ইউৰোপিয়ান প্লেটফৰ্ম অৱ উইমেন চাইন্টিষ্টছ
ইউৰোপিয়ান প্লেটফৰ্ম অৱ উইমেন চাইণ্টিষ্টছ (ইংৰাজী: European Platform of Women Scientists; চমুকৈ EPWS) হৈছে এক ছত্ৰছায়া সংগঠন যিয়ে ইউৰোপৰ ২৭খন দেশ আৰু ইউৰোপীয় ইউনিয়নৰ গৱেষণা তথা প্ৰযুক্তিগত উন্নয়নৰ ফ্ৰেমৱৰ্ক প্ৰগ্ৰেমৰ সৈতে জড়িত দেশসমূহৰ সকলো শাখাৰ গৱেষণাত লিংগ সমতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বিজ্ঞানী মহিলা আৰু সংগঠনসমূহৰ নেটৱৰ্কসমূহক একগোট কৰে।[1] এই প্লেটফৰ্মখনে যিকোনো শাখাত কাম কৰা গৱেষক আৰু প্ৰাকৃতিক বিজ্ঞানৰপৰা আৰম্ভ কৰি সমাজ বিজ্ঞানলৈকে (কেৱল বিজ্ঞান, অভিযান্ত্ৰিকী আৰু প্ৰযুক্তিতে সীমাবদ্ধ নহয়) বহল অৰ্থত বিজ্ঞানৰ সৈতে জড়িত সকলোকে আদৰণি জনায়। বৰ্তমান এই সংগঠনটোত ১০০তকৈও অধিক সদস্য সংগঠন আছে, যিয়ে সমগ্ৰ ইউৰোপৰ শৈক্ষিক আৰু উদ্যোগিক গৱেষণাৰ সৈতে জড়িত ১২,০০০তকৈও অধিক মহিলা গৱেষকৰ হৈ কাম কৰি আছে।
ই এটা লাভহীন প্ৰতিষ্ঠান। ই সকলো শাখাৰ গৱেষণাত লিংগ সমতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বিজ্ঞানী মহিলা আৰু সংগঠনসমূহৰ এক ছত্ৰছায়া নেটৱৰ্ক। ইয়াৰ প্ৰধান কাৰ্যালয় বেলজিয়ামৰ ব্ৰাছেলছত অৱস্থিত।
উদ্দেশ্য
[সম্পাদনা কৰক]২০০৫ চনৰ নৱেম্বৰ মাহত বেলজিয়ামৰ আইন অনুসৰি এক আন্তঃৰাষ্ট্ৰীয় লাভহীন প্ৰতিষ্ঠান হিচাপে ইয়াক আইনীভাৱে প্ৰতিষ্ঠা কৰা হৈছিল।[2] ১১ গৰাকী উচ্চ পদস্থ বিজ্ঞানী মহিলাৰদ্বাৰা গঠিত এখন আন্তঃৰাষ্ট্ৰীয় আৰু বহুমুখী প্ৰশাসনীয় ব'ৰ্ডৰদ্বাৰা পৰিচালিত এই সংগঠনটোৱে ইউৰোপীয় গৱেষণা নীতিত এক নতুন কৌশলগত আহিলা হিচাপে কাম কৰে।[3] ই গৱেষণা আৰু গৱেষণা নীতি প্ৰক্ৰিয়াত বিজ্ঞানী মহিলাসকলৰ উন্নত অংশগ্ৰহণ সুনিশ্চিত কৰাৰ লগতে গৱেষণাত লিংগ সমতা অন্তৰ্ভুক্ত কৰাৰ বাবে ইউৰোপীয় পৰ্যায়ত লোৱা বিভিন্ন পদক্ষেপসমূহক পৰিপূৰক হিচাপে সহায় কৰে।[4]
লক্ষ্যসমূহ
[সম্পাদনা কৰক]প্লেটফৰ্মখনৰ মুখ্য লক্ষ্যসমূহ হৈছে:
- সকলো শাখাৰ বিজ্ঞানী মহিলাসকলৰ মাজত নেটৱৰ্কিং গঢ়ি তোলা আৰু বৰ্তমানৰ নেটৱৰ্কসমূহক একত্ৰিত কৰা; বিশেষকৈ মধ্য আৰু পূব ইউৰোপৰ লগতে ব্যক্তিগত খণ্ডৰ বিজ্ঞানী মহিলাসকলৰ মাজত নেটৱৰ্কিং কাৰ্যসূচীক প্ৰসাৰিত কৰা।[5]
- ইউৰোপীয় গৱেষণা আৰু ইয়াৰ নীতি নিৰ্ধাৰণকাৰী সংস্থাসমূহত বিজ্ঞানী মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰা – যেনে প্ৰকল্প গৱেষক, নেতা আৰু সমন্বয়ক হিচাপে, লগতে পৰ্যালোচনা তথা মূল্যায়ন পেনেল আৰু উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ গোটসমূহত তেওঁলোকৰ উপস্থিতি সুনিশ্চিত কৰা।[6]
- ৰাষ্ট্ৰীয় আৰু ইউৰোপীয় গৱেষণা কাৰ্যসূচীত বিজ্ঞানী মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰা, বিশেষকৈ ইউৰোপীয় ইউনিয়নৰ গৱেষণা আৰু প্ৰযুক্তিগত উন্নয়নৰ সপ্তম ফ্ৰেমৱৰ্ক প্ৰগ্ৰেমত (FP7)।[7]
- সকলো বৈজ্ঞানিক ক্ষেত্ৰতে বিজ্ঞান আৰু গৱেষণা নীতিত লিংগ সমতাৰ গুৰুত্ব তথা ইয়াৰ অন্তৰ্ভুক্তিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, লগতে এক অন্তৰ্ভুক্তিমূলক আৰু লিংগ-সংবেদনশীল উৎকৰ্ষ তথা উদ্ভাৱনৰ ধাৰণাক প্ৰসাৰিত কৰা।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Gender Balance as a Precondition – Requirements for a Strong Scientific Culture in the European Research Area, book contribution by Maren Jochimsen and Brigitte Mühlenbruch, in: Encouragement to Advance – Supporting Women in European Science Careers, Anke Lipinsky (ed.), cews.Beiträge Frauen in Wissenschaft und Forschung No.5, Bielefeld: Kleine Verlag 2009, pp. 11-24.". Archived from the original on 22 July 2011. https://web.archive.org/web/20110722030339/http://www.cpo.cnr.it/friend/documenti/Rgenere/CEWS5.pdf। আহৰণ কৰা হৈছে: 19 November 2010.
- ↑ http://www.epws.org/index.php?option=com_docman&task=doc_download&gid=19 সাঁচ:Bare URL inline
- ↑ Preparing Europe for a New Renaissance, A Strategic View of the European Research Area, First Report of European Research Area Board, 2009, p. 18
- ↑ "The voice of women scientists in EU research policy – The establishment of the European Platform of Women Scientists as a new strategic instrument in EU research policy, book contribution by Pauleen Colligan and Maren Jochimsen, in: Encouragement to Advance – Supporting Women in European Science Careers, Anke Lipinsky (ed.), cews.Beiträge Frauen in Wissenschaft und Forschung No.5, Bielefeld: Kleine Verlag 2009, pp. 184-199". Archived from the original on 22 July 2011. https://web.archive.org/web/20110722030339/http://www.cpo.cnr.it/friend/documenti/Rgenere/CEWS5.pdf। আহৰণ কৰা হৈছে: 19 November 2010.
- ↑ News Alert: Launch Event, European Platform of Women Scientists, European Commission DG Research, 28 March 2006
- ↑ Benchmarking policy measures for gender equality in science, European Commission Directorate-General for Research Communication Unit, 2009, p.29
- ↑ Causse, Emmanuelle (2009). "Women in Science in Europe: EU Policies for the Promotion of Women Scientists and the Role of the European Platform of Women Scientists in Shaping Them". World Congress on Medical Physics and Biomedical Engineering, September 7 – 12, 2009, Munich, Germany. IFMBE Proceedings. 25/12. পৃষ্ঠা. 393–396. doi:10.1007/978-3-642-03893-8_114. ISBN 978-3-642-03892-1. https://doi.org/10.1007%2F978-3-642-03893-8_114.
- ↑ Study on Networks of Women Scientists Recommendations Report, Bradley Dunbar Associates, 2003, p. 3