সমললৈ যাওক

আহান পাণ্ডে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আহান পাণ্ডে
জন্ম আহান পাণ্ডে
২৩ ডিচেম্বৰ, ১৯৯৭ (২৮ বছৰ)[1]
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
শিক্ষানুষ্ঠান মুম্বাই বিশ্ববিদ্যালয়
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০২৫–বৰ্তমান
পিতৃ-মাতৃ চিকি পাণ্ডে (পিতৃ)
ডিয়েন পাণ্ডে (মাতৃ)
আত্মীয়-স্বজন পাণ্ডে পৰিয়াল

আহান পাণ্ডে (ইংৰাজী: Ahaan Panday; জন্ম ২৩ ডিচেম্বৰ ১৯৯৭)[2][3] এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ উদ্যোগত কাম কৰে।[4] তেওঁ চোহেইল খানৰ ফ্ৰিকি আলী[5] আৰু শুজাত সৌদাগৰৰ সংগীতধৰ্মী কথাছবি ৰক অন ২-ত সহকাৰী পৰিচালক হিচাপে নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰে, দুয়োখন ছবি ২০১৬ চনত মুক্তি পাইছিল।[6] পাণ্ডেই য়শ ৰাজ ফিল্মছৰ ৰোমাণ্টিক মিউজিকেল ড্ৰামা ছাইয়াৰা (২০২৫)ত অভিনয়েৰে অভিনয় জগতত প্ৰৱেশ কৰে,[7] যাৰ বাবে তেওঁ ব্যাপকভাৱে খ্যাতি লাভ কৰে।[8]

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

[সম্পাদনা কৰক]

১৯৯৭ চনৰ ২৩ ডিচেম্বৰ তাৰিখে[9] মহাৰাষ্ট্ৰমুম্বাইত চিকি পাণ্ডে আৰু ডিয়েন পাণ্ডেৰ ঘৰত আহানৰ জন্ম হৈছিল।[10] তেওঁৰ পিতৃ এগৰাকী ব্যৱসায়ী আৰু মাক এগৰাকী সুস্থতা বিশেষজ্ঞ।[11] তেওঁৰ ডাঙৰ ভগ্নী আলানা পাণ্ডে এগৰাকী ইউটিউবাৰ। তেওঁৰ ককা শৰদ পাণ্ডে ভাৰতীয় হৃদৰোগ বিশেষজ্ঞ আছিল। তেওঁৰ খুড়াক চাংকী পাণ্ডে এগৰাকী অভিনেতা, খুড়ী ভাৱনা পাণ্ডে এগৰাকী পোছাক ডিজাইনাৰ, আৰু তেওঁৰ কাজিন (খুড়াকৰ ছোৱালী) অনন্যা পাণ্ডে এগৰাকী অভিনেত্ৰী। তেওঁ ওবেৰয় আন্তৰ্জাতিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা সূক্ষ্ম কলা, চিনেমাটিক কলা আৰু চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰডাকচন বিষয়ত ডিগ্ৰী লাভ কৰে।[12]

কৰ্মজীৱন

[সম্পাদনা কৰক]

পাণ্ডেই ইয়াৰ পূৰ্বে চুটি ছবি নিৰ্মাণ কৰিছিল আৰু চলচ্চিত্ৰ উদ্যোগত পৰ্দাৰ আঁৰত কাম কৰিছিল। যাৰ ভিতৰত মৰ্দানী ২, ৰক অন ২, আৰু ফ্ৰিকি আলীৰ দৰে ছবিসমূহত নথিভুক্ত প্ৰকল্প আৰু সহকাৰী পৰিচালকৰ ভূমিকাও আছিল। ২০১৯ চনত তেওঁ য়শ ৰাজ ফিল্মছৰ সৈতে এটি বহু-চলচ্চিত্ৰ চুক্তি স্বাক্ষৰ কৰিছিল আৰু আদিত্য চোপ্ৰাৰ নিৰ্দেশনাত অভিনয়ৰ ব্যাপক প্ৰস্তুতি চলাইছিল।

পাণ্ডেই মোহিত সূৰী পৰিচালিত মিউজিকেল ৰোমাঞ্চ ছাইয়াৰাত অভিনয়েৰে চলচ্চিত্ৰ জগতত অভিষেক ঘটায় ছবিখনত তেওঁ এগৰাকী উদীয়মান সঙ্গীতশিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিল; যি বাণী বাত্ৰা (অভিনেত্ৰী অনীত পাড্ডা অভিনীত চৰিত্ৰ) নামৰ এগৰাকী সৰলমনা গীতিকাৰৰ প্ৰেমত পৰে। য়শ ৰাজ ফিল্মছৰ দ্বাৰা প্ৰযোজিত, এই ছবিখনে ২০২৫ চনৰ ১৮ জুলাই তাৰিখে চিত্ৰগৃহত মুক্তি লাভ কৰিছিল আৰু সমালোচকৰ ইতিবাচক সমালোচনা লাভ কৰিছিল। ছবিখনে এক বৃহৎ ব্যৱসায়িক সফলতা লাভ কৰিছিল, বিশ্বজুৰি ২৭৮ কোটি টকা উপাৰ্জনেৰে ছবিখনে ২০২৫ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী চলচ্চিত্ৰ আৰু ২০২৫ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় চলচ্চিত্ৰ হিচাপে অভিলেখ গঢ়ে।[13]

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]
টোকা
Films that have not yet been released

এতিয়াও মুক্তি লাভ কৰা নাই

বৰ্ষ শিৰোনাম চৰিত্ৰ টোকা তথ্যসূত্ৰ
২০১৬ ৰক অন ২  – সহকাৰী পৰিচালক
ফ্ৰিকি আলী
২০১৯ মৰ্দানী ২
২০২৫ ছাইয়াৰা কৃষ কাপুৰ অভিনয়ত আত্মপ্ৰকাশ [14]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Ananya Panday shares old pic on cousin Ahaan's birthday: Nothing's gonna change my love for you". IndiaToday. 23 December 2019. https://www.indiatoday.in/amp/movies/celebrities/story/ananya-panday-shares-old-pic-on-cousin-ahaan-s-birthday-nothing-s-gonna-change-my-love-for-you-1630813-2019-12-23। আহৰণ কৰা হৈছে: 23 December 2019. 
  2. "Ananya Panday Sends Birthday Love To Cousin Ahaan With An Adorable Childhood Video". News18. https://www.news18.com/amp/news/movies/ananya-panday-sends-birthday-love-to-cousin-ahaan-with-an-adorable-childhood-video-check-here-6682129.html। আহৰণ কৰা হৈছে: 23 December 2022. 
  3. "Ahaan Panday's Birthday Party: Star Kids Rock The Night". News18. https://www.news18.com/amp/photogallery/movies/ahaan-pandays-birthday-party-starry-affair-1614647.html। আহৰণ কৰা হৈছে: 2017-12-26. 
  4. "Ahaan Panday: Everything you need to know about the 'Saiyaara' debut star" (en ভাষাত). Khaleej Times. 24 July 2025. https://www.khaleejtimes.com/entertainment/saiyaara-star-ahaan-panday। আহৰণ কৰা হৈছে: 26 July 2025. 
  5. "'Saiyaara' is not Ahaan Panday's acting debut; here's where we have seen him before". Telegraph India. 22 July 2025. https://www.telegraphindia.com/entertainment/saiyaara-is-not-ahaan-pandays-first-stint-as-an-actor-heres-where-we-have-seen-him-before/cid/2114536। আহৰণ কৰা হৈছে: 26 July 2025. 
  6. "Ahaan Panday Recalls Assisting Shraddha Kapoor On Rock On 2 As She Praises Saiyaara: 'You Made Me Feel Seen When Very Few Did'" (en ভাষাত). Free Press Journal. 22 July 2025. https://www.freepressjournal.in/entertainment/ahaan-panday-recalls-assisting-shraddha-kapoor-on-rock-on-2-as-she-praises-saiyaara-you-made-me-feel-seen-when-very-few-did। আহৰণ কৰা হৈছে: 26 July 2025. 
  7. "'Saiyaara' Breaks Indian Box Office Records With Strong Debut Opening" (en ভাষাত). Variety. 19 July 2025. https://variety.com/2025/film/news/saiyaara-indian-box-office-records-strong-debut-opening-1236465133/। আহৰণ কৰা হৈছে: 26 July 2025. 
  8. "Saiyaara Actors Aneet Padda, Ahaan Panday Become Sensations; Instagram Followers Grow Exponentially Overnight". TimesNowNews. https://www.timesnownews.com/entertainment-news/bollywood/saiyaara-actors-aneet-padda-ahaan-panday-become-sensations-instagram-followers-grow-exponentially-overnight-article-152315127/amp। আহৰণ কৰা হৈছে: 2025-07-21. 
  9. "Ahaan Panday was 'as small as a rat' as he was born 42 days early, was transported to hospital in a thermocol box: 'He had a hairline fracture on his leg'". Indianexpress. https://www.indianexpress.com/article/entertainment/bollywood/ahaan-panday-small-as-a-rat-born-42-days-early-transported-to-hospital-in-a-thermocol-box-had-a-hairline-fracture-10146234/lite/। আহৰণ কৰা হৈছে: 2025-07-24. 
  10. "Meet Ahaan Panday's mother, Deanne Panday: Former model, Wellness Coach and Author who started her fitness journey at 11, to glowing in her 50s". TimesOfIndia. https://www.timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/meet-ahaan-pandays-mother-deanne-panday-former-model-wellness-coach-and-author-who-started-her-fitness-journey-at-11-to-glowing-in-her-50s/amp_articleshow/122807839.cms। আহৰণ কৰা হৈছে: 2025-07-23. 
  11. "Who is Ahaan Panday's father? Chikki Panday once bailed out Shah Rukh Khan". Mid-day. https://www.mid-day.com/amp/entertainment/bollywood-news/article/who-is-ahaan-panday-father-chikki-panday-once-bailed-out-shah-rukh-khan-23586130। আহৰণ কৰা হৈছে: 2025-07-23. 
  12. "Ahaan Panday Educational Qualification: Saiyaara Actor Studied Filmmaking At Mumbai University". News18. https://www.news18.com/amp/education-career/ahaan-panday-educational-qualification-saiyaara-actor-studied-filmmaking-at-mumbai-university-9455158.html। আহৰণ কৰা হৈছে: 2025-07-22. 
  13. "Saiyaara Box Office: Mohit Suri directorial crosses Rs. 200 cr milestone; races ahead to Rs. 225.73 cr worldwide : Bollywood News". Bollywood Hungama. 2025-07-24. https://www.bollywoodhungama.com/news/box-office-special-features/saiyaara-box-office-mohit-suri-directorial-crosses-rs-200-cr-milestone-races-ahead-rs-225-73-cr-worldwide/। আহৰণ কৰা হৈছে: 2025-07-24. 
  14. "EXCLUSIVE: Yash Raj Films to release the teaser of Mohit Suri's Ahaan Panday-Aneet Padda starrer Saiyaara on Friday, May 30". Bollywood Hungama. 2025-05-29. https://www.bollywoodhungama.com/news/bollywood/exclusive-yash-raj-films-release-teaser-mohit-suris-ahaan-panday-aneet-padda-starrer-saiyaara-friday-may-30/। আহৰণ কৰা হৈছে: 2025-05-29. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]