ইউক্ৰেইনিয়ান বুক ইনষ্টিটিউট
| ইউক্ৰেইনিয়ান বুক ইনষ্টিটিউট | |
|---|---|
| প্ৰতিষ্ঠা | ২০১৬ |
| ৱেবছাইট | ubi |
ইউক্ৰেইনিয়ান বুক ইনষ্টিটিউট বা ইউক্ৰেনীয় গ্ৰন্থ প্ৰতিষ্ঠান হৈছে ইউক্ৰেইনৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত থকা এটি ৰাষ্ট্ৰীয় গ্ৰন্থ প্ৰতিষ্ঠান। গ্ৰন্থ উদ্যোগত ৰাষ্ট্ৰীয় নীতি গঠন কৰা, কিতাপ পঢ়া অভ্যাসক প্ৰসাৰ কৰা, প্ৰকাশকলৈ সহযোগ আগবঢ়োৱা, অনুবাদক উৎসাহিত কৰা তথা বিদেশত ইউক্ৰেনৰ সাহিত্যক জনপ্ৰিয় কৰা আদি উদ্দেশ্যৰে এই প্ৰতিষ্ঠানটি গঠন কৰা হৈছে।[1]
ইতিহাস
[সম্পাদনা কৰক]২০১৬ চনত এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়।[2]ৰষ্টিস্লাভ চেমকিভ আছিল প্ৰতিষ্ঠানটোৰ প্ৰথমগৰাকী নিৰ্বাচিত কাৰ্যকৰী পৰিচালক, আৰু ২০১৭ চনৰ জুন মাহত টাটিয়ানা টেৰেন প্ৰতিষ্ঠানটোৰ ভাৰপ্ৰাপ্ত পৰিচালক হিচাপে নিযুক্ত হৈছিল।[3]নথিপত্ৰ প্ৰস্তুত কৰা, কামৰ পৰিৱেশ গঠন কৰা আদিৰে টিটিয়ানাই প্ৰতিষ্ঠানটোৰ ভেটি স্থাপন কৰিবলৈ সক্ষম হৈছিল।[4] ছমাহৰ পাছত তেওঁ পদবী এৰে।[5] পৰৱৰ্তী পৰিচালক নিৰ্বাচনৰ পূৰ্বে চাৰ্গেই ইয়াচিনস্কি আৰু তাৰ পিছত ৰুছলান মিৰনেংকো প্ৰতিষ্ঠানটোৰ মুৰব্বীৰ দায়িত্বত আছিল।[6] ২০১৮ চনৰ ২৬ জুলাইত অনুষ্ঠিত হোৱা নতুন নিৰ্বাচনত "ফ’ৰাম অৱ পাব্লিচাৰ্ছ" নামৰ এন জি অ’টিৰ পৰিচালক আলেক্সাণ্ড্ৰা কোভাল বিজয়ী হয়।[7] আৰু তেওঁ ২০১৮ চনৰ ১০ অক্টোবৰৰ পৰা ভাৰপ্ৰাপ্ত পৰিচালক হিচাপে কাম আৰম্ভ কৰে।[8] ১২ ডিচেম্বৰত আলেক্সাণ্ড্ৰা কোভালক আনুষ্ঠানিকভাৱে এই পদত নিযুক্তি দিয়া হয়।[9]
কাৰ্যকলাপ
[সম্পাদনা কৰক]কাৰ্যকৰী নীতি
[সম্পাদনা কৰক]- ইউক্ৰেইনীয় ভাষালৈ আৰু ইয়াৰ পৰা অনুবাদৰ বাবে ধন আগবঢ়োৱা
- পঠনক সমৰ্থন কৰা আৰু ইয়াক জনপ্ৰিয় কৰাৰ সৈতে জড়িত ৰাজ্যিক কাৰ্যসূচী ৰূপায়ণ কৰা
- ৰাজহুৱা খৰচত এতিয়াও প্ৰকাশ নোহোৱা কিতাপ প্ৰকাশৰ বাবে প্ৰতিযোগিতা আয়োজন কৰা
- শিল্পীসকলৰ বাবে আৱাসিক কাৰ্যসূচী ৰূপায়ণ
- ইউক্ৰেইনৰ প্ৰকাশন খণ্ডৰ ওপৰত গৱেষণা আৰু জৰীপ আৰম্ভ কৰা, ইয়াৰ বিকাশৰ পূৰ্বাভাস দিয়া
- ইউক্ৰেইনীয় ভাষাৰ কিতাপ প্ৰকাশত নিয়োজিত ইউক্ৰেইনীয় আৰু বিদেশী প্ৰকাশকসকলক সহযোগ আগবঢ়োৱা
- ইউক্ৰেইনৰ কিতাপ প্ৰকাশনৰ বিকাশ আৰু ইয়াক সমৰ্থনৰ উদ্দেশ্যেৰে অনুষ্ঠান আয়োজন কৰা
- প্ৰকাশন ব্যৱসায়িক সংস্থাসমূহৰ মাজত যোগাযোগ স্থাপন কৰা
- সংবাদ মাধ্যমৰ সৈতে সহযোগিতা[10]
প্ৰয়োগ
[সম্পাদনা কৰক]- বিদেশত ইউক্ৰেইনীয় সাহিত্যৰ প্ৰচাৰ — আন্তঃৰাষ্ট্ৰীয় প্ৰকল্প, বিদেশী গ্ৰন্থমেলাত অংশগ্ৰহণ, অংশীদাৰ আৰু ইউক্ৰেইনৰ সাহিত্যৰ প্ৰতি আগ্ৰহী লোকৰ এক বিশ্বব্যাপী আন্তঃজাল সৃষ্টি।
- বিদেশী প্ৰকাশকৰ বাবে অনুদান প্ৰদান কৰি ইউক্ৰেইনীয় সাহিত্যৰ অনুবাদৰ উত্থানক প্ৰসাৰিত কৰা অনুবাদ সমৰ্থন কাৰ্যসূচী।
- ইউক্ৰেইনৰ কিতাপ কাৰ্যসূচীয়ে নতুন প্ৰকাশনৰ বিত্তীয় সাহায্যৰ জৰিয়তে ইউক্ৰেইনৰ কিতাপৰ বজাৰৰ বিকাশত সহায় আৰু প্ৰসাৰ ঘটায়।
- ডিজিটেল লাইব্ৰেৰী - এই প্ৰগ্ৰেমটো হৈছে ইউক্ৰেইনৰ ক্লাছিক, নতুন কিতাপ আৰু সকলোৰে বাবে উপলব্ধ বিৰল প্ৰকাশনৰ সম্পূৰ্ণ ডিজিটেল ডাটাবেছ তৈয়াৰ কৰাৰ এক প্ৰকল্প।
- ইউক্ৰেইনত পঠন প্ৰচাৰ কাৰ্যসূচী হৈছে জনসাধাৰণৰ পঢ়াৰ স্তৰ আৰু মান উন্নত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা কেইবাটাও ৰাষ্ট্ৰীয় প্ৰকল্প।
- ৰাজহুৱা পুথিভঁৰাল পুনঃপূৰণ কাৰ্যসূচী - সমগ্ৰ ইউক্ৰেইনৰ ৰাজহুৱা পুথিভঁৰালসমূহ শেহতীয়াকৈ প্ৰকাশিত গ্ৰন্থৰ পুনৰ অন্তৰ্ভুক্তি কৰোৱা।
আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান
[সম্পাদনা কৰক]- ফ্ৰাংকফুৰ্ট বুক ফেয়াৰ
বিদেশৰ গ্ৰন্থমেলা আৰু উৎসৱত ৰাষ্ট্ৰীয় ষ্টল বহুৱাটো প্ৰতিষ্ঠানটোৰ অন্যতম মূল কাম আছিল। ২০১৮ চনত বিশ্বৰ সৰ্ববৃহৎ প্ৰকাশন অনুষ্ঠান ফ্ৰেংকফৰ্ট গ্ৰন্থমেলাত ইউক্ৰেইনৰ সফল অংশগ্ৰহণ তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ কৃতিত্ব আছিল।

‘চেন্সেছ অৱ ইউক্ৰেইন’ ২০১৮ চনৰ ফ্ৰাংকফুৰ্ট গ্ৰন্থমেলাৰ ইউক্ৰেইনীয় ষ্টলৰ শ্লোগান আছিল।[11] ই ইংৰাজী শব্দ senses ৰ দ্বৈত অৰ্থ বহন কৰে — ‘sensations’ আৰু ‘meanings’. আয়োজকসকলে শ্ৰৱণ, দৃষ্টি, স্পৰ্শ আৰু ৰুচি আদি মৌলিক অনুভূতি ব্যৱহাৰ কৰি ইউক্ৰেইনৰ সৈতে গ্ৰাহকসকলৰ পৰিচয় কৰাই দিছিল। এজন মিডিয়া শিল্পী, কলা ইতিহাসবিদ আৰু মাল্টিমিডিয়া প্ৰকল্পৰ কিউৰেটৰ আন্দ্ৰে লিনিকে ইউক্ৰেইন ষ্টলৰ দৃশ্যগত ধাৰণাটো বিকশিত কৰিছিল।[12]
১৪০ বৰ্গমিটাৰ আগুৰা ঠাইত বিখ্যাত ইউক্ৰেনীয় লেখকসকল পূৰ্ণদৈৰ্ঘ্য ছবি দেখাৰ লগতে ইয়াত চেন্সেছ অৱ ইউক্ৰেইনে কি অৰ্থ বহন কৰে তেওঁলোকৰ মুখেৰে শুনিব পাৰি। ইউক্ৰেইনীয় কিতাপ প্ৰতিষ্ঠানৰ সৈতে আন ১৬টা ইউক্ৰেইনীয় প্ৰকাশন প্ৰতিষ্ঠানে ফ্ৰাংকফুৰ্ট গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছিল।[13]
- প্ৰাগ বুক ফেয়াৰ, ৱৰ্ল্ড অৱ বুকচ্ ২০১৮
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 10 запитань про Інститут книги - Лівий берег, 16 січня 2018
- ↑ "Наказ : Про створення Українського інституту книги". consultant.parus.ua. http://consultant.parus.ua/?doc=0A9WEC3A6C। আহৰণ কৰা হৈছে: 2019-01-24.
- ↑ "Міністерство культури України :: Переможцем конкурсного добору на посаду директора Українського інституту книги визначено Тетяну Терен". mincult.kmu.gov.ua. Archived from the original on 2018-07-18. https://web.archive.org/web/20180718144558/http://mincult.kmu.gov.ua/control/uk/publish/article?art_id=245258727। আহৰণ কৰা হৈছে: 2019-01-24.
- ↑ "Тетяна Терен звільнилася з Українського інституту книги". Українська правда _Життя. http://life.pravda.com.ua/culture/2018/01/20/228570/। আহৰণ কৰা হৈছে: 2019-01-24.
- ↑ "Читомо". 2018-01-31. http://www.chytomo.com/blogs/teren-chomu-ya-jdu-z-posadi-direktorki-institutu-knigi। আহৰণ কৰা হৈছে: 2019-01-24.
- ↑ "Нищук призначив ВО директора Українського інституту книги" (uk ভাষাত). www.ukrinform.ua. https://www.ukrinform.ua/rubric-culture/2396796-nisuk-priznaciv-vo-direktora-ukrainskogo-institutu-knigi.html। আহৰণ কৰা হৈছে: 2019-01-24.
- ↑ "Інститут Книги". book-institute.org.ua. Archived from the original on 2019-01-24. https://web.archive.org/web/20190124203405/https://book-institute.org.ua/news/oleksandra-koval-vigrala-konkurs-na-posadu-direktora-ukrajinskogo-institutu-knigi। আহৰণ কৰা হৈছে: 2019-01-24.
- ↑ "Інститут Книги". book-institute.org.ua. Archived from the original on 2019-01-24. https://web.archive.org/web/20190124203540/https://book-institute.org.ua/news/oleksandra-koval-oficiyno-zatverdzhena-direktorom-ukrajinskogo-institutu-knigi। আহৰণ কৰা হৈছে: 2019-01-24.
- ↑ "Інститут Книги". book-institute.org.ua. Archived from the original on 2019-01-25. https://web.archive.org/web/20190125020243/https://book-institute.org.ua/news/oleksandra-koval-oficiyno-stala-direktorom-institutu-knigi। আহৰণ কৰা হৈছে: 2019-01-24.
- ↑ "Міністерство культури України :: Статут Державної установи "Український Інститут книги"". 195.78.68.75. Archived from the original on 2019-01-24. https://web.archive.org/web/20190124203933/http://195.78.68.75/mcu/control/publish/article?art_id=245224945। আহৰণ কৰা হৈছে: 2019-01-24.
- ↑ "Міністерство культури України :: Стартував 70-й Міжнародний Франкфуртський книжковий ярмарок". mincult.kmu.gov.ua. Archived from the original on 2019-01-25. https://web.archive.org/web/20190125020310/http://mincult.kmu.gov.ua/control/publish/article?art_id=245422577। আহৰণ কৰা হৈছে: 2019-01-24.
- ↑ "Українські письменники розкрили "Senses of Ukraine" на Франкфуртському книжковому ярмарку". LB.ua. http://ukr.lb.ua/blog/yulia_valova/410089_ukrainski_pismenniki_rozkrili.html। আহৰণ কৰা হৈছে: 2019-01-24.
- ↑ "Міністерство культури України :: Стартував 70-й Міжнародний Франкфуртський книжковий ярмарок". mincult.kmu.gov.ua. Archived from the original on 2019-01-25. https://web.archive.org/web/20190125020310/http://mincult.kmu.gov.ua/control/publish/article?art_id=245422577। আহৰণ কৰা হৈছে: 2019-01-24.