সমললৈ যাওক

আৰোগ্য লক্ষ্মী আঁচনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰোগ্য লক্ষ্মী আঁচনি
প্ৰকল্পৰ প্ৰকাৰ মাতৃ আৰু শিশুৰ বাবে পুষ্টি কাৰ্যসূচী
অৱস্থান তেলেংগানা, ভাৰত
প্ৰতিষ্ঠাপক তেলেংগানা চৰকাৰ
মুখ্যমন্ত্ৰী কল্লকুন্তল চন্দ্ৰশেখৰ ৰাও
মন্ত্ৰালয় মহিলা উন্নয়ন আৰু শিশু কল্যাণ বিভাগ
প্ৰতিষ্ঠা  জানুৱাৰী ২০১৫ (2015-01-01)
বাজেট বছৰি ₹৮৫০ কোটি টকা
স্থিতি সক্ৰিয়

আৰোগ্য লক্ষ্মী যোজনা তেলেংগানা চৰকাৰে গৰ্ভৱতী আৰু দুগ্ধপান কৰা মহিলাক সহায়ৰ বাবে আৰম্ভ কৰা এক পুষ্টি কাৰ্যসূচী। এই আঁচনিখন দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ওপৰৰ মহিলাসকলৰ বাবে উপলব্ধ।[1][2][3] ৰাজ্যৰ ৩৫ হাজাৰ অংগনবাড়ী কেন্দ্ৰত ২.৭১ লাখৰো অধিক গৰ্ভৱতী মহিলা আৰু ২.০৩ লাখ দুগ্ধপান কৰা মাতৃক সম্পূৰ্ণ খাদ্যৰ ব্যৱস্থা কৰা হৈছে। মহিলা আৰু শিশুৰ পুষ্টিৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি ইয়াৰ ডিজাইন কৰা হৈছে।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে ২০১৫ চনৰ ১ জানুৱাৰীত এই আঁচনিখন শুভাৰাম্ভ কৰে। [4][5] এই আঁচনিখন অমৰুতা হস্তমৰ উন্নত সংস্কৰণ।


আঁচনিখন

[সম্পাদনা কৰক]

ৰাজ্যখনৰ ৩১,৮৯৭টা অংগনবাড়ী আৰু ৪,০৭৬টা মিনি অংগনবাড়ী কেন্দ্ৰত পুষ্টিকৰ খাদ্যৰ ব্যৱস্থা কৰা হয়।[6] এই কাৰ্যসূচীৰ অধীনত এজন হিতাধিকাৰীয়ে ৭ মাহৰপৰা ৩ বছৰ বয়সৰ শিশুৰ বাবে প্ৰতিমাহে ১৬টা কণী লাভ কৰে।

৩ৰপৰা ৬ বছৰ বয়সৰ শিশুৱে প্ৰতিদিনে এটাকৈ কণী লাভ কৰে।

গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মাতৃয়েও প্ৰতিদিনে এটাকৈ কণী আৰু মাহে ২৫ দিন ২০০ মিলিলিটাৰ গাখীৰ খাবলৈ দিয়া হয়।

গৰ্ভৱতী বা দুগ্ধপান কৰোৱা মহিলাক মাহত ২৫ দিন প্ৰতিদিনে এবাৰকৈ আহাৰ প্ৰদান কৰা হয়।[7]

তথ্যৰ উৎস

[সম্পাদনা কৰক]