সমললৈ যাওক

ইঅ’ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ইঅ′ছৰ পৰা পুনঃনিৰ্দেশিত)
ইঅ’ছ
দোকমোকালীৰ দেৱী

হাৰ্বাৰ্ট জেমছ ড্ৰাপাৰৰ চিত্ৰ দোকমোকালিৰ দ্বাৰ
প্ৰাচীন গ্ৰীক Ἠώς
নিবাস আকাশ
প্ৰাণী চিকাডা, ঘোঁৰা
পিতৃ-মাতৃ হাইপেৰিয়ন আৰু থেইয়া
সহোদৰ হেলিঅ’ছ আৰু ছেলেনে
আসন/বাহন দুটা ঘোঁৰাই টনা ৰথ
ৰোমান সমাৰ্থক অৰোৰা

ইঅ'ছ (/ˈiːɒs/; ইংৰাজী: Eos)[1] প্ৰাচীন গ্ৰীক পৌৰাণিক কাহিনী আৰু ধৰ্ম অনুসৰি দোকমোকালিৰ দেৱী আৰু ব্যক্তিত্ব৷ এই দেৱীয়ে প্ৰতিদিনে পুৱা অ'চেনাছ নদীৰ প্ৰান্তত অৱস্থিত নিজৰ আৱাসৰ পৰা উঠি ৰাতিৰ আন্ধাৰ আঁতৰাই পোহৰ বিলাই দিয়ে বুলি বিশ্বাস কৰা হয়। গ্ৰীক পৰম্পৰা আৰু কবিতাত তেওঁক অতি কামুক দেৱী হিচাপে চিহ্নিত কৰা হৈছে, তেওঁ অসংখ্য মানৱ প্ৰেমিকৰ সৈতে নিজৰ সন্তুষ্টিৰ সম্পৰ্ক স্থাপন কৰিছিল আৰু তেওঁলোকৰ সন্তানৰ মাতৃ হৈছিল। ৰোমান দেৱী অৰোৰা (Aurora) আৰু ঋগ্বেদিক উষা তথা পূৰ্বৰ ভাৰত-ইউৰোপীয় দেৱী হাউছছৰ (Hausos) সমকক্ষ হিচাপে তেওঁক গণ্য কৰা হয়। ইঅ'ছ বা তেওঁৰ পূৰ্বৰ প্ৰ'ট'-ইণ্ডো-ইউৰোপিয়ান (পিআইই) পূৰ্বপুৰুষসকলেও প্ৰেম দেৱী এফ্ৰোডাইটি সৈতে কেইবাটাও উপাদান ভাগ কৰে, যিয়ে হয়তো তেওঁৰ ওপৰত ইঅ'ছৰ প্ৰভাৱ বা অন্যথা দুয়োগৰাকী দেৱীৰ বাবে এক উমৈহতীয়া উৎপত্তিৰ ইংগিত দিয়ে। প্ৰচলিত পৰম্পৰাত এফ্ৰোডাইটিয়েই ইঅ’ছৰ অসংখ্য প্ৰেমৰ আঁৰৰ অপৰাধী, তেওেঁই দেৱীক মৰ্ত্যলোকৰ প্ৰতি অতৃপ্ত কামনাৰ অভিশাপ দিছিল। গ্ৰীক সাহিত্যত ইঅ’ছক টাইটান দেৱতা হাইপেৰিয়ান আৰু থেইয়াৰ কন্যা, সূৰ্য্য দেৱতা হেলিঅ’ছ আৰু চন্দ্ৰদেৱী ছেলেনেৰ ভগ্নী হিচাপে উপস্থাপন কৰা হৈছে। কিছুমান বিৰল পৰম্পৰা মতে তেওঁ টাইটান দেৱতা পল্লাৰ কন্যা। প্ৰতিদিনে তেওঁ নিজৰ দুটা ঘোঁৰাই টনা ৰথখন চলাই নতুন দিনৰ আৰম্ভনি আৰু ভাতৃৰ আগমনৰ আগজাননী দিয়ে। এইদৰে, হোমাৰৰ মহাকাব্যসমূহত দেৱীৰ আটাইতকৈ সাধাৰণ উপনামটো হৈছে ৰ'ড'ডাক্টিলছ (Rhododactylos) বা পুৱাৰ আকাশৰ ৰঙৰ দৰে "যাৰ আঙুলিৰ বৰণ গুলপীয়া" আৰু এৰিজেনিয়া (Erigeneia) অৰ্থাৎ "আগতে উপজা"। যদিও মূলতঃ তেওঁ দোকমোকালি আৰু পুৱাৰ সৈতে জড়িত, বহু সময়ত তেওঁ হেলিঅ’ছৰ সমগ্ৰ যাত্ৰাৰ সময়ছোৱাত তেওঁৰ লগত গৈছিল, আৰু এইদৰে আনকি গধূলিৰ সময়তো তেওঁক দেখা যায়।

ইঅ'ছ কেইবাবাৰো মৰ্ত্যলোকৰ পুৰুষৰ প্ৰেমত পৰিছিল, আৰু পুৰুষ দেৱতাই মৰ্ত্যলোক নাৰীক যিদৰে অপহৰণ কৰিছিল, সেইদৰেই তেওঁ পুৰুষক অপহৰণ কৰিছিল। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য মৰ্ত্যলোকৰ প্ৰেমিক হৈছে ট্ৰ’জান ৰাজকুমাৰ টাইথ’নাছ, যাৰ বাবে তেওঁ অমৰত্বৰ উপহাৰ নিশ্চিত কৰিছিল, কিন্তু চিৰন্তন যৌৱন দিব পৰা নাছিল, যাৰ ফলত তেওঁ অনন্তকালৰ বাবে মৃত্যুবৰণ নকৰাকৈয়ে বয়সীয়াল হৈ পৰিছিল। আন এটা কাহিনীত তাই এথেন্সৰ চেফালাছক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে কঢ়িয়াই লৈ ফুৰিছিল, কিন্তু শেষত তেওঁক পত্নীৰ ওচৰলৈ ঘূৰি যাবলৈ এৰি দিছিল৷

ব্যুৎপত্তি

[সম্পাদনা কৰক]

Ἠώς / Ēṓs ৰ আদি-গ্ৰীক ৰূপটো *ἀυhώς / auhṓs হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছে।[1][2] এই শব্দৰ সৈতে বৈদিক দেৱী ঊষা, লিথুৱেনিয়াৰ দেৱী অশ্ৰিনে (Aušrinė)আৰু ৰোমান দেৱী অৰোৰাৰ (Aurora) সম্পৰ্ক আছে, এই তিনিও গৰাকী দোকমোকালিৰ (পুৱা) দেৱী।[3]

কিংবদন্তি

[সম্পাদনা কৰক]

প্ৰতিদিনে ৰাতিপুৱা পুৱাৰ দেৱী ইঅ’ছ সূৰ্য দেৱতা ভাতৃ হেলিঅ’ছৰ বাবে দুৱাৰ খুলি দিয়ে যাতে তেওঁ নতুন দিনৰ আৰম্ভণি কৰিব পাৰে। যদিও প্ৰায়ে হেলিঅ’ছৰ আগমনৰ কথা এবাৰ ঘোষণা কৰিলেই দেৱীৰ কৰ্তব্য শেষ হোৱা যেন লাগে, হোমেৰিক মহাকাব্যবোৰৰ মতে দেৱী গোটেই দিনটো তেওঁৰ লগত থাকে, আৰু সূৰ্যাস্তলৈকে তেওঁক এৰি নাযায়; সেয়েহে "ইঅ'ছ" কিছুমান গ্ৰন্থত "হেলিঅ'ছ" বুজাবৰ বাবে "ইঅ'ছ" শব্দটো ব্যৱহাৰ কৰিব পাৰে। খ্ৰীষ্টীয় ষষ্ঠ শতিকাত হিৰো আৰু লিয়াণ্ডাৰ (Hero and Leander) নামৰ কাহিনীৰ মুছায়েছে কৰা পৰিবেশনত ইঅ'ছৰ কথা সূৰ্য্যোদয় আৰু সূৰ্যাস্ত দুয়োটা সময়তে উল্লেখ কৰা হৈছে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 R. S. P. Beekes, Etymological Dictionary of Greek, Brill, 2009, p. 492.
  2. West, Martin L. (2007-05-24) (en ভাষাত). Indo-European Poetry and Myth. OUP Oxford. ISBN 9780199280759. https://books.google.com/books?id=ZXrJA_5LKlYC. 
  3. Mallory, J.P.; Adams, D.Q. (2006). The Oxford Introduction to Proto-Indo-European and the Proto-Indo-European World. প্ৰকাশক Oxford, England: Oxford University Press. পৃষ্ঠা. 432. ISBN 978-0-19-929668-2. https://archive.org/details/oxfordintroducti00mall. 
  4. Musaeus, Hero and Leander 4; 110