সমললৈ যাওক

আৰোহী (২০১৫ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰোহী

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক অৰূপ মান্না
প্ৰযোজক মামণি খাখলাৰী
(অৰ্কিড এন্টাৰপ্ৰাইজেজ)
অভিনয়ত শ্ববনম বৰগয়াৰী
ৰাগ ঐনিতম
চন্দনা শৰ্মা
সম্পাদনা হিৰণ্য কলিতা
সংগীত পৰিচালক মানস হাজৰিকা
মুক্তি
১৬ জানুৱাৰী, ২০১৫
দেশ  ভাৰত
ভাষা অসমীয়া

আৰোহী (ইংৰাজী: Aarohi) হৈছে ২০১৫ চনৰ ১৬ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অৰ্কিড এন্টাৰপ্ৰাইজেজৰ বেনাৰত মামণি খাখলাৰীয়ে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা অৰূপ মান্নাৰ। বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে শিশুশিল্পী শ্ববনম বৰগয়াৰী, ৰাগ ঐনিতম আৰু চন্দনা শৰ্মাই। সংগীত পৰিচালনা মানস হাজৰিকাৰ৷[1][2][3]

আৰোহী (শ্ববনম বৰগয়াৰী) এজনী সৰু ছোৱালী। বৰ্তমান যুগৰ শিক্ষাব্যৱস্থা আৰু অভিভাৱকৰ তাইক লৈ থকা উচ্চাকাংক্ষাৰ সৈতে খোজ মিলাই যাবলৈ তাইৰ কষ্ট হয়। তাইৰ মাক-দেউতাকে নিজৰ জীৱনৰ আধৰুৱা সপোনবিলাক তাইৰ জড়িয়তে পূৰণ কৰাৰ সপোন দেখে। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ভাবে তাই যন্ত্ৰৰ নিচিনাকৈ যিকোনো প্ৰকাৰে সকলোতে ভাল প্ৰদৰ্শন কৰিবই লাগিব। সকলোফালৰপৰা অহা মানসিক চাপে তাইক তাইৰ শৈশৱৰ আনন্দ বিলাকৰ পৰা বঞ্চিত কৰে। পুতলাৰ সৈতে খেলা কৰা বয়সত তাইক কম্পিউটাৰ শিকিবলৈ বাধ্য কৰোৱা হয়। তাইৰ মন বুজিব পৰা মানুহ কোনো নাই। এনে এক পৰিস্থিতিত বন্দী এক শিশু আৰোহীৰ কাহিনীৰে চলচ্চিত্ৰখন নিৰ্মিত।[2][3]

অভিনয়ত

[সম্পাদনা কৰক]
  • শ্ববনম বৰগয়াৰী
  • ৰাগ ঐনিতম
  • চন্দনা শৰ্মা[1][2][3]

কলা-কুশলী

[সম্পাদনা কৰক]
  • প্ৰযোজনা- মামণি খাখলাৰী
  • পৰিচালনা- অৰূপ মান্না
  • সংগীত পৰিচালনা- মানস হাজৰিকা
  • সম্পাদনা - হিৰণ্য কলিতা[2][4]

আৰোহীৰ সংগীত পৰিচালনা মানস হাজৰিকাৰ। শীৰ্ষ গীতটিত কণ্ঠদান কৰে অভিনন্দা মান্না আৰু ৰবছন বৰুৱাই।[4]

  • তৃতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত, ২০১৪[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 Hazel Bordoloi. "Glimmer of hope". The Sentinel. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304224744/http://www.sentinelassam.com/sunday/melange_feature_3.php?sec=32&subsec=0&ppr=2&dtP=2013-09-16 আহৰণ কৰা হৈছে: ২২ জানুৱাৰী ২০১৫.
  2. 1 2 3 4 5 Abhijit Roy (৭ জানুৱাৰী ২০১৫). "Aarohi - upcoming Assamese film by Arup Manna". Creativica. Archived from the original on 2015-01-19. https://web.archive.org/web/20150119180353/http://creativica.in/news-n-events/news-events/aarohi-upcoming-assamese-film-by-arup-manna আহৰণ কৰা হৈছে: ২২ জানুৱাৰী ২০১৫.
  3. 1 2 3 Meghranjani (১৪ জানুৱাৰী ২০১৫). "Arup Manna Directed Aarohi to Release on January 16". Magical Assam. http://www.magicalassam.com/2015/01/assamese-movie-aarohi-arup-manna.html আহৰণ কৰা হৈছে: ২২ জানুৱাৰী ২০১৫.
  4. 1 2 "Aarohi (2015)". Movie buff. http://www.moviebuff.com/aarohi আহৰণ কৰা হৈছে: ২২ জানুৱাৰী ২০১৫.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]