সমললৈ যাওক

ইউনিচ গেচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউনিচ গেচন

১৯৬০ চনত গেচন
জন্ম ইউনিচ এলিজাবেথ চাৰগাইচন
১৭ মাৰ্চ, ১৯২৮
ষ্ট্ৰীথাম, লণ্ডন, ইংলেণ্ড
মৃত্যু ৮ জুন, ২০১৮ (৯০ বছৰ বয়সত)
লণ্ডন, ইংলেণ্ড
শিক্ষা এডিনবাৰ্গ একাডেমী
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪৮–২০১৮
দাম্পত্যসঙ্গী
  • লেই ভেন্স (বিবাহ ১৯৫৩; বিচ্ছেদ ১৯৫৯)
  • ব্ৰায়ান জেকচন (বিবাহ ১৯৬৮; বিচ্ছেদ ১৯৭৭)

ইউনিচ এলিজাবেথ চাৰগাইচন[1] (১৭ মাৰ্চ ১৯২৮ – ৮ জুন ২০১৮), যাক পেছাদাৰীভাৱে ইউনিচ গেচন নামেৰে জনা যায়, এগৰাকী ইংৰাজ অভিনেত্ৰী আছিল। তেওঁ প্ৰথম দুখন জেমছ বণ্ডৰ বোলছবি (ড° নো আৰু ফ্ৰম ৰাছিয়া উইথ লাভ)ত জেমছ বণ্ডৰ প্ৰেমিকা চিলভিয়া ট্ৰেন্সৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত আৰু সেয়েহে তেওঁক প্ৰথম "বণ্ড গাৰ্ল" বুলি গণ্য কৰা হয়। দুখনকৈ বোলছবিত এই ভূমিকাত অৱতীৰ্ণ হোৱা তেওঁ আছিল একমাত্ৰ অভিনেত্ৰী, যেতিয়ালৈকে প্ৰায় ৬০ বছৰৰ পাছত লেয়া চেডুৱে স্পেক্টৰ আৰু নো টাইম টু ডাইত অভিনয় কৰা নাছিল।

আদি জীৱন

[সম্পাদনা কৰক]

গেচন আৰু তেওঁৰ যমজ ভগ্নী পেট্ৰিচিয়া ১৯২৮ চনত ক্ৰয়ডনত জন আৰু মাৰিয়া চাৰগাইচনৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ এজন অসামৰিক বিষয়া আছিল। পৰিয়ালটো লণ্ডনৰ ষ্ট্ৰীথামৰ নিবাসী আছিল যদিও পিছলৈ তেওঁলোক ছাৰেৰ পাৰ্লি আৰু তাৰ পিছত গ্লাছগোত বসবাস কৰিছিল আৰু শেষত এডিনবাৰ্গত নিগাজিকৈ থাকিবলৈ লয়। তাত তেওঁ এডিনবাৰ্গ একাডেমীত অধ্যয়ন কৰিছিল আৰু অপেৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]
দ্য ৰিভেঞ্জ অৱ ফ্ৰাংকেনষ্টাইনত মাৰ্গাৰেটৰ চৰিত্ৰত গেচন

গেচনে হেমমাৰ হৰৰ বোলছবি দ্য ৰিভেঞ্জ অৱ ফ্ৰাংকেনষ্টাইনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ টিভি ধাৰাবাহিক দ্য চেইণ্ট (য’ত ভৱিষ্যতৰ জেমছ বণ্ড ৰজাৰ মূৰে অভিনয় কৰিছিল) আৰু দ্য এভেঞ্জাৰ্ছত ভূমুকি মাৰিছিল।[3] তেওঁ ১৯৬২ চনৰ লণ্ডনৰ মঞ্চ নাট দ্য চাউণ্ড অৱ মিউজিকত বেৰোনেছ এলছা শ্ৰায়েডাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। সেই সময়ছোৱাতে তেওঁ প্ৰথম দুখন বণ্ড বোলছবি ড° নো আৰু ফ্ৰম ৰাছিয়া উইথ লাভৰ দৃশ্যগ্ৰহণো সম্পন্ন কৰিছিল।[4] তেওঁ লণ্ডনৰ থিয়েটাৰত নিয়মিতভাৱে সক্ৰিয় আছিল আৰু ১৯৭১ চনত কমেডী নাটক দ্য গ্ৰাছ ইজ গ্ৰীনাৰত অভিনয় কৰিছিল। নব্বৈৰ দশকৰ আৰম্ভণিতে গেচনে ষ্টিফেন চণ্ডহেইমৰ ইনটু দ্য উডছত আইতাকৰ চৰিত্ৰত অভিনয় কৰিছিল।[2]

বণ্ড বোলছবি

[সম্পাদনা কৰক]

প্ৰথম দুখন জেমছ বণ্ড বোলছবি ড° নো আৰু ফ্ৰম ৰাছিয়া উইথ লাভত গেচনে লণ্ডনত জেমছ বণ্ডৰ প্ৰেমিকা চিলভিয়া ট্ৰেন্সৰ চৰিত্ৰত অভিনয় কৰিছিল। প্ৰাৰম্ভিক দৃশ্যবোৰত বণ্ডই তাইৰ সৈতে সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰে যদিও কোনো গুৰুতৰ পৰ্যায়লৈ যোৱাৰ আগতেই তেওঁক এক অভিযানৰ বাবে মাতি পঠোৱা হয়। এইটো কেইবাখনো বোলছবিত এক চলিত ধাৰা হিচাপে ৰখাৰ পৰিকল্পনা কৰা হৈছিল, কিন্তু দ্বিতীয়খন ছবিৰ পিছত এই চৰিত্ৰটো আঁতৰাই দিয়া হয়।[2] বণ্ডৰ অতি পৰিচিত পৰিচয়মূলক বাক্য "বণ্ড, জেমছ বণ্ড"ৰ বাবে এই চৰিত্ৰটোৱেই দায়ী; যেতিয়া ড° নোত 'শ্বেমান ডি ফাৰ' খেলৰ সময়ত ট্ৰেন্সে নিজৰ পৰিচয় "ট্ৰেন্স, চিলভিয়া ট্ৰেন্স" বুলি দিয়ে, তেতিয়া বণ্ডই তাইৰ কথা কোৱাৰ শৈলী অনুকৰণ কৰি একেদৰেই উত্তৰ দিয়ে।[3]

গেচনক প্ৰথমে ড° নোত এম-ৰ সচিব মিছ মানিপেনীৰ চৰিত্ৰৰ বাবে নিৰ্বাচন কৰা হৈছিল, আনহাতে মানিপেনীৰ চৰিত্ৰত অভিনয় কৰা লুইছ মেক্সৱেলক চিলভিয়া ট্ৰেন্সৰ বাবে বাছনি কৰা হৈছিল। অৱশ্যে মেক্সৱেলে ট্ৰেন্সৰ চৰিত্ৰটো কিছু পৰিমাণে অশোভনীয় বুলি অনুভৱ কৰাত তেওঁলোকৰ ভূমিকা সলনি কৰা হয়। সেইবাবে গেচনক প্ৰথম "বণ্ড গাৰ্ল" বুলি গণ্য কৰা হয়।[5][6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

গেচনে ১৯৫৩ চনত লেখক লেই ভেন্সৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ এই বিবাহ আমেৰিকাৰ টেলিভিছন ধাৰাবাহিক ব্ৰাইড এণ্ড গ্ৰুমত প্ৰদৰ্শিত হৈছিল। ১৯৫৯ চনত তেওঁলোকৰ বিচ্ছেদ ঘটে আৰু ১৯৬৮ চনত তেওঁ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা ব্ৰায়ান জেকচনক বিয়া কৰায়। দহবছৰীয়া বৈবাহিক জীৱনৰ অন্তত বিচ্ছেদ হোৱাৰ পূৰ্বে গেচন আৰু জেকচনৰ এজনী কন্যা সন্তান জন্ম হৈছিল। তেওঁলোকৰ কন্যা কাটে পৰৱৰ্তী সময়ত ১৯৯৫ চনৰ বণ্ড বোলছবি গ'ল্ডেন আইৰ কেচিনো দৃশ্যত অভিনয় কৰিছিল।[7] ২০১৮ চনৰ ৮ জুনত ৯০ বছৰ বয়সত গেচনৰ মৃত্যু হয়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]