আৰোগ্য নিকেতন
| আৰোগ্য নিকেতন | |
|---|---|
| পৰিচালক | বিজয় বসু |
| অভিনয়ত | বিকাশ ৰায় শুভেন্দু চেটাৰ্জী ছায়া দেৱী সন্ধ্যা ৰায় |
| চিত্ৰগ্ৰহণকাৰী | কৃষ্ণ চক্ৰৱৰ্তী |
| সম্পাদনা | বিশ্বনাথ মিত্ৰ |
| সংগীত পৰিচালক | ৰবীন চট্টোপাধ্যায় |
মুক্তি |
আগষ্ট ১০, ১৯৬৭ |
| দেশ | ভাৰত |
| ভাষা | বঙালী |
আৰোগ্য নিকেতন (ইংৰাজী: Arogya Niketan) বিজয় বসু পৰিচালিত ১৯৬৭ চনৰ বঙালী ভাষাৰ এখনৰ ভাৰতীয় নাট্যধৰ্মী ছবি।[1] এইখন তাৰাশংকৰ বন্দোপাধ্যায় ৰচিত একেই নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ছবিখন আৰোৰা ফিল্ম কৰ্পোৰেচনে প্ৰযোজন কৰিছে।[2] মুখ্য ভূমিকাত অভিনয় কৰিছে বিকাশ ৰায়,[3] ৰুমা গুহ ঠাকুৰতা, শুভেন্দু চট্টোপাধ্যায়, সন্ধ্যা ৰায় আৰু ছায়া দেৱীয়ে। ছবিখনৰ সংগীত পৰিচালনা ৰবীন চট্টোপাধ্যায়ৰ।
১৯৬৭ চনৰ ১০ আগষ্টত মুক্তি পোৱা ছবিখনে ১৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক পায়। তাৰোপৰি এইখনে ৩৩তম বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ এচোছিয়েচন বঁটাত ৬ষ্ঠ শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰৰ খিতাপ অৰ্জন কৰে।[4]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]প্ৰদ্যুৎ সেন হৈছে আধুনিক চিন্তাধাৰাৰ এজন এলোপেথিক চিকিৎসক, যিয়ে চিকিৎসা বৃত্তিৰ বাবে নৱগ্ৰাম গাঁৱলৈ যায়। কিন্তু ইতিমধ্যে গাঁৱত অনুশীলন কৰি থকা আয়ুৰ্বেদিক ডাক্তৰ জীৱন মশাই আছেই। দুয়োজন চিকিৎসকৰ চিন্তা আৰু নৈতিক মূল্যবোধৰ সংঘৰ্ষৰ কেন্দ্ৰ কৰি ছবিখনৰ কাহিনী আৱৰ্তমান।
অভিনয় শিল্পী
[সম্পাদনা কৰক]- বিকাশ ৰায়
- শুভেন্দু চেটাৰ্জী
- ছায়া দেৱী
- সন্ধ্যা ৰায়
- ৰুমা গুহ ঠাকুৰতা
- বংকিম ঘোষ
- ৰবি ঘোষ
- দিলীপ ৰায়
- জহৰ গাংগুলী
- সুধাংশু বন্দোপাধ্যায়
- ৰবীন ভট্টাচাৰ্য
- শান্তি চেটাৰ্জী
- ধীৰাজ দাস
বঁটা
[সম্পাদনা কৰক]- পঞ্চদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৭)
- বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।[4]
- ৩৩তম বি.জে.এ.এফ. বঁটা
- ষষ্ঠ শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Gupta, Ranjan Das (2017-01-26). "A gentleman actor" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/A-gentleman-actor/article17097172.ece.
- ↑ Arogya Niketan Movie: Showtimes, Review, Trailer, Posters, News & Videos | eTimes, https://timesofindia.indiatimes.com/entertainment/bengali/movie-details/arogya-niketan/movieshow/67271475.cms, আহৰণ কৰা হৈছে: 2019-11-05
- ↑ "Ledger is the new Joker" (en ভাষাত). The Telegraph (India). 3 August 2006. https://www.telegraphindia.com/west-bengal/ledger-is-the-new-joker/cid/1003613.
- 1 2 "15th National Film Awards". Directorate of Film Festivals. http://dff.nic.in/2011/15th_nff_1967.pdf। আহৰণ কৰা হৈছে: 5 October 2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আৰোগ্য নিকেতন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।