ইউকো আৰাকী
| ইউকো আৰাকী | |
|---|---|
২০২৩ চনৰ জুন মাহত আৰাকী | |
| স্থানীয় নাম | 新木 優子 |
| জন্ম | ১৫ ডিচেম্বৰ, ১৯৯৩ (৩২ বছৰ) টকিঅ', জাপান |
| পেচা | অভিনেত্ৰী, ফেশ্বন মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০০৭–বৰ্তমান |
| অভিকৰ্তা | ষ্টাৰডাষ্ট প্ৰমচন |
| উচ্চতা | ১৬৫ চcm |
| ৱেবছাইট | |
| stardust.co.jp/arakiyuko | |
ইউকো আৰাকী (ইংৰাজী: Yuko Araki; জন্ম: ১৫ ডিচেম্বৰ ১৯৯৩)[1] এগৰাকী জাপানী অভিনেত্ৰী আৰু ফেশ্বন মডেল। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কৰ্মসমূহৰ ভিতৰত আছে চলচ্চিত্ৰ আৱাৰ মিল ফৰ টুমৰ (২০১৭), দ্যাট গাৰ্লছ কেপ্টিভছ অৱ লাভ (২০১৮), ছি হিয়েৰ লাভ (২০২৩), ৱান্স আপন এ ক্ৰাইম (২০২৩) আৰু কিংডম ৪: ৰিটাৰ্ণ অৱ দ্য গ্ৰেট জেনেৰেল (২০২৪)। ইয়াৰ উপৰি তেওঁ ধাৰাবাহিক ক’ড ব্লু (২০১৭), কিছ দ্যাট কিলছ (২০১৮), চুইটছ (২০১৮–২০২০) আৰু ৰোপ্পোংগী ক্লাছ (২০২২)-ত অভিনয় কৰিছে।[2] তেওঁ ষ্টাৰডাষ্ট প্ৰমচনৰ এগৰাকী শিল্পী।
কৰ্মজীৱন
[সম্পাদনা কৰক]আৰাকী পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই হাৰাজুকুৰ তাকেশ্বিটা ষ্ট্ৰীটত তেওঁৰ এজেঞ্চী ষ্টাৰডাষ্ট প্ৰমচনে তেওঁক বিচাৰি পাইছিল।[3][4] ২০০৮ চনৰ মে’ মাহত ইকাৰি অ' নাগিৰো-ত মুখ্য চৰিত্ৰত অভিনয় কৰি পৰ্দাত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে তেওঁ প্ৰথম অৱস্থাত শিশুৰ কাপোৰৰ কেটেলগৰ মডেল হিচাপে কাম কৰিছিল।[5][1][6][7] ইয়াৰ পিছত তেওঁ আওই টোৰি, কনফেচনছ আৰু উচোৎসুকি মি-কুন টু কোৱাৰেটা মা-চান-ৰ দৰে ছবিত সৰু চৰিত্ৰত অভিনয় কৰে।[6]
হাইস্কুল পৰ্যায়লৈকে আৰাকীয়ে অভিনয়ৰ অডিচনত উত্তীৰ্ণ হ’বলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল। বিশ্ববিদ্যালয়ত ভৰ্তি হোৱাৰ সময়ত তেওঁ সিদ্ধান্ত লৈছিল যে যদিহে আগন্তুক চাৰি বছৰৰ ভিতৰত তেওঁ কোনো ফলাফল লাভ নকৰে, তেন্তে তেওঁ অভিনয় ত্যাগ কৰিব।[8] ২০১৪ চনত তেওঁৰ কৰ্মজীৱনত এক বিশেষ মোৰ আহে যেতিয়া তেওঁ নন-নো আলোচনীৰ এগৰাকী একচেটিয়া মডেল হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পিছত তেওঁ বিজ্ঞাপনত দেখা দিবলৈ আৰম্ভ কৰে আৰু স্কাইলাৰ্ক হোল্ডিংছৰ ৰেষ্টুৰেণ্ট গাণ্ট’ৰ দৰে ডাঙৰ কোম্পানীসমূহৰ সৈতে চুক্তিবদ্ধ হয়।
২০১৫ চনত বিবাহ সম্পৰ্কীয় আলোচনী জেক্সী-ৰ অষ্টমগৰাকী চিএম গাৰ্ল হিচাপে তেওঁ নিৰ্বাচিত হয়, যাৰ ফলত তেওঁ জনসাধাৰণৰ মাজত অধিক পৰিচিত হৈ পৰে। ১০ বছৰ বয়সৰপৰাই বিনোদন জগতত থকাৰ পিছতো তেওঁক প্ৰায়ে "নতুন অভিনেত্ৰী" হিচাপে পৰিচয় কৰাই দিয়া হৈছিল, গতিকে তেওঁ এগৰাকী নৱাগতৰ দৰেই অভিনয়ত নিজকে নিয়োজিত কৰিবলৈ আৰম্ভ কৰে।[8] ২০১৬ চনত ফুজি টিভিৰ ধাৰাবাহিক লাভ লাভ এলিয়ান-ত তেওঁ প্ৰথমবাৰৰ বাবে টেলিভিছন নাটকত আগশাৰীৰ ভূমিকা লাভ কৰে।[9]
২০১৭ চনত আৰাকীয়ে ক্ৰাইছিছ: স্পেচিয়েল ছিকিউৰিটি স্কোয়াড[10] আৰু ক’ড ব্লু ছিজন ৩-ত সহকাৰী চৰিত্ৰত অভিনয় কৰে।[11] জুলাই মাহত তেওঁ তেওঁৰ প্ৰথমখন ফটোবুক "গাৰ্লফ্ৰেণ্ড" মুকলি কৰে।[12] আগষ্ট মাহত তেওঁ ফেশ্বন ব্ৰেণ্ড এছএলৱাই ৰ ২০১৭-১৮ চনৰ শৰৎ/শীতকালীন অভিযানৰ মডেল হিচাপে নিৰ্বাচিত হয়।[13]
২০১৮ চনত তেওঁ এনটিভিৰ নাটক কিছ দ্যাট কিলছ আৰু ফুজি টিভিৰ নাটক চুইটছ-কে ধৰি কেইবাখনো উল্লেখযোগ্য নাটকত অভিনয় কৰে।
২০১৯ চনৰ জানুৱাৰী মাহত তেওঁ ট্ৰেচ: কাচৌকেন নো ওটোকো-ত মুখ্য চৰিত্ৰত অভিনয় কৰে।[14] ২০১৯ চনৰ ১২ জুলাইত তেওঁ টয় ষ্ট’ৰী ৪-ৰ জাপানী সংস্কৰণত 'গ্যাবি গ্যাবি' চৰিত্ৰত কণ্ঠ দি ডাবিং জগতত আত্মপ্ৰকাশ কৰে।[15] অক্টোবৰ মাহত তেওঁ ফুজি টিভিৰ নাটক মোটোকাৰে মেনিয়া-ত কোৰা কেনগোৰ সৈতে অভিনয় কৰে, যিটো আছিল এটা স্থলীয়া টিভি নাটকত তেওঁৰ প্ৰথম মুখ্য ভূমিকা।[16]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "ja:新ゼクシィガール新木優子 「広瀬すず級の逸材」との評価も" (ja ভাষাত). ShogakukanNews Post Seven. 15 Jun 2015. http://www.news-postseven.com/archives/20150615_328633.html। আহৰণ কৰা হৈছে: 1 July 2016.
- ↑ "ja:新木優子". Oricon News. https://www.oricon.co.jp/prof/582853/। আহৰণ কৰা হৈছে: November 25, 2024.
- ↑ Fuminori, Takakura. "ja:新CMクイーン候補に浮上したフォトジェニック美女☆新木優子" (ja ভাষাত). ArchitectTalent Power Ranking. http://www.talentsearch.jp। আহৰণ কৰা হৈছে: 1 Jul 2016.
- ↑ Takakura, Fuminori (2015-08-05). "ja:新CMクイーン候補に浮上したフォトジェニック美女☆新木優子" (ja ভাষাত). ArchitectTalent Power Ranking. https://www.talentsearch.jp। আহৰণ কৰা হৈছে: 2017-09-03.
- ↑ Saito, Takashi (2016-03-24). "ja:もっと、新木優子①" (ja ভাষাত). Hustle Press. https://hustlepress.co.jp। আহৰণ কৰা হৈছে: 2019-07-18.
- 1 2 "ja:新木優子" (ja ভাষাত). eiga.com. https://eiga.com। আহৰণ কৰা হৈছে: January 1, 2010.
- ↑ "ja:新ゼクシィガール新木優子 「広瀬すず級েৰ 逸材」との評価も" (ja ভাষাত). ShogakukanNews Post Seven. 2015-06-15. https://www.news-postseven.com। আহৰণ কৰা হৈছে: 2015-07-12.
- 1 2 Nikkei Style (2018-10-15). "ja:新木優子、遅咲きの花開く 話題のドラマ・映画に連投" (ja ভাষাত). Nikkei. https://style.nikkei.com। আহৰণ কৰা হৈছে: 2019-08-07.
- ↑ "ja:『ゼクシィ』CMガール新木優子、連ドラ初主演 『ラブラブエイリアン』実写化" (ja ভাষাত). OriconOricon Style. 24 Jun 2016. http://www.oricon.co.jp। আহৰণ কৰা হৈছে: 1 Jul 2016.
- ↑ "ja:小栗旬×西島秀俊、新火9ドラマに田中哲司、野間口徹、新木優子ら出演決定 [Oguri Shun and Nishijima Hidetoshi will appear in the new Tuesday 9pm drama with Tanaka Tetsuji, Nomaguchi Toru, and Araki Yuko]" (ja ভাষাত). Oricon News. January 28, 2017. https://www.oricon.co.jp। আহৰণ কৰা হৈছে: November 25, 2024.
- ↑ (ja ভাষাত)livedoor news. 2018-07-27. https://news.livedoor.com.
- ↑ (ja ভাষাত)RBB Today. 2017-05-16. https://www.rbbtoday.com.
- ↑ (ja ভাষাত)WWD Japan (INFAS Publications). 2017-08-01. https://www.wwdjapan.com.
- ↑ (ja ভাষাত)Numero Tokyo. 2019-02-04. https://numero.jp.
- ↑ "ja:新木優子:「トイ・ストーリー」新作で声優初挑戦 子供に愛されたことがない人形役 [Yuko Araki takes on voice acting for the first time in the new "Toy Story" movie, playing a doll who has never been loved by a child]" (ja ভাষাত). Mantan-web. May 30, 2019. https://mantan-web.jp। আহৰণ কৰা হৈছে: November 25, 2024.
- ↑ (ja ভাষাত)Modelpress. 2019-02-04. https://mdpr.jp.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত ইউকো আৰাকী সম্পৰ্কীয় মিডিয়া ফাইল।- Official blog - (in Japanese)
- Official agency profile - (in Japanese)