আৰবাজো
| তাঁৰযুক্ত | |
|---|---|
| শ্ৰেণী | তাঁৰযুক্ত |
| বিকাশ | গন্ধৰ্ব জাতিৰ সংগীত পৰিবেশক সকলৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ৷ |
| পৰিবেশনৰ সীমা | |
![]() | |
আৰবাজো (নেপালী: आरबाजो) চাৰিডাল তাঁৰযুক্ত এবিধ নেপালী লোক-সংগীতত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ৷ এই বাদ্য বিধক তালবদ্ধ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়।[1][2] আৰবাজো হৈছে গন্ধৰ্ব জাতিৰ সংগীত পৰিবেশক সকলৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ, আৰু ইয়াক নেপালী সাৰংগীৰ সংগী হিচাপে গণ্য কৰা হয়।[1][2] গন্ধৰ্বসকলে আৰবাজোক "পুৰুষ বাদ্যযন্ত্ৰ", সাৰংগীক "মহিলা বাদ্যযন্ত্ৰ" বুলি গণ্য কৰে।[1][2] বৰ্তমান আৰবাজোক পূৰ্বতকৈ কম ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ঠাইত সাৰংগী ব্যৱহাৰ কৰা হয়৷ ১৯৯৯ চনত পৰা সাধাৰণ ব্যৱহাৰত সাৰংগীয়ে আৰবাজোৰ ঠাই লোৱা বুলি ধৰা হয়।[3][4][5]
এই বাদ্যযন্ত্ৰটো ঐতিহাসিকভাৱে গন্ধৰ্ব পৰিবেশকসকলে উৎসৱ-পাৰ্বনত ব্যৱহাৰ কৰি আহিছে, যেনে "চৈতেতি" উৎসৱ।[1][2] যদিও গন্ধৰ্বৰ বাদ্যযন্ত্ৰৰ ভিতৰত আটাইতকৈ পুৰণি বাদ্যযন্ত্ৰ বুলি গণ্য কৰা হয় যদিও ইয়াৰ ব্যৱহাৰ কমি যোৱাৰ ফলত বাদ্যযন্ত্ৰবিধ বিলুপ্তিৰ দিশলৈ আগবাঢ়িছে।[1][2] যেতিয়া নতুন প্ৰজন্মৰ লোক-সংগীতৰ প্ৰতি আগ্ৰহ কমি আহে আৰু পৰৱৰ্তী প্ৰজন্মলৈ এই পৰম্পৰা আগবঢ়াই নিবলৈ অসমৰ্থ হয়, তেতিয়াই লোক-সংগীত তথা বাদ্যযন্ত্ৰৰ অস্তিত্বৰ প্ৰতি সংকট নামি আহে৷ পশ্চিম নেপালৰ লামজুং আৰু কাস্কি জিলাৰ বহুকেইজন গাইনে জাতিৰ সংগীতজ্ঞই এতিয়াও আৰবাজো বজায়।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 Kadel, Ram Prasad (2007). Musical Instruments of Nepal. প্ৰকাশক Katmandu, Nepal: Nepali Folk Instrument Museum. পৃষ্ঠা. 217, 271. ISBN 978-9994688302.
- ↑ 2.0 2.1 2.2 2.3 2.4 Kadel, Ram Prasad (2004). Folk Instruments of Nepal. প্ৰকাশক Katmandu: Nepali Folk Musical Instrument Museum. পৃষ্ঠা. 49. ISBN 978-9937911399.
- ↑ 3.0 3.1 James McConnachie; Rough Guides (Firm) (2000). World music: the rough guide. Rough Guides. পৃষ্ঠা. 198–. ISBN 978-1-85828-636-5. https://books.google.com/books?id=QzX8THIgRjUC&pg=PA198। আহৰণ কৰা হৈছে: 24 March 2012.
- ↑ Alison Arnold (2000). South Asia: the Indian subcontinent. Taylor & Francis. পৃষ্ঠা. 698–. ISBN 978-0-8240-4946-1. https://books.google.com/books?id=ZOlNv8MAXIEC&pg=PA698। আহৰণ কৰা হৈছে: 24 March 2012.. ... one of the most important of these rites is puja 'worship' performed to music of the sararigi and the arbajo, believed to be its predecessor.
- ↑ Carol Tingey (December 1994). Auspicious music in a changing society: the Dāmai musicians of Nepal. Heritage Publishers. ISBN 978-81-7026-193-3. https://books.google.com/books?id=wn0HAQAAMAAJ। আহৰণ কৰা হৈছে: 24 March 2012.. ...ancestry are not confined to the damai, but are prevalent in the folklore of other Indo-Nepalese occupational castes. ... always accompanied by the cow's hoof, which became the (now extinct) plucked lute arbajo (Helffer 1977:51)...
