সমললৈ যাওক

আৰুণি কাশ্যপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰুণি কাশ্যপ
জন্ম ৯ জুন, ১৯৮৪ (৪১ বছৰ)
শিলচৰ, অসম, ভাৰত
পেচা লেখক, অনুবাদক
মাতৃশিক্ষায়তন ছেইণ্ট ষ্টিফেনছ কলেজ, দিল্লী
ধৰণ উপন্যাস, কবিতা
উল্লেখনীয় কৰ্মৰাজি দ্য হাউচ উইথ এ থাউজেণ্ড ষ্ট'ৰীচ
ৱেবছাইট www.arunikashyap.com

আৰুণি কাশ্যপ (ইংৰাজী: Aruni Kashyap; জন্ম: ৯ জুন, ১৯৮৪)[1] হৈছে এগৰাকী ভাৰতীয় লেখক আৰু অনুবাদক। সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত The House With a Thousand Stories শীৰ্ষক উপন্যাসখনৰ লেখক তেওঁ। এই উপন্যাসখনৰ জৰিয়তে লেখকে উত্তৰ-পূব ভাৰতঅসমত অব্যাহত থকা মানৱ অধিকাৰ উলংঘনৰ বিষয়টোৰ প্ৰতি দীৰ্ঘদিনীয়া ৰাষ্ট্ৰীয় মৌনতাৰ ওৰ পেলাবলৈ সক্ষম হয়।

আৰুণি কাশ্যপৰ জন্ম হৈছিল উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মহানগৰ গুৱাহাটীত আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।[2] প্ৰখ্যাত সাহিত্যিক মামণি ৰয়ছম গোস্বামীথেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল নামৰ বহুপঠিত অসমীয়া উপন্যাসখন তেওঁ The Bronze Sword of Tengphakhri Tehsildar নামেৰে ইংৰাজীলৈ অনুবাদ কৰিছিল।[3] আৰুণিৰ প্ৰথম উপন্যাস The House with A Thousand Stories ২০১৩ চনৰ ২০ জুন তাৰিখে পেংগুইন ইণ্ডিয়া প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত হৈছিল।[4] তেওঁ কল্প-সাহিত্যৰ লগতে সামাজিক-ৰাজনৈতিক বিষয়সমূহৰ ভিত্তিত সঘনাই নিবন্ধ লিখে। তেওঁৰ নিবন্ধ The Guardian, UK, Open Democracy আৰু Tehelka-ৰ দৰে কাকত আৰু আলোচনীত প্ৰকাশিত হৈছে। আৰুণিৰ কবিতা Indian Literature (Sahitya Akademi), Postcolonial Text, The Daily Star (Bangladesh) আৰু Muse India-ত প্ৰকাশিত হৈছে। তেওঁ লিখা বিভিন্ন বিষয়ৰ প্ৰবন্ধ, ৰচনা আৰু চুটি গল্প তেহেলকা, দ্য আসাম ট্ৰিবিউন, সাদিন, সাতসৰী, দৈনিক জনসাধাৰণ আদি আলোচনী আৰু কাকতত প্ৰকাশ পাইছে। তেওঁ উত্তৰ-পূব ভাৰতৰ অন্যতম শক্তিশালী উদীয়মান সাহিত্যিক প্ৰতিভা হিচাপে পৰিচিত। তেওঁৰ ছপা (প্ৰিণ্ট) আৰু সতাঁৰ (অনলাইন) এই দুয়ো মাধ্যমতে প্ৰকাশিত ৰচনাৰাজিয়ে পাঠকৰ সমাদৰ লাভ কৰাৰ লগতে সমালোচকৰো দৃষ্টি আকৰ্ষণ কৰিছে।[5]

উল্লেখনীয় কৰ্ম

[সম্পাদনা কৰক]

দ্য হাউচ উইথ এ থাউজেণ্ড ষ্ট'ৰীচ

[সম্পাদনা কৰক]

The House With a Thousand Stories উপন্যাসখনত নব্বৈ দশকৰ শেষৰভাগত উত্তৰ-পূব ভাৰতত সংঘটিত ভাৰতীয় ইতিহাসৰ এটা নৃশংস আৰু অকথিত অধ্যায় বৰ্ণিত হৈছে। এই সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় শাসনব্যৱস্থাৰ বিৰুদ্ধাচৰণ কৰি মূৰ দাঙি উঠা উগ্ৰবাদী কাৰ্যকলাপে সমান্তৰালভাৱে শ শ লোকক বিনাবিচাৰে হত্যা কৰিছিল। অসমত এই হত্যাকাণ্ডসমূহ সংঘটিত হৈছিল ১৯৯৮-২০০১ চনৰ সময়ছোৱাত। এই জঘন্য কাণ্ড অসমৰ গুপ্তহত্যা হিচাপে কুখ্যাত। স্বাধীন ভাৰতৰ ইতিহাসত মানৱ অধিকাৰ উলংঘনৰ এই নিৰ্লজ্জ খণ্ডটোক প্ৰেক্ষাপটলৈ অনা এই উপন্যাসখন সাম্প্ৰতিক সময়ৰ ভাৰতৰ অন্যতম সাহসী কৰ্ম হিচাপে বহুল আলোচিত হৈছে।[6] উপন্যাসখনৰ প্ৰসংগত এইদৰে কোৱা হৈছে যে, "adept juggling of the personal with the political."[7] উপন্যাসখন ২০২১ চনত 'এখন ঘৰ আৰু এজাক জোনাকী পৰুৱা' নামেৰে অসমীয়ালৈ অনুবাদ কৰিছে খামমুন ফুকনে।

উপন্যাসখনৰ কাহিনী

২০০২ চনৰ কথা। গুৱাহাটী মহানগৰীৰ এটা আঢ্যৱন্ত পৰিয়ালত ডাঙৰ-দীঘল হোৱা চেমনীয়া নগৰীয়া ল’ৰা পাবলুয়ে নিজৰ পেহীয়েকৰ বিয়া উপলক্ষে সিহঁতৰ পূৰ্বপুৰুষৰ গাঁৱলৈ গৈছে। গাঁৱলীয়া পৰিবেশৰ মায়ঙলৈ এয়া পাবলুৰ দ্বিতীয় যাত্ৰা। ইয়াৰ আগেয়ে ১৯৯৮ চনত সি দেউতাকৰ এজন পৰম মিত্ৰৰ শেষকৃত্য অনুষ্ঠানত ভাগ ল'বলৈ কেইদিনমানৰ বাবে আহিছিল। বিয়াৰ প্ৰস্তুতিৰ কাম আগবঢ়াৰ লগে লগে পেহীয়েকহঁতৰ মাজত সঘনাই লগা খকা-খুন্দা, মৃত্যুপথৰ যাত্ৰী আইতাক, তাৰ সম্পৰ্কীয় ভাই-ভনীবোৰৰ নিজৰ নিজৰ প্ৰেমাস্পদৰ সৈতে পলাই যাবলৈ কৰা পৰিকল্পনা ইত্যাদি নানানটা কথাৰ লগতে ওৰ নপৰা বলিয়া পৰচৰ্চা- এইবোৰৰ বিষয়ে গম পাই পাবলুয়ে আমোদ পোৱাৰ লগতে মাজে মাজে হতচকিতও হৈছে। পৰম্পৰা আৰু আধুনিকতাৰ উত্ৰাৱল প্ৰদৰ্শনৰ সমান্তৰালভাৱে আছে উগ্ৰবাদ আৰু উগ্ৰপন্থা নিৰ্মূলৰ বাবে সেনাই চলোৱা অশোভনীয় নৃশংস পদক্ষেপবোৰ। বিয়াৰ আগৰ এই দিনকেইটাতে পাবলুৰ জীৱনৰ প্ৰথম প্ৰেম হয়, আগেয়ে কেতিয়াও নেদেখা বিভিন্ন ৰীতিৰ সৈতে পৰিচত হয়, পৰিয়ালৰ মাজত চলা গোপন ষড়যন্ত্ৰবোৰৰ বিষয়ে অৱগত হয়। অৱশেষত সেই বিয়া এক অকথিত দূৰ্ভাগ্যজনক অধ্যায়লৈ পৰ্যবসিত হয়গৈ।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Aruni Kashyap". poemhunter.com. poemhunter.com. http://www.poemhunter.com/aruni-kashyap/biography/। আহৰণ কৰা হৈছে: 28 August 2013. 
  2. "Aruni Kashyap". poemhunter.com. poemhunter.com. http://www.poemhunter.com/aruni-kashyap/। আহৰণ কৰা হৈছে: 28 August 2013. 
  3. "The Bronze Sword of Tengphakhri Tehsildar". goodreads. http://www.goodreads.com/. http://www.goodreads.com/book/show/18107228-the-bronze-sword-of-tengphakhri-tehsildar। আহৰণ কৰা হৈছে: 28 August 2013. 
  4. "The House with a Thousand Stories". Penguin India. http://www.penguinbooksindia.com/. http://www.penguinbooksindia.com/en/content/house-thousand-stories। আহৰণ কৰা হৈছে: 28 August 2013. 
  5. "Aruni Kashyap". PoemHunter.com. PoemHunter.com. http://www.poemhunter.com/aruni-kashyap/biography/। আহৰণ কৰা হৈছে: 28 August 2013. 
  6. http://www.arunikashyap.com/?p=391
  7. "আৰ্কাইভ কপি". Archived from the original on 2013-12-19. https://web.archive.org/web/20131219050659/http://www.sunday-guardian.com/bookbeat/the-house-with-a-thousand-stories। আহৰণ কৰা হৈছে: 2013-12-27. 
  8. "The House with a Thousand Stories". Goodreads. http://www.goodreads.com/. http://www.goodreads.com/book/show/18171427-the-house-with-a-thousand-stories?ac=1। আহৰণ কৰা হৈছে: 28 August 2013. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]