আৰিয়ানা গ্ৰীণব্লাট
| আৰিয়ানা গ্ৰীণব্লাট | |
|---|---|
২০২৪ চনত গ্ৰীণব্লাট | |
| জন্ম | ২৭ আগষ্ট, ২০০৭ (১৮ বছৰ) নিউয়ৰ্ক চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১৫–বৰ্তমান |
আৰিয়ানা গ্ৰীণব্লাট (ইংৰাজী: Ariana Greenblatt; জন্ম: ২৭ আগষ্ট, ২০০৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁৰ প্ৰথমটো মুখ্য চৰিত্ৰ আছিল ডিজনী চেনেলৰ কমেডী ধাৰাবাহিক ষ্টাক ইন দা মিডল (২০১৬–২০১৮)। তেওঁৰ অন্যান্য প্ৰাৰম্ভিক চৰিত্ৰসমূহৰ ভিতৰত কমেডী বোলছবি এ বেড মমছ খ্ৰীষ্টমাছ (২০১৭), মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্চৰ ছবি এভেঞ্জাৰ্চ: ইনফিনিটি ৱাৰ (২০১৮) আৰু মিউজিকেল ছবি ইন দা হাইটছ (২০২১) অন্যতম। ২০২৩ চনত মুক্তি পোৱা কল্পবিজ্ঞান ভিত্তিক ছবি ৬৫, কমেডী ছবি বাৰ্বী আৰু মহাকাশ ভিত্তিক টেলিভিছন ধাৰাবাহিক আহচোকাৰ জৰিয়তে তেওঁ অধিক জনপ্ৰিয়তা অৰ্জন কৰে। বাৰ্বী ছবিখনৰ বাবে তেওঁ ক্ৰিটিক্স চয়েচ আৰু স্ক্ৰীন এক্টৰ্ছ গিল্ড এৱাৰ্ডছত মনোনয়ন লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]গ্ৰীণব্লাটৰ জন্ম ২০০৭ চনৰ ২৭ আগষ্টত নিউয়ৰ্ক চহৰত হৈছিল।[1][2][3][4] তেওঁৰ পিতৃ চন গ্ৰীণব্লাট এজন অভিনেতা আৰু তেওঁৰ পিতৃপক্ষৰ ককাক-আইতাক ব্ৰডৱেৰ প্ৰযোজক।[5] তেওঁ এজন ইহুদী লোক। আৰিয়ানাৰ মাতৃ চোলিমাৰ "চোলি" (পূৰ্বৰ উপাধি কোলন) এগৰাকী প্ৰাক্তন পেছাদাৰী বেলি নৰ্তকী,[6] যিয়ে পুৱেৰ্টো ৰিকোৰপৰা আহিছে।[7][8][9] গ্ৰীণব্লাট নিউয়ৰ্ক চহৰ আৰু ফ্ল’ৰিডাৰ পাৰ্কলেণ্ডত ডাঙৰ-দীঘল হৈছিল।[10]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০১৬ চনত গ্ৰীণব্লাটে ডিজনী চেনেলৰ চিটকম ষ্টাক ইন দা মিডলত ডায়াজ পৰিয়ালৰ আটাইতকৈ সৰু সন্তান ডাফ্নিৰ চৰিত্ৰত অভিনয় কৰি শিশু অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰে।[11][12] তেওঁৰ প্ৰথম চলচ্চিত্ৰ চৰিত্ৰ আছিল ২০১৭ চনৰ ছবি এ বেড মমছ খ্ৰীষ্টমাছত লৰীৰ চৰিত্ৰটো। ২০১৮ চনত গ্ৰীণব্লাটে এভেঞ্জাৰ্চ: ইনফিনিটি ৱাৰত সৰু কালৰ গামোৰাৰ চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছত তেওঁ ইন দা হাইটছ, দা ৱান এণ্ড অনলী ইভান আৰু লাভ এণ্ড মনষ্টাৰ্চ বোলছবিত অভিনয় কৰে।
২০২০ চনত গ্ৰীণব্লাটে স্কুব! বোলছবিত সৰু কালৰ ভেলমা ডিংক্লীৰ চৰিত্ৰত কণ্ঠদান কৰে।[13] ২০২১ চনত তেওঁ দা বছ বেবী: ফেমিলী বিজনেছত টিমৰ ডাঙৰ জীয়ৰী টেবিথাৰ চৰিত্ৰত কণ্ঠদান কৰে।[14] এই চৰিত্ৰটো তেওঁ দা বছ বেবী: বেক ইন দা ক্ৰিবতো পুনৰ ৰূপায়ণ কৰিছিল। ২০২৩ চনত গ্ৰীণব্লাটে কল্পবিজ্ঞান থ্ৰিলাৰ ছবি ৬৫ত কোৱা হিচাপে অভিনয় কৰে।[15] ইয়াৰ উপৰি তেওঁ বাৰ্বী বোলছবিত চাশা হিচাপে আৰু ডিজনী+ ধাৰাবাহিক আহচোকাত সৰু কালৰ আহচোকা টানোৰ চৰিত্ৰত অভিনয় কৰে।[16][17][18] তেওঁ একে নামৰ ভিডিঅ' গেমৰ ওপৰত আধাৰিত ছবি বৰ্ডাৰলেণ্ডচত টাইনি টিনাৰ চৰিত্ৰত অভিনয় কৰিছিল।[19][20]
২০২৫ চনত গ্ৰীণব্লাটে ফিয়াৰ ষ্ট্ৰীট: প্ৰম কুইন[21] আৰু নাও ইউ চি মি: নাও ইউ ড'ণ্ট বোলছবিত অভিনয় কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ https://ftp.metrosportsreport.com/starry-nightmares/ariana-greenblatt.html[সংযোগবিহীন উৎস]
- ↑ "'Ahsoka': Where do You Know Young Ahsoka Tano's Actor From?". Collider. September 13, 2023. https://collider.com/young-ahsoka-tano-actor-ariana-greenblatt/.
- ↑ Ariana Greenblatt [@ArianaG] (August 26, 2020). "Happy Birthday @dylanobrien my fellow Virgo, I cant believe we both made it to 13, you today and me tomorrow🌸I'm not sure the world is ready for us in #LoveAndMonsters but I do know it's needed desperately 🦋 Love ya and hope your smiling having a great day✨ 🤙🏽🌷❤️🐇🐕🦂🐜🐍🦀". https://twitter.com/ArianaG/status/1298723512862101504.
- ↑ Ariana Greenblatt [@ArianaG] (August 27, 2021). "i'm 14 today😭😭☺️☺️". https://twitter.com/ArianaG/status/1431312493767397377.
- ↑ Zungu, Akhona (2023-07-06). "Ariana Greenblatt's Parents: Her Father Is an Actor and the Son of Noted Broadway Producers" (en ভাষাত). news.amomama.com. https://news.amomama.com/408190-ariana-greenblatts-parents-her-father-is.html। আহৰণ কৰা হৈছে: 2023-07-19.
- ↑ "A Peek Inside Ariana Greenblatt's Must-Haves What’s In My Bag REVOLVE". YouTube. https://m.youtube.com/watch?v=xx5f6Jaogww। আহৰণ কৰা হৈছে: 2025-12-05.
- ↑ Keys, Lisa (2021-06-15). "10 Jew-ish Facts About 'In the Heights'" (en ভাষাত). 70 Faces MediaKveller. https://www.kveller.com/10-jew-ish-facts-about-in-the-heights/। আহৰণ কৰা হৈছে: 2023-07-26.
- ↑ Fitzpatrick, Hannah (May 2020). "Awake in Love and Monsters". Civilian Magazine. https://civilianmag.com/blogs/v2-i3/awake-in-love-and-monsters। আহৰণ কৰা হৈছে: 2023-07-26.
- ↑ Marric, Linda (2023-07-19). "Barbie review: Absurd and deadly serious". The Jewish Chronicle. https://www.thejc.com/life-and-culture/all/barbie-review-absurd-and-deadly-serious-2uesziWAENv8GUwv4Mbo0S। আহৰণ কৰা হৈছে: 2023-07-26.
- ↑ "Ten Influential Women Transforming the Sunshine State". March 29, 2024. https://flamingomag.com/2024/03/29/ten-influential-women-transforming-the-sunshine-state/.
- ↑ "Ariana Greenblatt & Malachi Barton - The Project For Women" (en-US ভাষাত). 2016-12-21. https://www.theprojectforwomen.com/girls/ariana-and-malachi/। আহৰণ কৰা হৈছে: 2023-06-23.
- ↑ kate (2016-11-19). "An interview with the cast of Stuck in the Middle" (en-US ভাষাত). Highlights Along the Way. https://highlightsalongtheway.com/stuck-in-the-middle/। আহৰণ কৰা হৈছে: 2023-06-23.
- ↑ Bentancor, Nestor (2020-05-15). "» SCOOB! Interview: Ariana Greenblatt on Voicing Young Velma and More!" (en-US ভাষাত). https://www.desdehollywood.com/scoob-interview-ariana-greenblatt-on-voicing-young-velma-and-more/। আহৰণ কৰা হৈছে: 2023-06-23.
- ↑ Stivale, Shelby (2021-08-31). "Ariana Greenblatt Gushes Over 'The Boss Baby,' Talks 'Stuck in the Middle'" (en-US ভাষাত). J-14. Archived from the original on 2023-06-23. https://web.archive.org/web/20230623010708/https://www.j-14.com/posts/ariana-greenblatt-talks-the-boss-baby-and-stuck-in-the-middle/। আহৰণ কৰা হৈছে: 2023-06-23.
- ↑ "'65' Star Ariana Greenblatt Talks Getting Adam Driver to Break, 'Barbie' and Prank Calls with Josh Brolin". The Hollywood Reporter. 2023-03-08. https://www.hollywoodreporter.com/movies/movie-features/65-star-ariana-greenblatt-talks-getting-adam-driver-1235346208/। আহৰণ কৰা হৈছে: 2023-06-23.
- ↑ Kroll, Justin (November 17, 2020). "Ariana Greenblatt To Co-Star With Adam Driver in Sony Sci-Fi Thriller '65'". Deadline Hollywood. https://deadline.com/2020/11/ariana-greenblatt-adam-driver-sony-65-1234617310/। আহৰণ কৰা হৈছে: August 26, 2021.
- ↑ Bergeson, Margot (April 14, 2022). "Everything to Know About Greta Gerwig's 'Barbie' Starring Margot Robbie and Ryan Gosling" (en ভাষাত). IndieWire. https://www.indiewire.com/2022/04/margot-robbie-greta-gerwig-barbie-plot-cast-details-1234703047/। আহৰণ কৰা হৈছে: April 14, 2022.
- ↑ "Ariana Greenblatt Is No Newbie" (en-US ভাষাত). Elle. 2023-04-24. https://www.elle.com/culture/movies-tv/a43513727/ariana-greenblatt-barbie-interview-2023/। আহৰণ কৰা হৈছে: 2023-06-23.
- ↑ D'Alessandro, Anthony (March 12, 2021). "Haley Bennett To Star In Eli Roth's 'Borderlands'". Deadline Hollywood. https://deadline.com/2021/03/haley-bennett-to-star-in-eli-roths-borderlands-1234713251/। আহৰণ কৰা হৈছে: August 26, 2021.
- ↑ Hipes, Patrick (2021-03-01). "Ariana Greenblatt Joins Eli Roth's 'Borderlands' Movie". Deadline. https://deadline.com/2021/03/ariana-greenblatt-borderlands-movie-tiny-tina-cast-1234704009/। আহৰণ কৰা হৈছে: 2023-06-23.
- ↑ "Fear Street: Prom Queen: See the Killer First Photos" (en ভাষাত). Netflix Tudum. https://www.netflix.com/tudum/articles/fear-street-prom-queen-release-date-photos-news.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আৰিয়ানা গ্ৰীণব্লাট সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
