সমললৈ যাওক

ইছমাইল বাৰাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইছমাইল বাৰাৰী
স্থানীয় নাম اسماعیل براری
জন্ম ২৬ অক্টোবৰ, ১৯৬৫ (৬০ বছৰ)
বন্দৰ অঞ্জলি, ইৰান
পেচা চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৮৮–বৰ্তমান

ইছমাইল বাৰাৰী (ফাৰ্চী: اسماعیل براری; জন্ম ১৯৬৫) এজন ইৰানী চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ সম্পাদক আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ ৱৰ্ল্ড ইৰানীয়ান ফিল্ম চেণ্টাৰৰ পৰিচালক,[1] ইৰানীয়ান চিনেমা প্ৰডিউচাৰ্ছ ইউনিয়নৰ এজন সদস্য আৰু ম’ষ্ট্ৰা ভেলেঞ্চিয়া চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় জুৰীৰ এজন সদস্য।

চলচ্চিত্ৰ কেৰিয়াৰ

[সম্পাদনা কৰক]

ইছমাইল বাৰাৰীয়ে আৰ্ট ইউনিভাৰ্চিটিৰপৰা চলচ্চিত্ৰ নিৰ্মাণৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৮ চনত তেওঁৰ চুটি ছবি ৰিয়েকচন-এ তেহৰানৰ প্ৰথম ৰাষ্ট্ৰীয় ছাত্ৰ চলচ্চিত্ৰ মহোৎসৱত শীৰ্ষ বঁটা আৰু ১৯৮৯ চনৰ এবেনচি ফেষ্টিভেল অৱ নেচনছত ৰূপৰ ফলক লাভ কৰে। তেওঁৰ আন কেইখনমান চুটি ছবি হৈছে নাদেৰ্ছ গিফ্ট (১৯৮৯) আৰু লোনলিনেশ্য এণ্ড দি ক’ল্ড (১৯৯০)। এই লোনলিনেশ্য এণ্ড দি ক’ল্ড ছবিখন এফআইপিএ কান-৯১ ত প্ৰদৰ্শিত হৈছিল আৰু ৫ম আন্তঃৰাষ্ট্ৰীয় শিশু আৰু যুৱ প্ৰজন্মৰ চলচ্চিত্ৰ আৰু ভিডিঅ’ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ গোল্ডেন বাটাৰফ্লাই বঁটা লাভ কৰিছিল। এতিয়ালৈকে তেওঁ ২০খনতকৈও অধিক পূৰ্ণদৈৰ্ঘ্য ছবি, তথ্যচিত্ৰ, চুটি ছবি আৰু টিভি ধাৰাবাহিক নিৰ্মাণ কৰিছে। তেওঁৰ অনুজ ভাতৃ আহমদ বাৰাৰী কানাডাৰ ইউনিভাৰ্চিটি অৱ ওণ্টাৰিও ইনষ্টিটিউট অৱ টেকন’লজীৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ এজন অধ্যাপক।

চিনেমেটিক শৈলী

[সম্পাদনা কৰক]

বাৰাৰী আধুনিক ইৰানী চিনেমাৰ এজন চলচ্চিত্ৰ নিৰ্মাতা, যিটো ১৯৮০ৰ দশকত আৰম্ভ হোৱা এটা পাৰ্চী চলচ্চিত্ৰ আন্দোলন আছিল। এই আন্দোলনত মহচেন মাখমালবাফ, আমিৰ নাদেৰি, আবুলফজল জলিলী, জাফৰ পানাহী, বাহমান ঘোবাদী, ৰাখচান বাণী-এতেমাদ আৰু মজিদ মজিদীৰ দৰে অগ্ৰগামী পৰিচালকসকল অন্তৰ্ভুক্ত আছিল। এই চলচ্চিত্ৰ নিৰ্মাতাসকলে ডকুমেণ্টৰী শৈলীৰ আখ্যানমূলক চলচ্চিত্ৰৰ জৰিয়তে ৰাজনৈতিক আৰু দৰ্শনৰ সৈতে জড়িত বিষয়সমূহ উপস্থাপন কৰিবলৈ কাব্যিক সংলাপ আৰু ৰূপকধৰ্মী কাহিনী কথন পদ্ধতিৰ দৰে বহুতো উমৈহতীয়া কৌশল ব্যৱহাৰ কৰে।

বাৰাৰীৰ কৰ্মৰাজিত তথ্যচিত্ৰ নিৰ্মাতা মৰ্তেজা অভিনী আৰু আখ্যানমূলক চলচ্চিত্ৰ পৰিচালক আব্বাছ কিয়াৰোস্তামীৰ প্ৰভাৱ দেখা যায়। কিয়াৰোস্তামী মূলতঃ শিশু চৰিত্ৰক মূল নায়ক হিচাপে ব্যৱহাৰ কৰা, ডকুমেণ্টৰী শৈলীৰ আখ্যানমূলক চলচ্চিত্ৰ নিৰ্মাণ কৰা, গ্ৰাম্য অঞ্চলৰ কাহিনী বাছনি কৰা আৰু এক নিৰ্দিষ্ট স্থানত স্থাপন কৰা কেমেৰা ব্যৱহাৰ কৰি গাড়ীৰ ভিতৰত হোৱা কথোপকথনসমূহ চিত্ৰায়িত কৰাৰ বাবে বিখ্যাত আছিল। ইয়াৰ উপৰি বাৰাৰী তেওঁৰ চলচ্চিত্ৰৰ সংলাপ, শিৰোনাম আৰু বিষয়-বস্তুত সমসাময়িক ইৰানী কবিতা ব্যৱহাৰ কৰাৰ বাবে পৰিচিত।

"বাৰাৰী হৈছে কিয়াৰোস্তামী আৰু হিচককৰ এক স্পষ্ট প্ৰতিচ্ছবি!" [2][3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]