আহোম যুগৰ ব্যৱহাৰিক সাহিত্য
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
আহোম যুগৰ কাব্য-সাহিত্যৰ ৰীতি শঙ্কৰদেৱৰ বৈষ্ণৱ সাহিত্যই নিয়ন্ত্ৰণ কৰিছিল। পোনপটীয়া পৃষ্ঠপোষকতা নাপালেও ৰজাঘৰীয়া দেৱোত্তৰ - ব্ৰহ্মোত্তৰ পাই গজগজীয়া হোৱা সত্ৰসমূহতহে অধিক ধৰ্মীয় সাহিত্যৰ সৃষ্টি হৈছিল। এই পুথিবোৰত আদ্যোপান্ত ধৰ্মীয় আদৰ্শ বিয়পি আছে। বুৰঞ্জী সাহিত্যৰ ৰীতি অনুগামী এক শ্ৰেণী 'কথাচৰিত' ৰচিত হ'লেও এই পুথিবোৰত কেতবোৰ অৱাস্তৱতা আৰু অতিৰঞ্জন বিদ্যমান, কিন্তু আহোম ৰজাঘৰৰ সংস্পৰ্শত এবিধ ব্যাৱহাৰিক জীৱনৰ প্ৰয়োজনীয় সাহিত্যও সৃষ্টি হৈছিল। 'হস্তীবিদ্যাৰ্ণৱ', 'ঘোঁৰানিদান', 'শেন-পুথি' আদি জনাজাত পুথিৰ উপৰি মানুহৰ ৰোগ-ব্যাধি চিকিৎসাৰ বাবে নানান ঔষধৰ পুথি, নিদান আদি ৰচনা কৰোৱা হৈছিল। 'ৰসেদ্ৰ'ৰ ঘৰৰ মানুহে ৰসায়ন বিষয়ক চৰ্চা কৰাৰ উপৰি ৰসায়ন সৰ্ম্পকে বিৰাট পুথিও ৰচনা কৰিছিল। ব্যাৱহাৰিক সাহিত্যৰ ভিতৰত 'হস্তীবিদ্যাৰ্ণৱ' এখন অতুলনীয় পুথি। 'নীতি-লতাঙ্কুৰ', 'হিতোপদেশ', 'ভাস্বতী', 'গণিত' আদিও ৰচিত হৈছিল। 'চাণক্য-শ্লোক'ৰো বহুল ব্যৱহাৰ আছিল। আনকি ঘৰ-দুৱাৰ নিৰ্মাণত প্ৰয়োজন হোৱা শিল, ইটা, খেৰ, বাঁহ, কামী বেত আদিৰ হিচাপো লিখি থৈছিল।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ অসমৰ সংস্কৃতি, লেখক - ড° লীলা গগৈ, প্ৰকাশক - বনলতা, ডিব্ৰুগড় ২০১৯, পৃষ্ঠা ৬৩