সমললৈ যাওক

আহমদ শ্বাহ কাজাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আহমদ শ্বাহ কাজাৰ
১৯১৬ চনত আহমদ শ্বাহ কাজাৰ
ইৰানৰ শ্বাহ
ৰাজত্ব ১৬ জুলাই ১৯০৯ – ১৫ ডিচেম্বৰ ১৯২৫
ৰাজঅভিষেক ১৯১৪ চনৰ ২১ জুলাই
পূৰ্বসূৰী মহম্মদ আলী শ্বাহ কাজাৰ
উত্তৰাধিকাৰী ৰেজা শ্বাহ পাহলৱী
ৰাজ-প্ৰতিনিধি আলী ৰেজা খান আজোদ আল-মলক
আবোলকাচেম নাচেৰ অল-মল্ক
দাম্পত্য সঙ্গী বদৰ আল-মলুক
সন্তান
ৰাজকুমাৰী ইৰাণডোখ্ট
ৰাজকুমাৰ ফেৰাইডাউন মিৰ্জা
সম্পূৰ্ণ নাম
চুলতান আহমদ শ্বাহ কাজাৰ
মাতৃ মালেকেহ জাহান
পিতৃ মহম্মদ আলী শ্বাহ কাজাৰ
স্বাক্ষৰ
ধৰ্ম ছিয়া ইছলাম


আহমদ শ্বাহ কাজাৰ (ইংৰাজী: Ahmad Shah Qajar)(পাৰ্চী: احمد شاه قاجار; ২১ জানুৱাৰী ১৮৯৮ – ২১ ফেব্ৰুৱাৰী ১৯৩০) ১৯০৯ চনৰ ১৬ জুলাইৰপৰা ১৯২৫ চনৰ ১৫ ডিচেম্বৰলৈকে ইৰাণৰ (পাৰস্যৰ) শ্বাহ আছিল আৰু কাজাৰ বংশৰ সপ্তম আৰু শেষ শাসক।[1]

১৮৯৮ চনৰ ২১ জানুৱাৰীত তাব্ৰিজত জন্মগ্ৰহণ কৰা আহমদ শ্বাহে ১৯০৯ চনৰ ১৬ জুলাইত সংসদে তেওঁৰ পিতৃ মহম্মদ আলী শ্বাহক পদচ্যুত কৰাৰ পাছত ১১ বছৰ বয়সত ৰাজপাটত বহে।[2] কম বয়সৰ বাবে ককাক আলী-ৰেজা খানে ৰিজেণ্ট হিচাপে ৰাজ্যৰ বাঘজৰী গ্ৰহণ কৰে। প্ৰাপ্তবয়স্ক হোৱাৰ পিছত ১৯১৪ চনৰ ২১ জুলাইত আহমদ শ্বাহক আনুষ্ঠানিকভাৱে মুকুট পিন্ধোৱা হয়।


শাসনকাল

[সম্পাদনা কৰক]
কেঁচুৱা অৱস্থাত আহমদ শ্বাহ (মাজত), ১৯০১ চনত হজ ছেইয়দ গোলামহোছেইন মজদ মোজাবী (ওপৰত) আৰু প্ৰহৰীৰ সৈতে।

১৯০৯ চনৰ ১৬ জুলাইত ১৯০৬ চনৰ সংবিধান পুনৰুদ্ধাৰ কৰিব বিচৰা বিদ্ৰোহীয়ে মহম্মদ আলী শ্বাহ কাজাৰক উৎখাত কৰে। ইয়াৰ পিছত বিদ্ৰোহীসকলে বিভিন্ন পটভূমিৰ ৫০০ প্ৰতিনিধিৰে এখন গ্ৰেণ্ড এছেম্বলী আহ্বান কৰে, য’ত মহম্মদ আলীৰ এঘাৰবছৰীয়া পুত্ৰ আহমদ শ্বাহক সূৰ্য্যৰ সিংহাসনত স্থাপন কৰা হয়।

গ্ৰেণ্ড এছেম্বলীয়ে বহু সংস্কাৰ প্ৰৱৰ্তন কৰে। তেওঁলোকে শ্ৰেণীভিত্তিক প্ৰতিনিধিত্ব বিলুপ্ত কৰি সংখ্যালঘুৰ বাবে বিধানসভাত পাঁচখন নতুন আসন সৃষ্টি কৰিলে: আৰ্মেনিয়ানসকলৰ বাবে দুখন আৰু ইহুদী, জৰথ্ৰুস্তি আৰু অচূৰৰ বাবে এখনকৈ। বিধানসভাই নিৰ্বাচনী ব্যৱস্থাক গণতান্ত্ৰিক কৰি তুলিলে, তেহৰাণৰ নিৰ্বাচনী আধিপত্য হ্ৰাস কৰিলে, আনকি ভোটদানৰ বয়স পঁচিছৰপৰা বিশলৈ হ্ৰাস কৰিলে।

আহমদ শ্বাহ কাজাৰ, ১৯০৫

আহমেদৰ ৰাজপাটত বহাৰ আগৰ প্ৰাথমিক জীৱনৰ বিষয়ে বিশেষ একো জনা নাযায়। কম বয়সৰ বাবে ককাক আলী ৰেজা খান আজুদ আল-মল্কে ৰিজেণ্ট হিচাপে কাম কৰিছিল।

বয়স হোৱাৰ পিছত ১৯১৪ চনৰ ২১ জুলাইত আহমদ শ্বাহে আনুষ্ঠানিকভাৱে সিংহাসনত আৰোহণ কৰে।[3]পিতৃয়ে কৰা ক্ষতিৰ মেৰামতিৰ বাবে তেওঁ শ্ৰেষ্ঠ মন্ত্ৰী নিযুক্তি দিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ আছিল এজন অকাৰ্যকৰী শাসক যিয়ে অভ্যন্তৰীণ অশান্তি আৰু বিদেশী হস্তক্ষেপৰ সন্মুখীন হৈছিল, বিশেষকৈ ব্ৰিটিছ সাম্ৰাজ্য আৰু ৰাছিয়া সাম্ৰাজ্যৰপৰা। প্ৰথম বিশ্বযুদ্ধৰ সময়ত ৰাছিয়া আৰু ব্ৰিটিছ সৈন্যই ইৰাণত অট্টোমান বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।

আহমদ শ্বাহ কাজাৰ (কনিষ্ঠ, তলৰ বাঁওফালে) জেনেৰেল লিয়াখভ (শ্বাহৰ সোঁফালে) আৰু আলেকজেণ্ডাৰ খান চেটখানিয়ান (লিয়াখভৰ সোঁফালে)ৰ সৈতে, ১৯১১।

১৯১০ চনৰ নৱেম্বৰ মাহত দ্বিতীয় মজলিছ আহ্বান কৰা হয় আৰু প্ৰথম মজলিছৰ দৰেই কোনো উল্লেখযোগ্য সফলতা লাভ কৰাত ব্যৰ্থ হয়। কেন্দ্ৰীয় চৰকাৰ দুৰ্বল হোৱাৰ বাবেই মজলিছ অকাৰ্যকৰী আছিল আৰু তেওঁলোকে প্ৰস্তাৱ কৰা পৰিৱৰ্তনসমূহ নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত প্ৰভাৱ নাছিল।

১৯১৭ চনত ব্ৰিটেইনে ইৰাণৰাছিয়া আক্ৰমণৰ ভিত্তি হিচাপে ব্যৱহাৰ কৰি ১৯১৭ চনৰ ৰাছিয়ান বিপ্লৱ ৰোধ কৰাৰ বিফল প্ৰচেষ্টা চলায়। তেহৰাণৰ দিশে আগবাঢ়ি গৈ ছোভিয়েটসকলে ইৰাণ চৰকাৰৰপৰা ক্ৰমান্বয়ে অপমানজনক ৰেহাই উলিয়াইছিল। মন্ত্ৰী আহমদ শ্বাহৰ ওপৰত প্ৰায়ে কোনো নিয়ন্ত্ৰণ নাছিল। নাস্তিক বিদেশী শক্তিৰ এনে আগ্ৰাসনৰ সন্মুখত চৰকাৰৰ দুৰ্বলতাই বহু পৰম্পৰাবাদী ইৰাণীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছিল। য’ত যুৱক ৰুহোল্লা খোমেইনীয়েও পিছত সাম্যবাদ আৰু ৰাজতন্ত্ৰ দুয়োটাকে ইৰাণৰ সাৰ্বভৌমত্ব আৰু ইছলামিক আইনৰ প্ৰতি বিশ্বাসঘাতকতা বুলি অভিহিত কৰিছিল।

নিৰ্বাসন আৰু মৃত্য

[সম্পাদনা কৰক]
আহমদ শ্বাহ কাজাৰৰ ওপৰত ডাকটিকট ১০ শ্বাহী।

১৯২১ চনৰ অভ্যুত্থানৰ ফলত আহমদ শ্বাহ ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰিল। ১৯২৩ চনত আহমদ শ্বাহে স্বাস্থ্যজনিত কাৰণত ইৰাণ এৰি ইউৰোপলৈ যায়। পিছলৈ মজলিছে কাজাৰ বংশক আনুষ্ঠানিকভাৱে বিলুপ্ত ঘোষণা কৰে, যাৰ ফলত ১৯২৩ চনত আহমদ শ্বাহৰ ইউৰোপ ভ্ৰমণক কাৰ্যকৰীভাৱে নিৰ্বাসনলৈ পৰিণত কৰা হয়।

১৯৩০ চনত পেৰিছআমেৰিকাৰ হাস্পতালত ইনফ্লুৱেঞ্জা (স্পেনিছ ফ্লু) ৰোগত আক্ৰান্ত হৈ আহমদ শ্বাহৰ মৃত্যু হয়; তেওঁৰ উইল অনুসৰি তেওঁক ইৰাকৰ কাৰাবালাত থকা তেওঁলোকৰ পৰিয়ালৰ কবৰস্থানত সমাধিস্থ কৰা হয়।[4] তেওঁৰ ভাতৃ তথা প্ৰাক্তন ক্ৰাউন প্ৰিন্স মহম্মদ হাছান মিৰ্জাই তেওঁৰ বংশধৰসকলৰ জৰিয়তে বংশৰ ধাৰাবাহিকতা নিশ্চিত কৰিছিল। সেই সময়ৰ ফৰাচী প্ৰকাশনসমূহে তেওঁৰ সম্পত্তিৰ মূল্য প্ৰায় ৭৫ মিলিয়ন ফ্ৰাংক বুলি উল্লেখ কৰিছিল।[5]


ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আহমদ শ্বাহ কাজাৰে পাঁচবাৰ বিবাহপাশত আবদ্ধ হয়।

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "Ahmad Shah Qajar". Encyclopaedia Iranica.
  2. Reinsch, Paul S. (1910). "Diplomatic Affairs and International Law, 1909" (en ভাষাত). American Political Science Review খণ্ড 4 (1): 27. doi:10.2307/1944408. ISSN 1537-5943. https://www.cambridge.org/core/journals/american-political-science-review/article/abs/diplomatic-affairs-and-international-law-19091/7F01C5A92B965FB1EE3BD2BCA3118DD4.
  3. "16-year-old Shah of Persia Sworn In", The New York Times, 22 July 1914.
  4. "Portraits and Pictures of Soltan Ahmad Shah Qajar (Kadjar)". qajarpages.org. http://www.qajarpages.org/soltanahmad.html আহৰণ কৰা হৈছে: 2014-01-21.
  5. Foundation, Encyclopaedia Iranica. "Welcome to Encyclopaedia Iranica" (en-US ভাষাত). iranicaonliৃne.org. https://iranicaonline.org/ আহৰণ কৰা হৈছে: 2022-07-14.

অধিক পঢ়ক

[সম্পাদনা কৰক]
  • Nosrati Ahmad, A Letter to Intellectuals: The Manipulation of the Persian Nation by Western Power and Russian Policy, Trafford Publishing, 2004.
  • Abrahamian Ervand, "Oriental Despotism:The Case of Qajar Iran" International Journal of Middle East Studies, Vol. 5, No. 1 (Jan. 1974).
  • Ammanat Abbas, "Russian Intrusion into the Guarded Domain": Reflections of a Qajar Statesman on European Expansion" Journal of the American Oriental Society, Vol. 113, No. 1 (Jan. – Mar. 1993), pp.  35–56.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]