কে (২০১৫) ধৰি চলচ্চিত্ৰৰ গীত গাই জনপ্ৰিয়তা লাভ কৰে। আস্থাই কেইবাটাও সফল একক গীতো মুকলি কৰিছে আৰু বিভিন্ন শিল্পীৰ সৈতে সহযোগিতা কৰিছে।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]জস্পল সিঙৰ ঘৰত জন্মগ্ৰহণ কৰা আস্থা ভাৰতৰ দিল্লীত ডাঙৰ-দীঘল হৈছিল। সৰুৰে পৰাই তেওঁ ৰেকৰ্ডিং ষ্টুডিঅ'ত কাম কৰিছিল যদিও প্ৰথম অৱস্থাত সংগীত জগতত কেৰিয়াৰ গঢ়ি তোলাৰ কল্পনা কৰা নাছিল।[3]
সংগীতৰ প্ৰতি আকৰ্ষণ থকাৰ পিছতো আস্থাই অধিক গতানুগতিক কেৰিয়াৰ পথত আগবাঢ়িছিল। তেওঁ নতুন দিল্লীৰ বিবেকানন্দ স্কুল অৱ জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেচনৰ পৰা সাংবাদিকতাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত এটা বিজ্ঞাপন প্ৰতিষ্ঠান আৰু এটা নিউজ চেনেলত কাম কৰে।[4][5] আস্থাৰ সংগীত কেৰিয়াৰলৈ পৰিৱৰ্তন আৰম্ভ হৈছিল, যেতিয়া কলেজৰ দিনৰে পৰা চিনাকি ৰেপাৰ ৰাফতাৰে তেওঁক বলীউডৰ এখন ছবিত কণ্ঠদান কৰাৰ সুযোগ দিছিল। ইয়াৰ ফলত তেওঁ নিউজ চেনেলৰ পদ এৰি পেছাদাৰীভাৱে সংগীতৰ কাম আৰম্ভ কৰে। ফুগলি (২০১৪) ছবিৰ "ধূপ চিক" গীতটোৰে তেওঁ চলচ্চিত্ৰীয় সংগীতৰ জগতত প্ৰবেশ কৰে।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Grace Cyril (June 24, 2021). "Khatron Ke Khiladi 11 contestants wish Aastha Gill on 30th birthday with sweet posts" (en ভাষাত). India Today. https://www.indiatoday.in/television/celebrity/story/khatron-ke-khiladi-11-contestants-wish-aastha-gill-on-30th-birthday-with-sweet-posts-1818896-2021-06-24। আহৰণ কৰা হৈছে: 2021-07-17.
- ↑ Pioneer, The. "Aastha Gill: No one's dependent on film songs anymore" (en ভাষাত). The Pioneer. https://www.dailypioneer.com/2021/entertainment/aastha-gill--no-one-s-dependent-on-film-songs-anymore.html। আহৰণ কৰা হৈছে: 2024-11-23.
- ↑ "Aastha Gill: Got fired from my job at an advertising agency because I chose music over work". The Times of India. 2021-05-12. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/hindi/music/news/aastha-gill-got-fired-from-my-job-at-an-advertising-agency-because-i-chose-music-over-work/articleshow/82572981.cms.
- ↑ Narrain, Aparna (2019-07-02). "The 'buzz' around Aastha Gill" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/music/the-buzz-around-aastha-gill/article28262154.ece.
- ↑ Kurar, Samridhi (2021-01-06). "GGSIPU Alumni: 10 Famous Personalities From GGSIPU" (en-US ভাষাত). IPU Buzz. https://ipubuzz.com/ggsipu-alumni-10-famous-personalities/। আহৰণ কৰা হৈছে: 2023-11-05.
- ↑ "Singer Aastha Gill on life before fame: Was happy with a salary at the end of the month". Hindustan Times. https://www.hindustantimes.com/music/singer-aastha-gill-on-life-before-fame-was-happy-with-a-salary-at-the-end-of-the-month/story-w0Q9NYrZJTgSSy1626QRPO.html.