ইকুয়ে আছাজাকি
ইকুয়ে আছাজাকি 朝崎 郁恵 | |
|---|---|
| জন্ম | ১১ নৱেম্বৰ, ১৯৩৫ (৯০ বছৰ) চেটৌচি, কাগোছিমা, জাপান |
| সংগীতৰ ধৰণ | লোক-সংগীত |
| পেচা | গায়িকা |
| সক্ৰিয়তাৰ বছৰ | ১৯৫৫–বৰ্তমান |
ইকুয়ে আছাজাকি (朝崎 郁恵, ইংৰাজী: Ikue Asazaki; ১১ নবেম্বৰ ১৯৩৫) এগৰাকী জাপানৰ লোক-গায়ক৷ তেওঁ কাগোছিমাৰ চেটৌচিত আমামি দ্বীপপুঞ্জত ডাঙৰ-দীঘল হৈছিল৷ এই আমামি পৰম্পৰাগত সংগীত ধাৰা শ্বিমা-উটাৰ জনপ্ৰিয় গায়কৰ বাবে বিখ্যাত। তেওঁৰ লালন-পালনৰ সময়ত তেওঁৰ পিতৃয়ে তেওঁৰ প্ৰাৰম্ভিক সংগীতক প্ৰবলভাৱে প্ৰভাৱিত কৰিছিল।[1] তেওঁৰ সংগীত শৈলী কেতিয়াবা নতুন যুগৰ শৈলীৰ সৈতে মিল খায়। তেওঁৰ আটাইতকৈ বিখ্যাত এলবামসমূহ হ'ল পৰম্পৰাগত আমামি গীত আৰু কথাৰে নিৰ্মাণ কৰা উটাবাউটায়ুন (Utabautayun) আৰু আকিৰা তাকাহাছিৰ (পিয়ানো) সহযোগত নিৰ্মাণ কৰা মিনিয়া আদি হৈছে তেওঁৰ আটাইতকৈ বিখ্যাত এলবামসমূহৰ ভিতৰত অন্যতম৷
তেওঁ দহ বছৰ ধৰি যোকোহামাত বাস কৰিছিল আৰু ১৯৮৪ চনৰ পৰা জাপানৰ ৰাষ্ট্ৰীয় থিয়েটাৰত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯০ চনত তেওঁ নিউয়ৰ্ক, লছ এঞ্জেলছ আৰু কিউবাৰ কাৰ্নেগী হলত অনুষ্ঠান কৰিছিল।[1] ইকুৱে আছাজাকিয়ে প্ৰতি বছৰে হিবিয়াৰ ৰ্যুকিউ উৎসৱত অংশগ্ৰহণ কৰে। ২০০৭ চনত তেওঁ ইকেগামি হনমনজি মন্দিৰত (Ikegami Honmonji) এটা অনুষ্ঠান কৰে।[2] বৰ্তমান তেওঁ টকিঅ'ত থাকে আৰু ২০০৮ চনত ইউনিভাৰ্চেলৰ অধীনত তেওঁৰ প্ৰথম বেষ্ট অৱ এলবাম মুক্তি পায়।
উটাবাউটায়ুন এলবামৰ আৰম্ভণিৰ ট্ৰেক ওবোকুৰি-ইউমিক চামুৰাই চেম্পলু নামৰ এক এনিমে ছিৰিজৰ ১৪ নং খণ্ডত ব্যৱহাৰ কৰা হৈছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Biography" (Japanese ভাষাত). Official Website. 2008. Archived from the original on 27 February 2009. https://web.archive.org/web/20090227004200/http://www.asazakiikue.com/bio.html। আহৰণ কৰা হৈছে: 12 December 2008.
- ↑ BARKS (2007). "The first singer from Kagoshima sings in the temple of Ikegami" (Japanese ভাষাত). http://www.barks.jp/news/?id=1000035337। আহৰণ কৰা হৈছে: 12 December 2008.