সমললৈ যাওক

আৰাণী ৰেচম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰাণী ৰেচম
ভৌগোলিক স্বীকৃতি
বৰ্ণনা ৰেচম শাড়ী
প্ৰকাৰ হস্তশিল্প
অঞ্চল আৰাণী, তিৰুভান্নামালাই, তামিলনাডু
দেশ ভাৰত
পঞ্জীয়ন ০২.০৫.২০০৮
উপাদান ৰেচম
এখন আৰাণী তাঁত

আৰাণী ৰেচম শাড়ী ভাৰতৰ তামিলনাডু ৰাজ্যত অৱস্থিত আৰাণী চহৰত তৈয়াৰী পৰম্পৰাগত ৰেচমৰ শাড়ী।[1] যিহেতু এই শাড়ীবোৰ আৰাণীত উৎপাদিত হয়, সেয়েহে এই চহৰখনক প্ৰায়ে আৰাণীৰ ৰেচম চহৰ বা আৰাণী ৰেচম চহৰ বুলি কোৱা হয়।

শাড়ী হৈছে সাধাৰণতে চাৰিৰপৰা ন গজলৈকে চিলাই নকৰা দীঘল কাপোৰ।[2] "শাড়ী" শব্দটো সংস্কৃত শব্দ "সাড়ী"ৰপৰা উদ্ভৱ হৈছে আৰু খ্ৰীষ্টীয় ৫ম আৰু ষষ্ঠ শতিকাৰ তামিল সাহিত্যত শাড়ীৰ উল্লেখ পোৱা যায়।[3] আৰাণী ৰেচমৰ শাড়ীবোৰ সূক্ষ্ম জৰীৰ (সোণালী গুণা) কামৰ বাবে জনাজাত।[উদ্ধৃতিৰ প্ৰয়োজন]

আৰাণী ৰেচম শাড়ীয়ে ভৌগোলিক সূচক (GI) টেগ লাভ কৰিছে।[4] কাঞ্চিপুৰমৰ পিছত আৰাণী তামিলনাডুৰ ৰেচম শাড়ী উৎপাদনৰ অন্যতম বিখ্যাত কেন্দ্ৰ। তদুপৰি, এই চহৰখনেই এই জিলাৰ ভিতৰত সৰ্বাধিক ৰাজহৰ যোগান ধৰা চহৰ।[উদ্ধৃতিৰ প্ৰয়োজন]

২০১৮ চনত আৰাণী ৰেচম শাড়ীয়ে ৰেচম উৎপাদন আৰু বিপণনত উৎকৃষ্টতাৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ভৌগোলিক সূচক টেগে এই শাড়ীসমূহৰ অনন্য পৰিচয় আৰু মানদণ্ডক আৰু অধিক উজ্জ্বল কৰি তুলিছে।[উদ্ধৃতিৰ প্ৰয়োজন]

আৰাণী ৰেচমৰ ইতিহাস

[সম্পাদনা কৰক]

এই পৰম্পৰাগত উদ্যোগটো প্ৰধানকৈ আৰাণী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বিকশিত হৈছিল। ওচৰৰ বদ্মানদমংগলম আৰু দেৱীকাপুৰম আদি গাঁৱত পোৱা শিলালিপিত হাতৰ তাঁতশালৰ উপস্থিতিৰ কথা উল্লেখ আছে। বিজয়নগৰ সাম্ৰাজ্যৰ কালত আৰাণীৰ ৰেচম বয়ন আৰম্ভ হৈছিল আৰু আৰাণী জাগীৰ শাসন আৰু ইংৰাজৰ যুগতো ইয়াৰ বৃদ্ধি অব্যাহত আছিল। প্ৰথমটো ৰেচম বয়ন ইউনিট থাম্বন্না চেট্টিয়াৰে স্থাপন কৰা বুলি ধাৰণা কৰা হয়। ব্লক প্ৰিন্টিঙৰ কৌশল কান্নৈয়া নাইডুৱে প্ৰৱৰ্তন কৰিছিল, আনহাতে একাধিক ৰং ব্যৱহাৰ কৰি ৰং কৰা পদ্ধতি ভি বিজয়ৰাঘৱ নাইডুৱে আনিছিল। সময়ৰ লগে লগে ৰেচম উৎপাদনত বয়ন আৰু বিক্ৰেতাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পালে।[উদ্ধৃতিৰ প্ৰয়োজন]

আৰাণী হস্ততাঁত ৰেচম ক্লাষ্টাৰ

[সম্পাদনা কৰক]

আৰাণীয়ে তামিলনাডুৰ অন্যতম বৃহৎ হস্ততাঁত ৰেচমৰ শাৰী ক্লাষ্টাৰ পৰিচালনা কৰে, যিটো বিশেষকৈ মূল ৰূপৰ জৰী সূতা ব্যৱহাৰৰ বাবে পৰিচিত। আৰাণী অঞ্চলত ৩৫,০০০ তকৈ অধিক পৰম্পৰাগত শিপিনী সক্ৰিয় হৈ আছে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. http://www.thehindubusinessline.com/on-campus/gi-can-protect-handicrafts-from-abuse/article4265569.ece
  2. "Kanchipuram Sari - Tamilnadu". Tamilnadu.com. 16 October 2012. Archived from the original on 11 April 2013. https://archive.today/20130411215318/http://tamilnadu.com/fashion/kanchipuram-sari.html। আহৰণ কৰা হৈছে: 6 November 2015. 
  3. "Madisar Pudavai". Tamilnadu.com. 5 February 2013. http://tamilnadu.com/fashion/madisar-pudavai.html. 
  4. "Archived Copy". Archived from the original on 2013-02-16. https://archive.today/20130216062939/http://articles.timesofindia.indiatimes.com/2008-05-02/chennai/27748685_1_silk-fabrics-gi-registry-gi-certification। আহৰণ কৰা হৈছে: 2015-11-07. 
  5. History and Handloom Cluster of Arani Silk