সমললৈ যাওক

আৰিফা জান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাঁচ:Infobox Person আৰিফা জান (ইংৰাজী: : Arifa Jan; জন্ম প্ৰায় ১৯৮৭) কাশ্মীৰৰ শ্ৰীনগৰত ফেল্ট ৰাগ নিৰ্মাণৰ এগৰাকী ভাৰতীয় কৰ্মী। যোৱা ৮ মাৰ্চ ২০২০ তাৰিখে জানক নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰা হয়।

আৰিফা জানৰ জন্ম হৈছিল প্ৰায় ১৯৮৭ চনৰ আশে-পাশে। তেওঁ নামদা নামেৰে জনাজাত কাশ্মীৰী ৰাগ নিৰ্মাণৰ কলাক পুনৰুজ্জীৱিত কৰাৰ বাবে পৰিচিত।[1] শ্ৰীনগৰৰ ক্ৰাফ্ট ডেভেলপমেণ্ট ইনষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা আৰিফাই নামদা বস্ত্ৰশিল্পৰ ওপৰত ভিত্তি কৰি এটা প্ৰকল্পৰ সৈতে জড়িত আছিল।[2] নামদা ৰাগ নিৰ্মান কলা অতি পুৰণি প্ৰায় একাদশ শতিকাৰ পৰাই তৈয়াৰ কৰা হয় আৰু ইয়াক বোৱা নহয় বৰঞ্চ ফেল্ট কৰা হয়;এই পদ্ধতিত ঊলৰ আঁহৰ তৰপবোৰ একেলগে পিটি লোৱা হয় আৰু তাৰ পিছত উজ্জ্বল ৰংৰ সূতাৰে এম্ব্ৰয়ডাৰী কৰা হয়। শ্ৰীনগৰৰ পুৰণি অঞ্চলসমূহ ইয়াৰ বাবে জনাজাত যদিও ৰং কৰাৰ দৰে কিছুমান দক্ষতা এতিয়া জনপ্ৰিয় শিল্প নহয়।[3]

২০২০ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত নাৰী শক্তি বঁটাপ্ৰাপকসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।জান সন্মুখত, একেবাৰে সোঁফালে

আৰিফাই ২৫ জন লোকক নিয়োজিত কৰা তিনিটা উৎপাদন কেন্দ্ৰ সৃষ্টি কৰিছে আৰু ১০০ গৰাকী মহিলাক এই ফেল্টযুক্ত ৰাগ উৎপাদন কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰে প্ৰথমটো সুবিধা আছিল শ্ৰীনগৰৰ পুৰণি অংশ চেকিদাফৰ নামেৰে জনাজাত আৰু পিছলৈ তেওঁ শ্ৰীনগৰৰ আন দুটা অঞ্চল নূৰবাগ আৰু নৱা কাদালত একেধৰণৰ শিল্পকৰ্ম গঠন কৰিছিল।[2]

আৰিফা জান "মগনিফিচেণ্ট চেভেন" ৰ অন্যতম এগৰাকী বুলি জনাজাত হৈ পৰিল। নাৰী দিৱসৰ দিনা প্ৰধানমন্ত্ৰীৰ একাউণ্ট চম্ভালিবলৈ নিৰ্বাচিত হ’ল এই সাতগৰাকী মহিলা। তেওঁলোকৰ আন কেইগৰাকী আছিল চেন্নাইৰ সমাজকৰ্মী স্নেহা মহণ্ডোছ, বোমা বিস্ফোৰণৰ পৰা ৰক্ষা পোৱা মালবিকা আয়েৰ, কাশ্মীৰী নুমধা ভেঁকুৰ খেতিয়ক বিনা দেৱী, নগৰীয়া জল সংৰক্ষণবিদ কল্পনা ৰমেশ, মহাৰাষ্ট্ৰ বঞ্জৰাৰ হস্তশিল্প প্ৰচাৰক বিজয়া পাৱাৰ আৰু লেডী মেছন কালাৱতী দেৱী।[4]

সেইদিনা তেওঁক নাৰী শক্তিপুৰস্কাৰ বঁটা দিয়া হয়।[5] ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক বাৰটা বঁটাৰ ভিতৰত এটা বঁটা প্ৰদান কৰে। নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত এই বঁটা প্ৰদান কৰা হয়।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Arifa Jan's journey: From reviving 'Namda' art to Nari Shakti Puraskar" (en ভাষাত). Deccan Herald. 2020-03-08. https://www.deccanherald.com/national/arifa-jan-s-journey-from-reviving-namda-art-to-nari-shakti-puraskar-811826.html আহৰণ কৰা হৈছে: 2020-04-09.
  2. 1 2 "Arifa Jan's journey: From reviving 'Namda' art to Nari Shakti Puraskar" (en ভাষাত). Deccan Herald. 2020-03-08. https://www.deccanherald.com/national/arifa-jan-s-journey-from-reviving-namda-art-to-nari-shakti-puraskar-811826.html আহৰণ কৰা হৈছে: 2020-04-09.
  3. "Namda - The traditional felted craft of Kashmir" (en ভাষাত). Hindustan Times. 2017-02-17. https://www.hindustantimes.com/photos/india-news/namda-the-traditional-felted-craft-of-kashmir/photo-KuRJVeDIe1EoNgJpRJarDI.html আহৰণ কৰা হৈছে: 2020-04-09.
  4. "Get out, work yourself: 'Mushroom Mahila' message to women | INDIA New England News". indianewengland.com. Archived from the original on 2020-03-09. https://web.archive.org/web/20200309021324/https://indianewengland.com/2020/03/get-out-work-yourself-mushroom-mahila-message-to-women/ আহৰণ কৰা হৈছে: 2020-03-12.
  5. Dainik Bhaskar Hindi (8 March 2020). "Women's Day 2020: President Kovind awarded Nari Shakti Puraskar to Bina Devi and many women | Women's Day 2020: 103 वर्षीय मान कौर को नारी शक्ति पुरस्कार, 'मशरूम महिला' भी सम्मानित - दैनिक भास्कर हिंदी". bhaskarhindi.com. https://www.bhaskarhindi.com/national/news/womens-day-2020-president-kovind-awarded-nari-shakti-puraskar-to-bina-devi-and-many-women-113590 আহৰণ কৰা হৈছে: 2020-03-12.
  6. "Meet the 7 women achievers who took over PM Modi's social media accounts on Women's Day: PM Modi's 'magnificent seven'". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/meet-the-7-women-achievers-who-took-over-pm-modis-social-media-accounts/7-bina-devi/slideshow/74547302.cms আহৰণ কৰা হৈছে: 2020-04-05.