ইকুমি য়োছিমাটছু
| ইকুমি য়োছিমাটছু | |
|---|---|
| স্থানীয় নাম | 吉松 育美 |
| জন্ম | ২১ জুন, ১৯৮৭ (৩৯ বছৰ) ছাগা প্ৰিফেকচাৰ, জাপান |
| ৰাষ্ট্ৰীয়তা | জাপান |
| পেচা | অভিনেত্ৰী, ষ্টণ্টৱুমান, লেখিকা, সমাজকৰ্মী |
| সক্ৰিয় হৈ থকা সময় | ২০১০–বৰ্তমান |
| জনা যায় | মিছ ইণ্টাৰনেচনেল ২০১২ বিজয়ী |
| উচ্চতা | ১.৭২ মিটাৰ |
ইকুমি য়োছিমাটছু (吉松 育美; জন্ম: ২১ জুন, ১৯৮৭) এগৰাকী জাপানী অভিনেত্ৰী, শিল্পী, লেখিকা, বক্তা, সমাজকৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগী। তেওঁ অকিনাৱাত অনুষ্ঠিত মিছ ইণ্টাৰনেচনেল ২০১২ প্ৰতিযোগিতাত বিজয়ী হয়।[1] ই প্ৰতিযোগিতাৰ ৫২বছৰীয়া ইতিহাসত জাপানৰ প্ৰথম মিছ ইণ্টাৰনেচনেল বিজয়।[2][3][4][5]
২০১৪ চনত ঐতিহাসিক কমফৰ্ট ৱুমেন বিষয়ত ৰাজহুৱা সমৰ্থন জনোৱাৰ বাবেই জাপানৰ ৰাষ্ট্ৰবাদী আৰু সোঁপন্থী দল-গোটসমূহে তেওঁৰ ওপৰত ভয়-ভীতি প্ৰদৰ্শন, অপমান আৰু সমালোচনা কৰিছিল। মহিলাৰ অধিকাৰ-সংক্ৰান্ত দাবীসমূহ উত্থাপনত তেওঁ এগৰাকী নিৰ্ভীক আৰু স্পষ্ট কণ্ঠস্বৰৰ নেত্ৰী হিচাপে পৰিচিত।[6]
য়োছিমাটছুৱে জাপানত নাৰী সুৰক্ষাৰ উদ্দেশ্যেৰে “STALKER-ZERO” নামৰ অভিযান আৰম্ভ কৰে। ব্যক্তিগত অভিজ্ঞতা আন্তৰ্জাতিক সংবাদ-মাধ্যমৰ সংবাদ-মেলত ৰাজহুৱাভাৱে প্ৰকাশ কৰা প্ৰথম উচ্চ-প্ৰফাইল মহিলা হিচাপে তেওঁ জনাজাত।
তেওঁ টেড টকছৰ বক্তা হিচাপেও অংশ লৈছিল, য’ত জাপানত মহিলাৰ সুৰক্ষাৰ বাবে অধিক শক্তিশালী আইনৰ প্ৰয়োজনীয়তা উপস্থাপন কৰিছিল।[7]
২০১৫ চনত ইকুমিয়ে Global Student Diplomacy Network (GSDN) স্থাপন কৰে, যাৰ জৰিয়তে বিভিন্ন দেশৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহক Skype-ৰ জৰিয়তে সাংস্কৃতিক বিনিময়ৰ বাবে সংযুক্ত কৰা হয়। প্ৰথম বিনিময় কাৰ্যক্ৰমত বিশেষ অতিথি হিচাপে অংশ লৈছিল পীটাৰ ইয়াৰো আৰু ছাগা প্ৰিফেকচাৰৰ গভৰ্ণৰ ইয়াছুশি ফুৰুকাৱাই।[8]
তেওঁ টোকিঅ'স্থিত ইউনিভাৰ্ছিটি অৱ দ্য ছেক্ৰেড হাৰ্টৰপৰা শিক্ষকতাৰ শিক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষা বিষয়ত ডিগ্ৰী অৰ্জন কৰিছিল।
ইকুমি HBO-ৰ ধাৰাবাহিক Westworld-ৰ তিনিটা খণ্ডত অভিনেত্ৰী আৰু তাও অকামোটোৰ stunt double হিচাপেও অংশগ্ৰহণ কৰিছে।[9] তেওঁ মাইকেল বেইৰ নেটফ্লিক্স চলচ্চিত্ৰ ছিক্স আণ্ডাৰগ্ৰাউণ্ডতো অভিনয় কৰিছে।[10] ইকুমি LightStinger নামৰ আন্তৰ্জাতিক এক্সন-থ্ৰিলাৰ ধাৰাবাহিকৰ ১০টা খণ্ডত মুখ্য ভূমিকাত অভিনয়ৰ বাবে নিৰ্বাচিত হৈছে আৰু বৰ্তমান শুটিং কৰি আছে।[11] ইকুমি নিকো ছাণ্টুচ্চিৰ Sarogeto চলচ্চিত্ৰত মুখ্য অভিনেত্ৰী হিচাপেও অভিনয় কৰিছে, য’ত তেওঁৰ সৈতে উইনচৰ হাৰ্মন আৰু এৰিক ৰবাৰ্টছে অংশগ্ৰহণ কৰিছে।[12]
ইকুমি য়োছিমাটছুয়ে চিত্ৰ আৰু অৰ্জিত খ্যাতিক স্ব-উন্নয়ন, সামাজিক দায়িত্ববোধ আৰু সচেতনতা-অভিযানত জড়িত কৰাৰ পক্ষে সদায় সোচ্চাৰ। তেওঁ নিজৰ অভিজ্ঞতাৰপৰা জাপানৰ বিনোদন-জগতৰ অন্তৰ্নিহিত সমস্যা, বিশেষকৈ ক্ষমতা-দুৰ্ব্যৱহাৰ, শিল্পী-সংস্থাসমূহৰ আধিপত্য আৰু নাৰী-বৈষম্যৰ বিষয়ে বহু আন্তৰ্জাতিক মঞ্চত বক্তব্য দিছে।[13] তেওঁ "Stalker Zero" নামৰ অনলাইন অভিযান আৰম্ভ কৰি জাপানত নাৰী-সুৰক্ষা আৰু হয়ৰানি-বিৰোধী আইনী সংস্কাৰৰ দাবী কৰিলে, য’ত ২০১৪ চনত ১ লক্ষাধিক লোক সই আগবঢ়াইছিল।[14] এই অভিযানে তৎকালীন জাপানৰ প্ৰথম লেডী ইনিই আবেৰো মনোযোগ আকৰ্ষণ কৰিছিল, আৰু ই নীতি-সংস্কাৰ সম্পৰ্কে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা আৰম্ভ কৰিবলৈ সহায়ক হৈছিল।[15]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Desai, Purva (22 October 2012). "JAPAN WALKS AWAY WITH MISS INTERNATIONAL 2012 TITLE!". The Times of India. Archived from the original on 8 December 2013. https://web.archive.org/web/20131208043726/http://beautypageants.indiatimes.com/news/Japan-walks-away-with-Miss-International-2012-title/articleshow/16903551.cms.
- ↑ ADELSTEIN, JAKE (11 December 2013). "Celebrity stands up to talent agency 'stalker'". japantimes.co.jp. http://www.japantimes.co.jp/news/2013/12/11/national/celebrity-stands-up-to-talent-agency-stalker/#.U0IMDvmSyol.
- ↑ "Beauty queen Ikumi Yoshimatsu alleges her life was threatened over refusal to sign with talent agency". news.com.au. 16 December 2013. http://www.news.com.au/entertainment/celebrity-life/beauty-queen-ikumi-yoshimatsu-alleges-her-life-was-threatened-over-refusal-to-sign-with-talent-agency/story-fn907478-1226784510201.
- ↑ ADELSTEIN, JAKE (25 December 2013). "First lady scrutinizes blackballing of beauty queen". japantimes.co.jp. http://www.japantimes.co.jp/news/2013/12/25/national/first-lady-scrutinizes-blackballing-of-beauty-queen/#.U0IMDvmSyok.
- ↑ Adelstein, Jake (18 December 2013). "Japan's Miss International Takes on Mob-Backed Entertainment Complex". thedailybeast.com. http://www.thedailybeast.com/articles/2013/12/18/japan-s-miss-international-takes-on-mob-backed-entertainment-complex.html.
- ↑ "Japan's Former Miss International Called 'Traitor'" (as ভাষাত). The Diplomat. 2014-04-18. https://thediplomat.com/2014/04/japans-former-miss-international-called-traitor/.
- ↑ "TED Talks" (as ভাষাত). https://www.ted.com/tedx/events/15815। আহৰণ কৰা হৈছে: 2019-10-30.
- ↑ "GSDN" (as ভাষাত). https://www.city.tosu.lg.jp/3644.htm/। আহৰণ কৰা হৈছে: 2019-10-30.[সংযোগবিহীন উৎস]
- ↑ "Westworld" (as ভাষাত). https://www.imdb.com/name/nm6140451/। আহৰণ কৰা হৈছে: 2019-10-30.
- ↑ "6 Underground" (as ভাষাত). https://www.imdb.com/name/nm6140451/। আহৰণ কৰা হৈছে: 2019-10-30.
- ↑ "LightStinger" (as ভাষাত). https://www.imdb.com/title/tt9598922/। আহৰণ কৰা হৈছে: 2019-10-30.
- ↑ "Sarogeto" (as ভাষাত). http://www.imdb.com/title/tt6943138/। আহৰণ কৰা হৈছে: 2019-10-28.
- ↑ "Ikumi Yoshimatsu Speaks Out Against a Campaign of Harassment". Tokyo Weekender. 23 February 2014. https://www.tokyoweekender.com/japan-life/news-and-opinion/ikumi-yoshimatsu-speaks-out-against-a-campaign-of-harassment/। আহৰণ কৰা হৈছে: 16 November 2025.
- ↑ "Stalker Zero – End the Japanese Culture of Silence Toward Crimes Against Women". Change.org. https://www.change.org/p/stalker-zero-end-the-japanese-culture-of-silence-toward-crimes-against-women। আহৰণ কৰা হৈছে: 16 November 2025.
- ↑ AASM (2014). "Using Social Media To Resist Corruption: The “Stalker-Zero” Campaign Led By Ikumi Yoshimatsu". Proceedings of the 2014 ISM Conference: 2.