সমললৈ যাওক

ইউফ্ৰ’চাইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউফ্ৰ’চাইন
ভাল উল্লাস, আনন্দ আৰু হাস্যৰ দেৱী
চাৰিটেছ-ৰ সদস্য

ইউফ্ৰ’চাইনৰ মূৰ্তি
সম্পৰ্ক এফ্ৰোডাইটি
নিবাস অলিম্পাছ
পিতৃ-মাতৃ জ্যুছ আৰু ইউৰিনম
ইৰেবাছ আৰু নাইক্স[1]

ইউফ্ৰ’চাইন (/juːˈfrɒzɪniː/, ইংৰাজী: Euphrosyne, প্ৰাচীন গ্ৰীক: Εὐφροσύνη) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত চাৰিটেছসকলৰ অন্তৰ্গত এগৰাকী অন্যতম দেৱী৷ ৰোমান পৌৰাণিক কাহিনীত এওঁলোকক গ্ৰেচ বুলি জনা যায়। কোনো কোনো সংস্কৰণত তেওঁক ইউথিমিয়া (প্ৰাচীন গ্ৰীক: Εὐθυμία, আক্ষৰিক অৰ্থ: 'ভাল মেজাজ') বা ইউটিচিয়া (প্ৰাচীন গ্ৰীক: Εὐτυχία, আক্ষৰিক অৰ্থ: 'ভাল উল্লাস') বুলিও কোৱা হৈছিল।[2]

পৰিয়াল

[সম্পাদনা কৰক]

হেচিয়ডৰ মতে ইউফ্ৰ’চাইন আৰু তেওঁৰ ভগ্নী থেলিয়া আৰু এগলিয়া জ্যুছ আৰু সাগৰ দেৱী ইউৰিনমৰ কন্যা আছিল।[3] বিকল্প পিতৃ-মাতৃ জ্যুছ আৰু ইউৰিডম, ইউৰিমেডুছা বা ইউয়ান্থে;[4] ডাইঅ'নিছাছ আৰু ক'ৰ'নিছ;[5] বা হেলিঅ'ছ আৰু নাইয়াড এগল[6] হ’ব পাৰে৷

ৰোমান লেখক হাইজিনাছে তেওঁৰ ফেবুলেত ইউফ্ৰ’চাইন নামৰ এটা চৰিত্ৰৰ কথা উল্লেখ কৰিছে, যি ৰাতিৰ দেৱী নাইক্স আৰু অন্ধকাৰৰ দেৱতা ইৰেবাছৰ কন্যা।[7]

পৌৰাণিক কাহিনী

[সম্পাদনা কৰক]

ইউফ্ৰ’চাইন হৈছে উল্লাস, আনন্দ আৰু হাস্যৰ দেৱী।[8] তেওঁৰ নামৰ অৰ্থ হৈছে ইউফ্ৰ’চাইনোছ (euphrosynos) শব্দৰ স্ত্ৰীলিংগ বাচক শব্দ, যাৰ অৰ্থ হৈছে "আনন্দ"। পিন্দাৰে লিখিছে যে পৃথিৱীখনক সুখদায়ক মুহূৰ্ত আৰু সদিচ্ছাৰে ভৰাই তুলিবলৈ এই দেৱীসকলক সৃষ্টি কৰা হৈছে।[9] চাৰিটেছসকল সৌন্দৰ্য্যৰ দেৱী আফ্ৰডাইটৰ সৈতে থাকে।[10]

শিল্পত ইউফ্ৰ’চাইনক সাধাৰণতে তেওঁৰ ভগ্নীসকলৰ সৈতে নাচি থকা অৱস্থাত চিত্ৰিত কৰা হয়।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Hyginus, Fabulae Preface.
  2. Pindar, fr. 155
  3. Hesiod, Theogony 907
  4. Cornutus, Compendium of Greek Theology 15
  5. Nonnus, Dionysiaca 15.87 & 48.530
  6. Pausanias, 9.35.5
  7. Hyginus, Fabulae Preface.
  8. 8.0 8.1 Larson, Jennifer (2007). Ancient Greek Cults. প্ৰকাশক New York, NY: Routledge. পৃষ্ঠা. 162–163. ISBN 978-0415491020. 
  9. Pindar, Olympian Ode 14.1-20
  10. Homeric Hymn 5 to Aphrodite 58