সমললৈ যাওক

ইছমিনি (এছ′পিড)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইছমিনি (/ɪsˈmiːniː/; প্ৰাচীন গ্ৰীক: Ἰσμήνη,[1] ইংৰাজী: Ismene) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।[2]

পৰিয়াল

[সম্পাদনা কৰক]

ইছমিনি পেলাছগাছ (পেলাগন[3]), ইছমেনাছ, কৰ্চাইৰা, ছালেমিছ, এজিনা, পেইৰেন, ক্লিওনে, থেবে, টানাগ্ৰা, থেস্পিয়া, এছ'পিছ, চাইন′পে, অৰ্নিয়া[2] আৰু হাৰ্পিনাৰ ভগ্নী আছিল।[4] কিছুমান শ্ৰুতিকথা মতে তেওঁৰ ভগ্নী কালচিছ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।[5] ইছমিনি আৰ্গছ ৰাজ্যৰ ৰজা আৰ্গাছৰ পত্নী আছিল আৰু তেওঁলোক পেনোপ্টেছ আৰু ইয়াছৰ পিতৃ-মাতৃ আছিল।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Richmond, Henry J. (1905), The Pronunciation of Greek and Latin Proper Names in English, প্ৰকাশক Ann Arbor: George Wahr, p. 32, ISBN 9780857927866, https://books.google.com/books?id=XMGulz4NTfwC
  2. 1 2 Diodorus Siculus, 4.72.1.
  3. Apollodorus, 3.12.6.
  4. Diodorus Siculus, 4.73.1.
  5. Scholia Vict. ad Homer Iliad, 14.291; Strabo, 10 p. 447
  6. Apollodorus, 2.1.3