সমললৈ যাওক

আহ টয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আহ টয়
জন্ম ১৮ মে', ১৮২৯
কেণ্টন, গুয়াংডং, চিং চীন
মৃত্যু ০১ ফেব্ৰুৱাৰী, ১৯২৮ (৯৮ বছৰ)
ছান জোছ, কেলিফৰ্ণিয়া
অন্য নাম আটয়, এটয়, অচৈ, অচয়
পেচা যৌনকৰ্মী, ম্যাডাম

আহ টয় (ইংৰাজী: Ah Toy; ১৮ মে’ ১৮২৯ – ১ ফেব্ৰুৱাৰী ১৯২৮)[1] কেলিফৰ্ণিয়া গোল্ড ৰাছৰ সময়ত কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত এগৰাকী চীনা আমেৰিকান[2] যৌনকৰ্মী আৰু ম্যাডাম আছিল। তেওঁ ছান ফ্ৰান্সিস্কোৰ প্ৰথমগৰাকী চীনা যৌনকৰ্মী আছিল।[3] ১৮৪৮ চনত ব্ৰিটিছ হংকঙৰপৰা আহি তেওঁ আমেৰিকাৰ সীমান্তত সৰ্বাধিক পৰিচিত এছিয়ান মহিলা হৈ পৰিছিল।[4]

যেতিয়া আহ টয়ে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱাৰ বাবে চীন ত্যাগ কৰিছিল, তেতিয়া তেওঁ নিজৰ স্বামীৰ সৈতে যাত্ৰা কৰিছিল। যাত্ৰাৰ মাজতে তেওঁৰ স্বামীৰ মৃত্যু হয়। পৰৱৰ্তী সময়ত তেওঁ জাহাজৰ কেপ্তেইনৰ ৰক্ষিতা হৈ পৰে। কেপ্তেইনজনে তেওঁক ইমান বেছি সোণ উপহাৰ দিছিল যে ছান ফ্ৰান্সিস্কোত উপস্থিত হোৱালৈকে আহ টয়ৰ হাতত যথেষ্ট পৰিমাণৰ ধন জমা হৈছিল। ১৮৫১ চনৰ আগতে চহৰখনত মাত্ৰ সাতগৰাকী চীনা মহিলা থকাৰ কথা জনা গৈছিল। নতুন চহৰখনত পুৰুষসকলে তেওঁৰ প্ৰতি দেখুওৱা আকৰ্ষণ লক্ষ্য কৰি আহ টয়ে উপলব্ধি কৰিছিল যে এক নিৰ্জন পৰিৱেশত তেওঁক চাবলৈ পুৰুষসকলে মূল্য পৰিশোধ কৰিবলৈ সাজু হ’ব। তেওঁৰ পিপ শ্ব’বোৰ সফল হৈ পৰিছিল আৰু এবাৰ "চোৱাৰ" বাবদ তেওঁ এক আউন্স সোণ (ষোল্ল ডলাৰ) মাচুল লৈছিল।[5] এনেদৰে তেওঁ ছান ফ্ৰান্সিস্কোৰ সৰ্বাধিক উপাৰ্জনকাৰী আৰু সৰ্বাধিক পৰিচিত চীনা যৌনকৰ্মীসকলৰ ভিতৰত এজনী হৈ পৰিছিল। বেশ্যালয় পৰিদৰ্শক জেমছ এ. ক্লাৰ্কৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বাবে ছান ফ্ৰান্সিস্কোৰ 'কমিটি অফ ভিজিলেন্স'ৰ তদন্তৰ সময়ত আহ টয়ৰ বেশ্যালয়টো বন্ধ হোৱাৰপৰা বাচি গৈছিল।[6]

আহ টয়ক এগৰাকী দৃঢ়মনা আৰু বুদ্ধিমান মহিলা হিচাপে বৰ্ণনা কৰা হৈছিল। শোষণৰপৰা নিজক আৰু নিজৰ ব্যাৱসায়িক সুৰক্ষা দিবলৈ তেওঁ সঘনাই ছান ফ্ৰান্সিস্কোৰ ৰেকৰ্ডাৰ্ছ ক’ৰ্টৰ আশ্ৰয় লৈছিল।[7][8] ১৮৫২ আৰু ১৮৫৩ চনত তেওঁ চীনৰপৰা ছোৱালী আনি বেশ্যালয়ৰ এটা শৃংখলা খুলিছিল। আহ টয়ে কেইবাজনো চীনা নেতাৰপৰাও হেঁচাৰ সন্মুখীন হৈছিল, বিশেষকৈ ইউৱেন শ্বং (যাৰ আন এটা নাম আছিল নৰমান আছ-চিং)। চহৰখনৰ বেশ্যালয় উদ্যোগত এগৰাকী মহিলাই নেতৃত্ব দিয়াটো তেওঁলোকে পছন্দ কৰা নাছিল।[9]

অৱশ্যে ১৮৫৪ চনলৈ আহ টয়ে আদালতত অভিযোগ দাখিল কৰাৰ অধিকাৰ হেৰুৱাই পেলায়। পিপল বনাম হল গোচৰত কেলিফৰ্ণিয়া উচ্চতম ন্যায়ালয়ে এজন চীনা ব্যক্তিক হত্যা কৰা জৰ্জ হলৰ শাস্তি বাতিল কৰে। ন্যায়ালয়ে কেলিফৰ্ণিয়াৰ এটা পুৰণি আইন সম্প্ৰসাৰিত কৰে য’ত উল্লেখ আছিল যে আফ্ৰিকান আমেৰিকান আৰু খিলঞ্জীয়া আমেৰিকানসকলে আদালতত সাক্ষ্য দিব নোৱাৰে; এই নতুন ৰায়দানৰ ফলত চীনাসকলো ইয়াৰ অন্তৰ্ভুক্ত হয়।[10] যদিও এই আইনখন পোনপটীয়াকৈ যৌনকৰ্মীসকলৰ বাবে নাছিল, তথাপি ইয়াৰ ফলত আহ টয়ে তেওঁৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰিব বিচৰা শক্তিশালী চীনা সংস্থা বা টংবোৰৰ (tongs) বিৰুদ্ধে সুৰক্ষা বিচাৰি আদালতলৈ যোৱাৰ ক্ষমতা হেৰুৱাই পেলায়। ১৮৫৪ চনৰ বেশ্যাবৃত্তি বিৰোধী আইনৰ হেঁচা আৰু ব্যাৱসায়িক সমস্যাৰ বাবে ১৮৫৭ চনত আহ টয়ে ছান ফ্ৰান্সিস্কোৰ যৌন ব্যৱসায়ৰপৰা আঁতৰি অহাৰ কথা সাংবাদিকৰ আগত ঘোষণা কৰে।[6]

১৮৫৭ চনত তেওঁ এগৰাকী চহকী মহিলা হিচাপে চীনলৈ উভতি যায় আৰু অৱশিষ্ট জীৱন আৰামৰে কটোৱাৰ পৰিকল্পনা কৰে।[11][12] কিন্তু ১৮৫৯ চনত তেওঁ পুনৰ কেলিফৰ্ণিয়ালৈ উভতি আহে। ১৮৬৮ চনৰপৰা ১৯২৮ চনত মৃত্যু হোৱালৈকে তেওঁ কেলিফৰ্ণিয়াৰ ছাণ্টা ক্লাৰা কাউণ্টিত এক শান্ত জীৱন অতিবাহিত কৰিছিল। এই সময়ছোৱাত তেওঁ কেইবাজনো সঙ্গীৰ সৈতে বাস কৰিছিল, যাৰ বেছিভাগৰ লগতেই তেওঁ আইনগতভাৱে বিবাহপাশত আবদ্ধ হ’ব পৰা নাছিল। কিয়নো কেলিফৰ্ণিয়াৰ বৰ্ণবিদ্বেষী বিবাহ বিৰোধী আইনে পূব এছীয় মূলৰ লোকক বগা ছালৰ লোকৰ সৈতে বিবাহত বাধা দিছিল। ১৯২৮ চনৰ ১ ফেব্ৰুৱাৰীত ৯৮ বছৰ বয়সত ছান জোছত আহ টয়ৰ মৃত্যু হোৱাৰ পিছত তেওঁ পুনৰ জনসাধাৰণৰ চৰ্চালৈ আহে।[13] নিজৰ ৯৯তম জন্মদিনৰ প্ৰায় তিনি মাহ আগতে তেওঁৰ মৃত্যু হৈছিল।[14][15]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

চিনেমাক্সৰ ধাৰাবাহিক ৱাৰিয়ৰত অলিভিয়া চেঙে আহ টয়ৰ এটা কাল্পনিক ৰূপত অভিনয় কৰিছে। ১৯ শতিকাৰ শেষৰফালে ছান ফ্ৰান্সিস্কোৰ 'টং যুদ্ধ' (Tong Wars)ৰ পটভূমিত নিৰ্মিত এই ধাৰাবাহিকখন ১৮৭০ চনৰ শেষৰফালৰ কাহিনীৰে আৰম্ভ হৈছে।[16]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Lee, Lily Xiao Hong; Lau, Clara; Stefanowska, A. D. (2015-07-17) (en ভাষাত). Biographical Dictionary of Chinese Women: v. 1: The Qing Period, 1644-1911. Routledge. ISBN 978-1-317-47588-0. https://books.google.com/books?id=y_4vCgAAQBAJ.
  2. Stephens, Autumn (1992). Wild Women: Crusaders, Curmudgeons, and Completely Corsetless Ladies in the Otherwise Virtuous Victorian Era. Conari. পৃষ্ঠা. 164. ISBN 978-0-943233-36-9. https://archive.org/details/wildwomencrusade00step/page/164.
  3. Asbury, Herbert (2002). The Barbary Coast: An Informal History of the San Francisco Underworld. Thunder's Mouth Press. পৃষ্ঠা. 172. ISBN 978-1-56025-408-9.
  4. Okihiro, Gary Y. (2001). Common Ground: Reimagining American History. Princeton University Press. পৃষ্ঠা. 99. ISBN 978-0-691-07007-0.
  5. Curt Gentry, The Madams of San Francisco: A Highly Irreverent History. (New York: Signet, 1964.) 1-109.
  6. 1 2 Sinn, Elizabeth. “Bound for California: The Emigration of Chinese Women.” In Pacific Crossing: California Gold, Chinese Migration, and the Making of Hong Kong, 219–64. Hong Kong University Press, 2013. http://www.jstor.org/stable/j.ctt2854ct.13.
  7. Gentry, Curt (February 1977). The Madams of San Francisco. Comstock Editions, Incorporated. পৃষ্ঠা. 59. ISBN 9780891740155.
  8. Jacqueline Baker Barnhart, The Fair but Frail, p. 47
  9. Taniguchi, Nancy J. “Weaving a Different World: Women and the California Gold Rush.” California History 79, no. 2 (2000): 141–68. doi:10.2307/25463691.
  10. SCOCAL, People v. Hall, 62 Cal.2d 104, last visited Tuesday May 7, 2013
  11. Lee, Lily Xiao Hong; Lau, Clara; Stefanowska, A. D. (2015-07-17) (en ভাষাত). Biographical Dictionary of Chinese Women: v. 1: The Qing Period, 1644-1911. Routledge. ISBN 978-1-317-47588-0. https://books.google.com/books?id=y_4vCgAAQBAJ.
  12. Pryor, Alton (2006). The Bawdy House Girls: A Look at the Brothels of the Old West. Stagecoach Publishing. পৃষ্ঠা. 36–38. ISBN 978-0-9747551-7-5. https://books.google.com/books?id=WTNA8KYYIgsC&pg=PA36.
  13. Gentry, Curt (1964) The Madams of San Francisco; p. 65
  14. Yung, Judy (1995). Unbound Feet: A Social History of Chinese Women in San Francisco. University of California Press. পৃষ্ঠা. 34. ISBN 978-0-520-08867-2. https://archive.org/details/unboundfeetsocia00yung/page/34.
  15. Smith, James R. (2005). San Francisco's Lost Landmarks. Quill Driver Books. পৃষ্ঠা. 76. ISBN 978-1-884995-44-6. https://books.google.com/books?id=Wvsudy6RdGAC&pg=PA76.
  16. Ong, Giannina (2023-07-13). "On Playing Ah Toy: Olivia Cheng Talks "Warrior"" (en-US ভাষাত). Mochi Magazine. https://www.mochimag.com/entertainment/olivia-cheng-ah-toy-warrior-s3/ আহৰণ কৰা হৈছে: 2024-11-25.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]