সমললৈ যাওক

আৰ্যাম্বিকা এছ. ভি.

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰ্যাম্বিকা এছ. ভি.
জন্ম ১৯৮১ (বয়স ৪৪–৪৫)
ইদানাদু, পাল্লা, কোটায়াম জিলা, কেৰালা, ভাৰত
পেচা কবি, সহকাৰী অধ্যাপক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন শ্ৰী শংকৰাচাৰ্য সংস্কৃত বিশ্ববিদ্যালয়
ধৰণ কবিতা
উল্লেখযোগ্য বঁটা যুৱ পুৰস্কাৰ
কনকশ্ৰী বঁটা
দাম্পত্যসংগী শ্ৰীদাস
সন্তান ২
পিতৃ-মাতৃ কে. এন. বিশ্বনাথন নায়াৰ
এম. কে. সাবিত্ৰীয়াম্মা

আৰ্যাম্বিকা এছ. ভি. (ইংৰাজী: Aryambika S. V.; জন্ম: ১৯৮১) এগৰাকী ভাৰতীয় মালয়ালম ভাষাৰ কবি। তেওঁ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ আৰু কেৰালা সাহিত্য অকাডেমিৰ কনকশ্ৰী বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।

কেৰালাৰ কোটায়াম জিলাৰ পাল্লাৰ ইদানাদুত ১৯৮১ চনত আৰ্যাম্বিকাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কে. এন. বিশ্বনাথন নায়াৰ আৰু মাতৃ এম. কে. সাবিত্ৰীয়াম্মা।[1] তেওঁৰ মাতৃ সাবিত্ৰীয়াম্মা এগৰাকী সংস্কৃতৰ শিক্ষক আছিল।[2] তেওঁৰ পিতৃ বিশ্বনাথন নায়াৰ এজন শিক্ষক আৰু 'অক্ষৰশ্লোকম'ৰ বিশেষজ্ঞ আছিল। তেৱেঁই আৰ্যাম্বিকাৰ লিখাৰ ক্ষমতা আৱিষ্কাৰ কৰি কবিতা লিখিবলৈ উৎসাহিত কৰিছিল।[2][3] ইদানাদু চৰকাৰী এল. পি. স্কুল আৰু ইদানাদু শক্তিবিলাসম এন. এছ. এছ. হাইস্কুলৰপৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ শ্ৰী শংকৰাচাৰ্য সংস্কৃত বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।[4] আৰ্যাম্বিকাই পাল্লাৰ ওচৰৰ পুভৰাণী চৰকাৰী এল পি স্কুলত শিক্ষক হিচাপে কাম কৰিছিল।[3] তেওঁ বৰ্তমান তিৰুৱনন্তপুৰমৰ মহাত্মা গান্ধী কলেজৰ সংস্কৃত বিভাগত সংস্কৃতৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত।[5]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আৰ্যাম্বিকা আৰু তেওঁৰ স্বামী শ্ৰীদাসৰ এজন পুত্ৰ সন্তান আছে। শ্ৰীদাস পানানগাডৰ বাসিন্দা আৰু এজন আইটি অডিৰ্টৰ।[3]

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

শৈশৱৰেপৰা আৰ্যাম্বিকাই 'অক্ষৰশ্লোকম' আৰু কবিতাত পাৰদৰ্শিতা দেখুৱাই আহিছে।[6] তেওঁ গীতৰ লগতে বাবু গোপালকৃষ্ণনৰদ্বাৰা পৰিচালিত সংগীতধৰ্মী তথ্যচিত্ৰ 'আম্মা অভয়ম'ৰ গীতৰ কথা লিখিছে।[4] ২০১৬ চনৰ কেৰালা স্কুল কলোৎসৱৰ উদ্বোধনী গীতটো আৰ্যাম্বিকাই লিখিছিল।[2][7] তেওঁ কেৰালা চৰকাৰৰ 'সুধাৰ্য কেৰালাম' কাৰ্যসূচীৰ গীতটোও লিখিছিল।[2] তেওঁ 'পালা কাইৰালীশ্লোকাৰংগম' নামৰ এটা শ্লোক সংগঠনৰ সৈতেও সক্ৰিয়ভাৱে জড়িত।[4]

কৰ্মৰাজি

[সম্পাদনা কৰক]
  • ৰাত্ৰীয়ুদে নিৰমুল্লা জনালা (২০২১) কবিতা সংকলন।
  • থোন্নীয়াপোলোৰু পুঝা (২০১০) কবিতা সংকলন।
  • কাট্টীলোডুন্না থীৱাণ্ডী (২০১৭) কবিতা সংকলন।
  • মন্নামকাট্টায়ুম কৰীয়িলায়ুম (২০০৬) কবিতা সংকলন।
  • অংকনম কবিতাঙ্গল (২০০৭) কবিতা সংকলন।[1]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • যুৱ পুৰস্কাৰ (২০১৫), সাহিত্য অকাডেমিৰদ্বাৰা।[6]
  • কনকশ্ৰী বঁটা (২০১২), কেৰালা সাহিত্য অকাডেমিৰদ্বাৰা।[8]
  • কবিতাৰ বাবে ইদাচেৰী বঁটা (২০১৮)।[5]
  • ১৯৯৬ চনত কোটায়ামত অনুষ্ঠিত কেৰালা স্কুল কলোৎসৱত 'কাব্যকেলী'ত (কবিতা) দ্বিতীয় স্থান লাভ।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "മലയാളത്തിലെ എഴുത്തുകാരികൾ" (ml ভাষাত). Department of Women and Child Development, Kerala stateKerala Women. 1 March 2020. Archived from the original on 27 January 2024. https://web.archive.org/web/20240127163242/https://keralawomen.gov.in/index.php/ml/node/283। আহৰণ কৰা হৈছে: 22 March 2026.
  2. 1 2 3 4 5 ഡെസ്ക്, വെബ് (20 January 2016). "കലയുടെ നൂപുര നാദമുണര്‍ത്തി ആര്യാംബിക | Madhyamam" (ml ভাষাত). www.madhyamam.com. https://www.madhyamam.com/news/2016/jan/20/172852.
  3. 1 2 3 "അക്ഷരശ്ലോകത്തിന്റെ ആചാര്യന് അശ്രു പൂജയായി ആര്യാംബികയ്ക്ക് അവാര്‍ഡ്‌" (en ভাষাত). Mathrubhumi. Archived from the original on 23 February 2022. https://web.archive.org/web/20220223070647/https://archives.mathrubhumi.com/kottayam/news/--1.301194.
  4. 1 2 3 "ആര്യാംബിക എസ്.വി". Keralaliterature.com. 13 May 2020. http://keralaliterature.comাস-%E0%B4%B5%E0%B4%BF-2/.[সংযোগবিহীন উৎস]
  5. 1 2 "Poetry Award for Faculty – Mahatma Gandhi College". https://mgcollegetvm.ac.in/media/news/poetry-award-for-faculty/.
  6. 1 2 "ആര്യാംബികയ്ക്ക് കടവനാട് സ്മൃതി പുരസ്കാരം" (ml ভাষাত). News18 Malayalam. News 18. 2 December 2018. Archived from the original on 18 March 2025. https://web.archive.org/web/20250318085521/https://malayalam.news18.com/news/life/women-aryambika-wins-kadavanad-smriti-awards-62131.html.
  7. ↑ "A different tune from a Hindustani exponent" (en-IN ভাষাত). The Hindu. 22 September 2016. https://www.thehindu.com/news/cities/kozhikode/A-different-tune-from-a-Hindustani-exponent/article13984366.ece.
  8. ↑ "Aryambika- Speaker in Kerala literature Festival KLF –2022| Keralaliteraturefestival.com". www.keralaliteraturefestival.com. https://www.keralaliteraturefestival.com/speakers_more.aspx?id=MjEyOQ==। আহৰণ কৰা হৈছে: 23 February 2022.