সমললৈ যাওক

আৰাট্টুপুঝা পূৰম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰাট্টুপুঝা পূৰম
{{{holiday_name}}}
প্ৰকাৰ মন্দিৰ উৎসৱ
তাৰিখ মালয়ালম কেলেণ্ডাৰৰ মিনম মাহৰ মকম নক্ষত্ৰ (মাৰ্চ/এপ্ৰিল)
আচাৰ মন্দিৰ উৎসৱ, কুদামাতাম, আতচবাজী (ৱেদিকেত্তু)

আৰাট্টুপুঝা পূৰম প্ৰতি বছৰে সাত দিন ধৰি ত্ৰিচুৰৰ আৰাট্টুপুঝা মন্দিৰত অনুষ্ঠিত হয়, যি কেৰালাৰ আটাইতকৈ পুৰণি পূৰম (মন্দিৰৰ উৎসৱ)। ভক্তসকলৰ বিশ্বাস যে এই সমাৱেশত পূৰমৰ সময়ছোৱাত সকলো দেৱ-দেৱী একত্ৰিত হয়। উৎসৱৰ দিনকেইটাত ওচৰ-পাজৰৰ আৰু দূৰ-দূৰণিৰপৰা দৰ্শনাৰ্থীসকল আৰাট্টুপুঝা গাঁৱত উপস্থিত হয়হি। এই সাতদিনীয়া উৎসৱৰ শেষৰ দুটা দিন হৈছে মূল আকৰ্ষণ। উৎসৱৰ অন্তিম দিনটোৰ পূৰ্বৰ সন্ধিয়া হাতী সজাই তোলা হয় আৰু শাস্তাৱিন্তে মেলম নামৰ অনুষ্ঠানৰ অংশ হিচাপে বাদ্যযন্ত্ৰ পৰিৱেশন কৰা হয়। আৰাট্টুপুঝা শাস্তাৱুৰ পঞ্চাৰীমেলম হৈছে আন যিকোনো নৈশ পূৰমৰ তুলনাত বাদ্যযন্ত্ৰ শিল্পীসকলৰ আটাইতকেই ডাঙৰ সমাৱেশ। শাস্তাৱিন্তে মেলমত ২০০তকৈও অধিক শিল্পীয়ে কলা প্ৰদৰ্শন কৰে। আৰাট্টুপুঝা পূৰমৰ উপৰি এই দৃশ্য কেৱল ত্ৰিপুণীথুৰাৰ শ্ৰী পূৰ্ণত্ৰয়ীস মন্দিৰতহে দেখিবলৈ পোৱা যায়।

এই পূৰমক দেৱমেলা বুলিও জনা যায় (ইয়াক ‘সকলো পূৰমৰ মাতৃ’ বুলি কোৱা হয়, ইয়াৰ উৎসৱসমূহ কেৰালাত দেখা আটাইতকেই সুন্দৰ উৎসৱসমূহৰ অন্যতম, কিয়নো ই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বহুতো পৰম্পৰাক প্ৰতিনিধিত্ব কৰে।[1]) ওচৰ-চুবুৰীয়া মণ্ডপসমূহৰপৰা বহু দেৱ-দেৱীৰ আগমন ঘটাৰ বাবে ই দেৱতাৰ এক সন্মিলন স্বৰূপ। এসময়ত ত্ৰিচুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ ১০৮টা মন্দিৰৰ দেৱ-দেৱীয়ে এই পূৰমত অংশগ্ৰহণ কৰিছিল। কিন্তু বৰ্তমান কেৱল ২৩ গৰাকী দেৱ-দেৱীয়েহে এই পূৰমত অংশ লয়। ইয়াক ভাৰতীয় উপমহাদেশৰ আটাইতকেই পুৰণি মন্দিৰ উৎসৱ হিচাপে গণ্য কৰা হয়। আৰাট্টুপুঝা পূৰমত অংশগ্ৰহণ কৰা গুৰুত্বপূৰ্ণ দেৱ-দেৱীসকলৰ ভিতৰত উৰাকাথাম্মা থিৰুৱাদি, চেৰ্পু ভগৱতী আৰু ত্ৰিপ্ৰায়াৰ থেৱাৰ অন্যতম।[2][3][4][5]

আৰাট্টুপুঝা পূৰম উৎসৱৰ উদ্‌যাপন

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. https://www.keralatourism.org/event/arattupuzha-pooram/3
  2. http://www.arattupuzhasreesasthatemple.com/pages/home.html