আৰাশ
| আৰাশ দ্য আৰ্চাৰ | |
|---|---|
আৰাশ দ্য আৰ্চাৰ (ফাৰ্চী: آرش کمانگیر) হৈছে ইৰানী পৌৰাণিক কাহিনী আৰু ঐতিহাসিক পৰম্পৰাৰ এজন বীৰ ধনুৰ্ধৰ চৰিত্ৰ। ইৰানী লোককথা অনুসৰি ইৰান আৰু টুৰানৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল আৰাশে নিক্ষেপ কৰা এটা কাঁড়ৰদ্বাৰা, যিটো কাঁড় নিক্ষেপ কৰিবলৈ তেওঁ নিজৰ জীৱন ত্যাগ কৰিছিল। এটা পাহাৰৰ শিখৰৰপৰা নিক্ষেপ কৰা এই কাঁড়টোৱে কেইবাদিনো ধৰি যাত্ৰা কৰি অৱশেষত শ শ মাইল দূৰৈৰ অক্সাছ নদীৰ সিপাৰে থকা এটা আখৰোট গছৰ ছালত বিদ্ধ হৈছিলহি।
নামৰ উৎপত্তি
[সম্পাদনা কৰক]যদিও কেইবাটাও উৎসই (যেনে: আল-বিৰুনী) আৰাশ নামটোক আৰ্ছাক (অৰ্থাৎ আৰ্চাচেছ) নামৰ মূল উৎস বুলি গণ্য কৰা যেন লাগে, তথাপি পাৰ্থিয়ান সাম্ৰাজ্যৰ ৰাজবংশৰ নামটো আচলতে আৰ্দাশিৰ অৰ্থাৎ আৰ্টাক্সাৰাক্সেছ (বিশেষকৈ আৰ্টাক্সাৰাক্সেছ ২) ৰ এক পাৰ্থিয়ান বা পূব ইৰানী ভাষাৰ সমকক্ষ নামৰপৰা আহিছে, যাৰপৰা আৰ্চাচিডসকলে নিজৰ বংশধৰ বুলি দাবী কৰিছিল। (ইৰানী ৰাজবংশসমূহৰ পৌৰাণিক মিশ্ৰিত বংশাৱলীৰ আঁচনিৰ ভিতৰত, আৰ্চাচিডসকলে আনজন আৰাশৰ জৰিয়তে কাই কোবাদৰপৰাও নিজৰ বংশধৰ বুলি দাবী কৰিছিল। )
মৌখিক পৰম্পৰাৰপৰা অহা নামসমূহৰ ক্ষেত্ৰত সাধাৰণতে দেখা পোৱাৰ দৰেই আৰাশ নামটোৰো কেইবাটাও তাৰতম্য আছে। আৱেষ্টাত এই নামটো এৰেশ্ব হিচাপে দেখা পোৱা যায়, যাৰ অৰ্থ হৈছে "দ্ৰুত কাঁড়ৰ অধিকাৰী, ইৰানীয়াসকলৰ ভিতৰত আটাইতকৈ বেগী কাঁড় থকা ধনুৰ্ধৰ" (য়াষ্ট ৮.৬)। এই আৱেষ্টান ভাষাৰ ৰূপটো জৰথুষ্ট্ৰীয় মধ্য পাৰ্চী ভাষাত এৰাশ হিচাপে চলি থাকে (বুন্দাহিশ্ন, শাহ্ৰাস্তানহা-ই ইৰান, জান্দ-ই ভহুমান য়াষ্ট, মাহ ই ফ্ৰাৱাৰ্দিন), যাৰপৰা ইংৰাজী ৰূপ এৰুচ উদ্ভৱ হৈছে। নতুন পাৰ্চী ৰূপসমূহৰ ভিতৰত আল-তাবাৰী আৰু ইবন আল-আথিৰৰ গ্ৰন্থত এৰাশ আৰু ইৰাশ; আল-তাবাৰীৰ গ্ৰন্থত আৰাশশ্বেবাতিৰ; আল-তালেবীৰ গ্ৰন্থত আৰাশ; মাকদেছী, বালামী, মজমল, মাৰাছী, আল-বিৰুনী আৰু গৰ্গানীৰ ভিছ অ ৰামিনত আৰাশ আদি অন্যতম। আৱেষ্টান "দ্ৰুত কাঁড়"ক প্ৰতিনিধিত্ব কৰা এটা উপাধিযুক্ত নামৰ ভিতৰত আল-তাবাৰীৰ আৰাশশ্বেবাতিৰ আৰু মজমলৰ আৰাশ-ই শ্বেৱাতিৰ অন্তৰ্ভুক্ত। ইয়াৰ এটা উপাধিযুক্ত ৰূপৰ ভিতৰত আৰাশ কমান-গীৰ অৰ্থাৎ "আৰাশ, ধনু-বিশেষজ্ঞ" অন্তৰ্ভুক্ত। তদুপৰি তাত বাস কৰা লোকসকলৰ মাজত ই এটা অতি সুলভ নাম।
সাৰাংশ
[সম্পাদনা কৰক]ধনুৰ্ধৰজনৰ মূল কাহিনীটো এইদৰে পোৱা যায়: "ৰাজকীয় গৌৰৱ" লাভৰ বাবে ইৰানীয় আৰু টুৰানীয়সকলৰ মাজত হোৱা এক যুদ্ধত, টুৰানীয় সেনাপতি আফ্ৰাছিয়াবে ধাৰ্মিক ৰজা মানুচেহ্ৰৰ বাহিনীক ঘেৰি ধৰে আৰু অৱশেষত দুয়োপক্ষই শান্তি চুক্তি কৰিবলৈ সন্মত হয়। দুয়োপক্ষই এই চুক্তিত উপনীত হয় যে এটা কাঁড় যিমান দূৰলৈকে যাব, সিমানখিনি মাটি মানুচেহ্ৰ আৰু ইৰানীয়সকলক ঘূৰাই দিয়া হ'ব আৰু বাকী থকা অংশ আফ্ৰাছিয়াব তথা অন-ইৰানীয়সকলৰ হাতলৈ যাব। এজন স্বৰ্গদূতে (আল-বিৰুনীৰ মতে তেওঁ আছিল ইছফান্দাৰামাদ, অৰ্থাৎ আমেশা স্পেণ্টা স্পেণ্টা আৰ্মাইটি, যাক মধ্য পাৰ্চী ভাষাত স্পেন্দাৰমাড বুলি কোৱা হয়) মানুচেহ্ৰক এটা বিশেষ ধনু আৰু কাঁড় তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু আৰাশক ধনুৰ্ধৰ হ'বলৈ অনুৰোধ কৰা হয়। ইয়াৰ পিছত আৰাশে প্ৰত্যুষতে সেই বিশেষভাৱে প্ৰস্তুত কৰা কাঁড়টো নিক্ষেপ কৰে, যিটোৱে এক সুদূৰ দূৰত্ব অতিক্ৰম কৰি অৱশেষত মাটিত পৰেহি আৰু এইদৰেই ইৰানীয় আৰু অন-ইৰানীয়সকলৰ মাজৰ ভৱিষ্যতৰ সীমা নিৰ্ধাৰণ কৰে।
তালেবী আৰু মহম্মদ বালামীৰ বৰ্ণনা অনুসায়ী, কাঁড় নিক্ষেপ কৰাৰ ফলত আৰাশ ধ্বংস হৈ যায় আৰু নোহোৱা হৈ পৰে। আনহাতে আল-তাবাৰীৰ মতে, তেওঁ জনসাধাৰণৰদ্বাৰা অত্যন্ত সমাদৃত হয়, তেওঁক ধনুৰ্ধৰসকলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয় আৰু তেওঁ অতি সন্মানেৰে জীৱন অতিবাহিত কৰে। কাঁড়টোৱে অতিক্ৰম কৰা দূৰত্বৰ ক্ষেত্ৰত ভিন্নতা দেখা যায়: এটা উৎসৰ মতে ই এহাজাৰ লীগ (ফাৰছাখ) আৰু আন এটা উৎসৰ মতে চল্লিছ দিনৰ খোজকঢ়া দূৰত্ব আছিল। কেইবাটাও উৎসত উল্লেখ আছে যে কাঁড়টোৱে ৰাতিপুৱাৰপৰা দুপৰীয়ালৈকে যাত্ৰা কৰিছিল; আন কিছুমানৰ মতে আকৌ ৰাতিপুৱাৰপৰা সূৰ্যাস্তলৈকে। কিছুসংখ্যক উৎসই এই ঘটনাটোৰ বাবে এটা নিৰ্দিষ্ট তাৰিখো উল্লেখ কৰিছে। মধ্য পাৰ্চী গ্ৰন্থ মাহ ই ফ্ৰাৱাৰ্দিনত প্ৰথম মাহৰ ষষ্ঠ দিনটোৰ (অৰ্থাৎ ফ্ৰাৱাৰ্দিন মাহৰ খোৰদাদ দিন) কথা উল্লেখ কৰা হৈছে; পৰৱৰ্তী সময়ৰ উৎসসমূহে এই ঘটনাটোক তান্দৰেস্তী বা তিৰেগান উৎসৱৰ দিনটোৰ সৈতে সম্পৰ্কিত কৰে, যিটো সম্ভৱতঃ য়াজাতা তিৰ বা তিৰ অৰ্থাৎ "কাঁড়" শব্দটোৰ সমনাম হোৱাৰ বাবে হৈছিল।
আৰাশে যি স্থানৰপৰা কাঁড় নিক্ষেপ কৰিছিল, সেই স্থানৰ ক্ষেত্ৰতো ভিন্নতা দেখা যায়। আৱেষ্টাত (য'ত পশ্চিম ইৰানৰ ঠাইসমূহৰ উল্লেখ নাই) ইয়াক আইৰিয়াও-খশ্বাউথা বুলি কোৱা হৈছে, যিটো মধ্য জলবায়ু অঞ্চলৰ এক অজ্ঞাত স্থান। ইছলামিক যুগৰ উৎসসমূহে সাধাৰণতে এই স্থান কেছপিয়ান সাগৰৰ ঠিক দক্ষিণে অৱস্থিত বুলি উল্লেখ কৰে, বিভিন্ন মতেৰে ই টাবাৰিস্তান আৰু আমোল দুৰ্গ (মজমল); দমাৱান্দ পাহাৰ (বালামী) বা ছাৰী (গৰ্গানী)। কাঁড়টো যি ঠাইত পৰিছিলহি, সেই ঠাইখন আৱেষ্টাত 'মাউণ্ট খভাৱন্ত' বুলি চিনাক্ত কৰা হৈছে (যিখনো এক অজ্ঞাত স্থান); বলখৰ এখন নদী (তাবাৰী, আল-আথিৰ); বলখৰ পূব দিশ (তালেবী); বেক্ট্ৰিয়া বা তোখাৰিস্তান (মাকদেছী, গাৰ্দিজী); অক্সাছ নদীৰ পাৰ (বালামী) বা মেৰ্ভ (মজমল)। আল-বিৰুনীৰ মতে, এই কাঁড়টোৱে গ্ৰেটাৰ খোৰাছানৰ আটাইতকৈ দূৰৱৰ্তী অঞ্চলত অৱস্থিত "ফাৰগানা" আৰু টাবাৰিস্তানৰ মাজৰ এটা আখৰোট গছত আঘাত কৰিছিল।
আৰাশ নামটো আজিও ইৰানীয়সকলৰ মাজত এটা অতি জনপ্ৰিয় নাম হৈ আছে।
আধুনিক আখ্যান
[সম্পাদনা কৰক]ইৰানৰ এজন কবি ছিয়াভাশ কাছৰাইয়ে ১৯৫৯ চনত আৰাশ দ্য আৰ্চাৰ নামৰ দীঘলীয়া কবিতাটো ৰচনা কৰিছিল। প্ৰাচীন পাৰ্চী পৌৰাণিক কাহিনীৰ ওপৰত আধাৰিত এই মহাকাব্যিক আখ্যানটোত নিজৰ দেশক বিদেশী শাসনৰপৰা মুক্ত কৰিবলৈ আৰাশে কৰা বীৰত্বপূৰ্ণ আত্মত্যাগৰ চিত্ৰণ কৰা হৈছে।[1] আনহাতে বাহৰাম বেইজাইয়ে আৰাশ-ই কমানগীৰৰ প্ৰত্যুত্তৰ হিচাপে আৰাশ নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল, যিখন ১৯৭৭ চনত প্ৰকাশ পাইছিল। চুটি গল্প বা নাটক কোনোখনৰ গণ্ডীতেই আবদ্ধ নথকা বেইজাইৰ এই আৰাশ সমগ্ৰ বিশ্বতে কেইবাবাৰো মঞ্চস্থ কৰা হৈছে, যাৰ ভিতৰত ২০১৩ চনৰ জুলাই মাহত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এনেনবাৰ্গ অডিটৰিয়ামৰ মঞ্চায়ন বিশেষভাৱে উল্লেখনীয়।[2]

আৰাশ কমানগীৰৰ সোণালী কাঁড়
[সম্পাদনা কৰক]বিশ্ব শান্তি দিৱস (২০ ছেপ্টেম্বৰ ২০২০) উপলক্ষ্যে নৱৰোজ ৱৰ্ল্ড ইনষ্টিটিউটৰ উদ্যোগত আৰাশ কমানগীৰৰ সোণালী কাঁড়ৰ (শান্তি, ৰোমাণ্টিক প্ৰতিৰক্ষা) উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈছিল।[3][4] সোণ আৰু অলংকাৰেৰে সুশোভিত এটা কাঁড়ৰ প্ৰতি আৰাশ কমানগীৰৰ এই প্ৰতীকী দৃষ্টি দৰাচলতে সম্পূৰ্ণ শান্তিপূৰ্ণ পৌৰাণিক কাহিনীসমূহক চিত্ৰিত কৰাৰ এক শৈল্পিক আদৰ্শ।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Siavosh Kasrai, Iranian Poet, Caroun.com, Iranian literature
- ↑ electricpulp.com. "ĀRAŠ – Encyclopaedia Iranica". www.iranicaonline.org. http://www.iranicaonline.org/articles/aras-avestan-erexsa। আহৰণ কৰা হৈছে: 19 April 2018.
- ↑ "fa:رونمایی از پیکان زرین آرش کمانگیر- عکس خبری تسنیم" (fa ভাষাত). Tasnim News Agency. https://www.tasnimnews.com/fa/news/1399/06/31/2353553/%D8%B1%D9%88%D9%86%D9%85%D8%A7%DB%8C%DB%8C-%D8%A7%D8%B2-%D9%BE%DB%8C%DA%A9%D8%A7%D9%86-%D8%B2%D8%B1%DB%8C%D9%86-%D8%A2%D8%B1%D8%B4-%DA%A9%D9%85%D8%A7%D9%86%DA%AF%DB%8C%D8%B1/photo/19। আহৰণ কৰা হৈছে: 2020-10-08.
- ↑ "fa:عکس/ رونمایی از پیکان زرین آرش کمانگیر" (fa ভাষাত). مشرق نیوز. 2020-09-21. https://www.mashreghnews.ir/photo/1121011/عکس-رونمایی-از-پیکان-زرین-آرش-کمانگیر। আহৰণ কৰা হৈছে: 2020-10-08.
- ↑ "আৰ্কাইভ কপি" (fa ভাষাত). Asia. Archived from the original on 2021-05-16. https://web.archive.org/web/20210516013909/https://www.asianews.ir/fa/newsagency/2599/%D8%A2%D8%B1%D8%B4-%D9%87%D8%A7%DB%8C-%D8%A7%DB%8C%D8%B1%D8%A7%D9%86%DB%8C-%D8%B2%D9%86%D8%AF%D9%87-%D9%87%D8%B3%D8%AA%D9%86%D8%AF। আহৰণ কৰা হৈছে: 2020-10-08.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Arash Kamangir সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Tafażżolī, Ahmed. "Āraš i". Encyclopædia Iranica. 2. প্ৰকাশক New York: Routledge & Kegan Paul. পৃষ্ঠা. 266–267. http://www.iranicaonline.org/articles/aras-avestan-erexsa..
- ʿĀbedi, Kāmyār. "KASRA'I, Siavash". Encyclopædia Iranica. New York: Routledge & Kegan Paul. Retrieved 2009-08-20.