সমললৈ যাওক

আহৱেনেপা নাকাছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আহৱেনেপা নাকাছা বস্ত্ৰ
ৰাষ্ট্ৰপতি নানা আকুফো-আডো আৰু মন্ত্ৰী কৱাবিনা ফ্ৰিম্পং বোটেন
ৰাষ্ট্ৰপতি নানা আকুফো-আডো আৰু মন্ত্ৰী কৱাবিনা ফ্ৰিম্পং বোটেন (ক্ৰপ কৰা)
Ghanaian Akan নাম 'আহৱেনেপা নাকাছা' দিয়া এইখন এই কাপোৰৰ ডিজাইনৰ এখন অন্ত্যেষ্টিক্ৰিয়াৰ বস্ত্ৰ।

আহৱেনেপা নাকাছা (Ahwenepa nkasa) হৈছে ঘানা, টোগো, বেনিন আৰু আইভৰি ক'ষ্টত পোৱা এবিধ বস্ত্ৰৰ ঘানাৰ নাম। এই কাপোৰবিধ VLISCO-ৰ অধীনত ঘানা টেক্সটাইল কোম্পানী (GTP) আৰু আকোচোম্বো ইণ্ডাষ্ট্ৰিয়েল কোম্পানী লিমিটেডৰ (পূৰ্বৰ আকোচোম্বো টেক্সটাইল লিমিটেড বা ATL) দ্বাৰা উৎপাদিত হয়। এই বস্ত্ৰৰ ডিজাইনটো পশ্চিম আফ্ৰিকাৰ এক ক্লাছিক ডিজাইন হিচাপে গণ্য কৰা হয়।

ঘানাৰ এই নামটো দুটা আকাল ভাষাৰ শব্দ আহৱেনেপা আৰু নাকাছাৰে গঠিত। যাৰ অসমীয়া ভাঙনি হ’ল— ভাল কঁকালৰ মণি বা পোৱালে শব্দ নকৰে। ইয়াক "খালি কলহৰ শব্দ বেছি" শীৰ্ষক প্ৰবচনটোৰ সৈতে তুলনা কৰিব পাৰি।[1] এই প্ৰবচনটোৱে বুজাব খোজে যে এজন সৎ মানুহে কেতিয়াও নিজৰ সৎ কৰ্মৰ বিষয়ে জহাই নুফুৰে।

এই বস্ত্ৰৰ ডিজাইনৰ উপাদানসমূহৰ ভিতৰত আছে ৰঙীন ফুলৰ আৰ্হি আৰু বিভিন্ন ৰেখা— যেনে বক্ৰ, তিৰ্যক আৰু সৰ্পিল ৰেখা। ঘানাত এই আৰ্হিটোৰ বিভিন্ন ৰং বিভিন্ন অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। নীলা ৰঙৰ মূল ডিজাইনটো মহিলাসকলে সন্তান জন্মৰ পিছত ব্যৱহাৰ কৰে, ক'লা ৰঙৰ কাপোৰখন অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ব্যৱহাৰ কৰা হয় আৰু অধিক ৰঙীন কাপোৰবোৰ অন্যান্য অনুষ্ঠান আৰু দৈনন্দিন জীৱনত পৰিধান কৰা হয়।[1]

অন্যান্য নাম

[সম্পাদনা কৰক]

আফ্ৰিকাৰ অন্যান্য দেশত এই বস্ত্ৰবিধ অন্য নামেৰে জনাজাত। টোগো আৰু বেনিনত ইয়াক মাকাইভা বুলি কোৱা হয়, যাৰ অৰ্থ হ’ল গছৰ পাত।[2] আইভৰি ক'ষ্টত ইয়াক ফেউলি-ফেউলি (Feuille-feuille) বুলি জনা যায়, যাৰ অৰ্থও হৈছে গছৰ পাত।[2]

উল্লেখযোগ্য ব্যৱহাৰ

[সম্পাদনা কৰক]

এই বস্ত্ৰৰ ডিজাইনটো ঘানাৰ ৰাষ্ট্ৰপতি নানা আকুফো-আডোৰ দৰে বিশিষ্ট ব্যক্তিসকলে ব্যৱহাৰ কৰে। কেপ কোষ্ট বিশ্ববিদ্যালয়ে (UCC) তেওঁক সন্মানীয় ডিগ্ৰী প্ৰদান কৰা সময়ত দিয়া ভাষণত আৰু ঘানাত এটা সাৰ কাৰখানা উদ্বোধন কৰাৰ সময়ত তেওঁ এই ডিজাইনৰ কাপোৰ পৰিধান কৰিছিল।[3][4] আফ্ৰিকান ইনোভেশ্যন ফাউণ্ডেশ্যনৰ (AIF) দ্বাৰা আয়োজিত সপ্তম ইনোভেশ্যন প্ৰাইজ ফৰ আফ্ৰিকা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তো তেওঁ এই ডিজাইনৰ কাপোৰ পিন্ধিছিল।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Leaf trail | Vlisco African / Ankara fabric names" (en-US ভাষাত). Vlisco. Archived from the original on 2023-03-25. https://web.archive.org/web/20230325132114/https://www.vlisco.com/fabric_story/leaf-trail/ আহৰণ কৰা হৈছে: 2023-02-25.
  2. 1 2 "Story 'Leaf Trail ' about 14/0564" (en ভাষাত). Vlisco Stories. Archived from the original on 2023-03-24. https://web.archive.org/web/20230324101207/https://stories.vlisco.com/en/fabrics/140564/?story=leaf-trail আহৰণ কৰা হৈছে: 2023-02-25.
  3. Azongo, Albert (2021-05-30). "Free SHS has improved quality of education in Ghana – Akufo-Addo » DreamzFMOnline" (en-US ভাষাত). DreamzFMOnline. https://www.dreamzfmonline.com/news/free-shs-has-improved-quality-of-education-in-ghana-akufo-addo/index.html আহৰণ কৰা হৈছে: 2023-02-25.
  4. "President Nana Addo Dankwa Akufo Addo has commissioned a fertilizer factory, Omnifert in Tema Dowhenya" (en-US ভাষাত). Oman 107.1 FM. 2019-09-06. https://omanfm1071.com/president-nana-addo-dankwa-akufo-addo-has-commissioned-a-fertilizer-factory-omnifert-in-tema-dowhenya/ আহৰণ কৰা হৈছে: 2023-02-25.
  5. Br, Sustainable; read, s Published 5 years ago About a 4 minute (2017-10-10). "7th Innovation Prize for Africa Seeks Solutions for Africa's Biggest Challenges" (en ভাষাত). Sustainable Brands. https://sustainablebrands.com/read/product-service-design-innovation/7th-innovation-prize-for-africa-seeks-solutions-for-africa-s-biggest-challenges আহৰণ কৰা হৈছে: 2023-02-25.