সমললৈ যাওক

আৰাশ (গায়ক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰাশ
২০০৯ চনত মস্কো, ৰাছিয়াত আৰাশ লাবাফ
২০০৯ চনত মস্কো, ৰাছিয়াত আৰাশ লাবাফ
পৃষ্ঠভূমি
জন্ম নাম আৰাশ লাবাফ
জন্ম ২৩ এপ্ৰিল, ১৯৭৭ (৪৯ বছৰ)
তেহৰান, ইৰান
সংগীতৰ ধৰণ ফাৰ্চী পপ সংগীত, হিপ হপ, আৰ এণ্ড বি, ডান্স মিউজিক, হাউচ মিউজিক
পেচা গায়ক, ডিজে
সক্ৰিয়তাৰ বছৰ ২০০৪–বৰ্তমান
লেবেল ৱাৰ্নাৰ মিউজিক স্কেনিডিনেভিয়া (ডব্লিউইএ)
ৱেবছাইট arash.com

আৰাশ লাবাফ (ফাৰ্চী: آرش لباف, জন্ম ২৩ এপ্ৰিল ১৯৭৭) এগৰাকী ইৰানী-চুইডিছ গায়ক, মনোৰঞ্জনকাৰী আৰু প্ৰযোজক। তেওঁৰ মূল ভাষা হৈছে ফাৰ্চী।[1]

তেওঁ ২০০৯ চনৰ ইউৰোভিছন চং কনটেষ্টত আয়েচেলৰ সৈতে আজাৰবাইজানক প্ৰতিনিধিত্ব কৰিছিল আৰু "অলৱেজ" গীতটোৰে তৃতীয় স্থান লাভ কৰিছিল। ব্ৰিটিছ টেলেণ্ট শ্ব' গট টেলেণ্ট-ৰ ফাৰ্চী সংস্কৰণ পাৰ্চিয়াছ গট টেলেণ্ট-ৰ তেওঁ অন্যতম বিচাৰক।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আৰাশ লাবাফৰ জন্ম হৈছিল ইৰানৰ তেহৰানত। তেওঁ আৰু তেওঁৰ মাক-দেউতাক মেল্লাট পাৰ্কৰ ওচৰত বাস কৰিছিল। ১০ বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে চুইডেনলৈ স্থানান্তৰিত হয় আৰু বৰ্তমানো তাতেই বসবাস কৰে। বিবিচি পাৰ্চিয়ান টেলিভিছনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছিল যে তেওঁৰ মাতৃ ইৰানৰ শ্বিৰাজ চহৰৰ আৰু পিতৃ ইছফাহান চহৰৰ আছিল।[3][4]

আৰাশ লাবাফে তেওঁৰ সাক্ষাৎকাৰসমূহত উল্লেখ কৰিছে যে তেওঁ ফুটবল খেলৰ প্ৰতি আগ্ৰহী। সেই অনুসৰি তেওঁ ফুটবলক লৈ গীত মুকলি কৰিছে।[4] লগতে ডয়চে ভেলেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আৰাশে কয় যে তেওঁ সৰুৰেপৰাই গান গোৱাৰ প্ৰতি আগ্ৰহী আছিল আৰু আনকি বন্ধুসকলৰ সৈতে এটা অনানুষ্ঠানিক বেণ্ডও গঠন কৰিছিল।[5]

কেৰিয়াৰ

[সম্পাদনা কৰক]
লাছ ভেগাছত আৰাশ (২০০৮)

আৰাশ লাবাফে নিজৰ ইৰান আৰু ফাৰ্চী সংস্কৃতিৰ প্ৰতি থকা গভীৰ অনুৰাগৰ বাবে মাতৃভাষাত গীত গায়। ২০০৫ চনত ৱাৰ্নাৰ মিউজিক ছুইডেনৰ জৰিয়তে মুকলি হোৱা তেওঁৰ আত্মপ্ৰকাশ এলবাম "আৰাশ" আৰু "বুৰু বুৰু" আদি একক গীত সমগ্ৰ ইউৰোপ, ৰাছিয়া, এছিয়া আৰু মধ্যপ্ৰাচ্যত হিট হিচাপে পৰিগণিত হৈছিল। এই গীতসমূহ কেইবাখনো দেশত গোল্ড চাৰ্টিফিকেট লাভ কৰাৰ উপৰি, তেওঁৰ গান বলিউডৰ ব্লফমাষ্টাৰ! ছবিতো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ উপৰি তেওঁ "পিয়ৰ লাভ"ৰ মিউজিক ভিডিঅ' আৰু ২০১০ চনৰ জুনিয়ৰ ইউৰোভিছন চং কনটেষ্টৰ বাবে চুইডিছ প্ৰতিযোগীৰ গীত ৰচনাৰ সৈতে জড়িত আছিল।

ইউৰোভিছন চং কনটেষ্ট

[সম্পাদনা কৰক]
২০০৯ চনৰ ইউৰোভিছন চং কনটেষ্টৰ গ্ৰীণ ৰুমত আয়েচেল আৰু আৰাশ
২০০৮ চনৰ ডিচেম্বৰ মাহত লাছ ভেগাছৰ এক কনচাৰ্টত ৰেবেঁকা জাদিগ আৰু আৰাশ

২০০৯ চনৰ আৰম্ভণিতে প্ৰকাশ পাইছিল যে ২০০৯ চনৰ ইউৰোভিছন চং কনটেষ্টৰ বাবে আজাৰবাইজানৰ প্ৰতিযোগী গীত হ’ব "অলৱেজ", যিটো গীত আৰাশে নিজে লিখিছিল আৰু সুৰ কৰিছিল। এই গীতটো ইউৰোভিছন প্ৰতিযোগিতাৰ দ্বিতীয় ছেমিফাইনেলত আয়েচেল টেইমুৰজাদেহ আৰু আৰাশে এটা দ্বৈত গীত হিচাপে পৰিৱেশন কৰিছিল।[6][7] গীতটো ইউৰোভিছন চং কনটেষ্টৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে, যিখন প্ৰতিযোগিতা ২০০৯ চনৰ ১৬ মে'ত অনুষ্ঠিত হৈছিল আৰু ইয়াত গীতটোৱে তৃতীয় স্থান লাভ কৰিছিল। এটা সাক্ষাৎকাৰত আৰাশে এই প্ৰতিযোগিতাত আজাৰবাইজানক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰি কৈছিল যে তেওঁ মূলতঃ আজাৰী বংশোদ্ভৱ আৰু সেইবাবেই তেওঁ ইউৰোভিছনৰ ইতিহাসত এই দেশখনৰ আত্ম-বিশ্বাসী উত্থানৰ অংশ হ’ব বিচাৰিছিল।[8]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আৰাশ লাবাফে ২০১১ চনৰ মে' মাহত ডুবাইত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেয়সী বেহনাজ আনছাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[9][10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "BBC World Service - In the Studio, Arash – Making music in the sun" (en-GB ভাষাত). BBC. 23 March 2021. https://www.bbc.co.uk/programmes/p09bhy5d আহৰণ কৰা হৈছে: 2021-12-26.
  2. Faghihi, Rohollah (13 December 2019). "Has Iran's award-winning actress left Iran to escape prosecution?". Al-Monitor. https://www.al-monitor.com/pulse/originals/2019/12/iranian-artist-becomes-controversy-between-iran-and-saudia.html.
  3. "Arash's Iranian family from Sweden". BBC (interview by Behzad Bolour). 2008-09-11. https://www.bbc.com/persian/arts/story/2005/02/050211_ag-arash-interview আহৰণ কৰা হৈছে: 2009-05-16.
  4. 1 2 "BBC Persian" (fa ভাষাত). BBC News. https://www.bbc.com/persian/arts/story/2005/02/050211_ag-arash-interview.shtml আহৰণ কৰা হৈছে: 2020-03-02.
  5. "گپى با آرش خواننده ترانه معروف "برو برو" به بهانه سرايت تب اين ترانه داغ به آلمان | DW | 13.05.2005" (fa-IR ভাষাত). DW.COM. https://dw.com আহৰণ কৰা হৈছে: 2020-03-02.
  6. Brey, Marco (2009-02-05). "Azerbaijani entry written by Arash". Eurovision.tv. http://eurovision.tv আহৰণ কৰা হৈছে: 2009-02-05.
  7. Siim, Jarmo (2009-02-12). "Azerbaijan to send a duet to Eurovision". Eurovision.tv. http://eurovision.tv আহৰণ কৰা হৈছে: 2009-02-12.
  8. "Eurovision Azerbaijan: Aysel goes to Eurovision with song by Arash" (en-US ভাষাত). 2009-02-05. http://esctoday.com_ আহৰণ কৰা হৈছে: 2016-08-18.[সংযোগবিহীন উৎস]
  9. "APA – Arash presents $400-thousand necklace to his bride Behnaz at their wedding – PHOTOSESSION". Apa.az. http://apa.az আহৰণ কৰা হৈছে: 2012-01-14.
  10. "Arash married on May 28 in Dubai". Chuiko.com. 2011-03-16. http://chuiko.com আহৰণ কৰা হৈছে: 2012-01-14.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]