সমললৈ যাওক

আৰাট্টু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰাট্টুপুঝা পুৰমৰ সময়ত আৰাট্টু
আৰাট্টুৰ সময়ত বিগ্ৰহ স্নান কৰোৱা দৃশ্য
চাংকুমুগম সাগৰীয় তীৰত থকা এক আৰাট্টু মণ্ডপম
কাচাৰগড়ৰ বীৰভদ্ৰ মন্দিৰৰ পুখুৰীত আৰাট্টু

আৰাট্টু (Ārāttu) হ’ল ভাৰতকেৰালাহিন্দু মন্দিৰৰ উৎসৱৰ সময়ত পালন কৰা এক বাৰ্ষিক ৰীতি, য’ত এজন পুৰোহিতে নদী বা মন্দিৰৰ পুখুৰীত ডুবাই দেৱতাৰ বিগ্ৰহ স্নান কৰায়। ই মূলতঃ মন্দিৰৰ উৎসৱৰ শেষত সম্পন্ন কৰা হয়। আৰাট্টু বছৰত দুবাৰকৈ উদযাপন কৰা হয়— বসন্ত উৎসৱ (মাৰ্চ-এপ্ৰিল) আৰু শৰৎ উৎসৱ (অক্টোবৰ-নৱেম্বৰ)। সাধাৰণতে এই উৎসৱ ১০ দিন ধৰি চলে।[1]

প্ৰধান উৎসৱসমূহ

[সম্পাদনা কৰক]

কেৰালাৰ অন্যতম গুৰুত্বপূৰ্ণ আৰাট্টু তিৰুৱনন্তপুৰমপদ্মনাভস্বামী মন্দিৰত ট্ৰাংকুৰ ৰাজপৰিয়ালৰ দ্বাৰা পৰিচালিত হয়, য’ত এই অনুষ্ঠানৰ বাবে চাংকুমুগম সাগৰীয় তীৰলৈ শোভাযাত্ৰা উলিওৱা হয়।[2][3] এই শোভাযাত্ৰাটো ৰানৱেৰ মাজেৰে চাংকুমুগম তীৰলৈ পাৰ হৈ যাবলৈ বছৰত দুবাৰকৈ তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্যসূচী বন্ধ ৰখা হয়।[4] অম্বলাপ্পুঝা শ্ৰীকৃষ্ণ স্বামী মন্দিৰত পতাকা উত্তোলনৰে এই উৎসৱ আৰম্ভ হয় আৰু দেৱতাক স্নান কৰোৱাৰ পিছত দেৱতালৈ অম্বলাপ্পুঝা পালপায়সম (এক প্ৰকাৰৰ মিঠা পায়স) অৰ্পণ কৰা হয়।[1] থ্ৰিপুনিথুৰাৰ শ্ৰীপূৰ্ণত্ৰয়ীস মন্দিৰৰ আঠদিনীয়া উৎসৱৰ সামৰণিও এক আৰাট্টুৰে ঘটে।[5]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

আই ভি শশীৰ দ্বাৰা পৰিচালিত ১৯৭৯ চনৰ এখন মালয়ালম চলচ্চিত্ৰৰ নাম আছিল আৰাট্টু, আৰু বি উন্নিকৃষ্ণনৰ দ্বাৰা পৰিচালিত ২০২১ চনৰ এখন চলচ্চিত্ৰতো একেটা শীৰ্ষক ব্যৱহাৰ কৰা হৈছে। অৱশ্যে উভয় চলচ্চিত্ৰই এই ধৰ্মীয় ৰীতিটোৰ সৈতে জড়িত নহয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]