ইজাবেল জুনট
| ইজাবেল জুনট | |
|---|---|
২০২৪ চনত জুনট | |
| জন্ম | ১১ এপ্ৰিল, ১৯৯১ (৩৫ বছৰ) নিউয়ৰ্ক চহৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| ৰাষ্ট্ৰীয়তা | ফৰাচী, ডেনিছ |
| পেচা | অভিনেত্ৰী |
| পদবী | মাৰ্চিঅ’নেছ ডি কিউবাছ |
| দাম্পত্যসঙ্গী | আলভাৰো ফালক’ চাভাৰী, চতুৰ্থ মাৰ্কুয়েছ ডি কিউবাছ (বিবাহ ২০২২) |
ইজাবেল জুনট, মাৰ্চিঅ’নেছ ডি কিউবাছ (ইংৰাজী: Isabelle Junot, Marchioness de Cubas; জন্ম: ১৮ এপ্ৰিল ১৯৯১) এগৰাকী ফৰাচী-ডেনিছ আৰু স্পেনিছ অভিজাত মহিলা, অভিনেত্ৰী আৰু ব্যৱসায়ী।[1]
জীৱনী
[সম্পাদনা কৰক]ইজাবেল জুনটৰ জন্ম ১৯৯১ চনৰ ১৮ এপ্ৰিলত নিউয়ৰ্ক চহৰত হৈছিল।[2] তেওঁ ফৰাচী ব্যৱসায়ী ফিলিপ জুনট আৰু তেওঁৰ দ্বিতীয় পত্নী নিনা ৱেণ্ডেলবো-লাৰ্চেনৰ কন্যা। নিনা এগৰাকী ডেনিছ সমাজকৰ্মী আৰু প্ৰাক্তন মডেল।[3][4] তেওঁৰ পিতৃও ডেনিছ বংশোদ্ভূত আৰু তেওঁ মনাকোৰ ৰাজকুমাৰী কেৰোলাইনৰ প্ৰথম স্বামী আছিল।[5][6] পিতৃৰফালৰপৰা তেওঁ আব্ৰাণ্টেছৰ ডিউক জঁ-এণ্ডোচে জুনটৰ বংশধৰ বুলি কোৱা হয়।[5]
তেওঁৰ তিনিজন সহোদৰ আছে: ভিক্টোৰিয়া, এলেক্সিছ আৰু পিতৃৰফালৰ এগৰাকী সতীনী ভগ্নী ক্লোই।[5] তেওঁ নিউয়ৰ্ক চহৰত ডাঙৰ-দীঘল হৈছিল আৰু পেৰিছত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ মালাগা আৰু মাৰ্বেলাতো বাস কৰিছিল।[7][8] তেওঁ চুইজাৰলেণ্ডৰ ইনষ্টিটিউট লে ৰোজী আৰু লাইচী ফ্ৰাঞ্চাইজ ডি মাদ্ৰিদত অধ্যয়ন কৰিছিল।[9]
তেওঁ ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ত ড্ৰামা অধ্যয়ন কৰিছিল।[1] পৰৱৰ্তী সময়ত তেওঁ ষ্টেলা এডলাৰ ষ্টুডিঅ' অফ এক্টিঙত অভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।[10] ২০১৯ চনত ইজৰাইল গঞ্জালেজৰদ্বাৰা পৰিচালিত চিনেমা ফিউৱেল-ত তেওঁ অংশগ্ৰহণ কৰিছিল।[11]
২০২২ চনত তেওঁ স্পেইনৰ 'মাষ্টাৰচেফ চেলিব্ৰিটী'ৰ সপ্তম সংস্কৰণত অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ ছেমি ফাইনেলত উপনীত হৈছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]জুনটে উল্লেখ কৰা মতে, শৈশৱত তেওঁ মাতৃৰপৰা অতি কঠোৰ নীতি-নিয়মৰ মাজত ডাঙৰ-দীঘল হৈছিল; উদাহৰণস্বৰূপে, তেওঁক ৰাজহুৱা স্থানত চুমা খোৱাটো নিষিদ্ধ কৰা হৈছিল।[12] তেওঁৰ ভাষ্য অনুসৰি, "সৰুৰেপৰাই মোৰ মাতৃয়ে এইটো মোৰ বাবে নিষিদ্ধ কৰিছিল। তেওঁ খুবেই কঠোৰ আছিল, সেয়েহে আচাৰ-ব্যৱহাৰবোৰ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল।" [12]
২০২২ চনৰ ২ এপ্ৰিলত প্লাচেঞ্চিয়াত ইজাবেলে বৰ্তমানৰ মাৰ্কুয়েছ ডি কিউবাছৰ খিতাপধাৰী আলভাৰো ফালক’ৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু মাৰ্চিঅ’নেছ কনছৰ্ট ডি কিউবাছত পৰিণত হয়।[13][4] তেওঁ মাৰ্কুয়েছ অফ গ্ৰিণনৰ খিতাপধাৰী অভিজাত মহিলা তামাৰা ফালক’ৰ সম্পৰ্কীয় ভনী-বোৱাৰী। ২০২৩ চনৰ ১১ জুনত তেওঁ ফিলিপা নামৰ এগৰাকী কন্যা সন্তান জন্ম দিয়ে।
জুনটে প্ৰকাশ কৰা মতে, তেওঁ অতি স্বাস্থ্যকৰ জীৱন-শৈলী অনুসৰণ কৰে; তেওঁ ধূমপান নকৰে, সুৰাপান নকৰে আৰু কেৱল জৈৱিক খাদ্যহে গ্ৰহণ কৰে। ইনষ্টাগ্ৰামৰ ফ’ল’ৱাৰসকলৰ ওপৰত ভিত্তি কৰি জুনট ৰাজনৈতিকভাৱে ৰিপাব্লিকান পাৰ্টিৰ সমৰ্থক, য’ত তেওঁ বৰ্তমান টাৰ্নিং পইণ্ট ইউএছএ, ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ৰবাৰ্ট এফ কেনেডী জুনিয়ৰক অনুসৰণ কৰে।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Isabelle Junot" (es ভাষাত). Lecturas. https://www.lecturas.com/famosos/isabelle-junot। আহৰণ কৰা হৈছে: 2024-04-06.[সংযোগবিহীন উৎস]
- ↑ "Isabelle Junot, de niña a marquesa de Cubas: La vida de la novia del año a través de las páginas de ¡HOLA!" (es ভাষাত). HOLA. 2022-04-02. https://www.hola.com/hemeroteca/20220402304893/isabelle-junot-hija-philippe-junot-reportajes-revista/। আহৰণ কৰা হৈছে: 2024-04-06.
- ↑ RTVE.es (2022-11-21). "¿Quién es la madre de Isabelle Junot? La danesa que enamoró a Philippe Junot" (es ভাষাত). RTVE.es. https://www.rtve.es/television/20221121/isabelle-junot-masterchef-celebrity-madre-nina-wendelboe-larsen-philippe-junot-boda-hijos/2409220.shtml। আহৰণ কৰা হৈছে: 2024-04-06.
- 1 2 Média, Prisma (4 April 2022). "Isabelle Junot - La biographie de Isabelle Junot avec Gala.fr" (fr ভাষাত). Gala.fr. https://www.gala.fr/stars_et_gotha/isabelle_junot। আহৰণ কৰা হৈছে: 2024-04-06.
- 1 2 3 Rice, Hannah (2023-09-25). "Who Is Princess Caroline's Ex-Husband, Philippe Junot?" (en-US ভাষাত). The List. https://www.thelist.com/1402863/who-was-princess-caroline-ex-husband-philippe-junot/। আহৰণ কৰা হৈছে: 2024-04-06.
- ↑ "Love and Marriage in Monaco - TIME". 2007-11-13. Archived from the original on 2011-08-06. https://web.archive.org/web/20110806213847/http://www.time.com/time/magazine/article/0,9171,946003,00.html। আহৰণ কৰা হৈছে: 2024-04-06.
- ↑ LOS40 (2022-09-12). "¿Quién es Isabelle Junot? 5 datos para conocer a la coach de nutrición que se suma a 'Masterchef Celebrity 7' | Televisión" (es-ES ভাষাত). LOS40. https://los40.com/los40/2022/09/12/cinetv/1662978899_066621.html। আহৰণ কৰা হৈছে: 2024-04-06.
- ↑ "Isabelle, hija de Philippe Junot, se instala en Madrid para ser actress" (es ভাষাত). ELMUNDO. 2017-10-16. https://www.elmundo.es/loc/celebrities/2017/10/16/59e0c894ca4741af078b45c7.html। আহৰণ কৰা হৈছে: 2024-04-06.
- ↑ "Quién es Isabelle Junot, aristócrata y concursante de 'MasterChef'" (es ভাষাত). ElHuffPost. 2022-05-09. https://www.huffingtonpost.es/entry/quien-es-isabelle-junot_es_627921f6e4b00fbab6316d66.html। আহৰণ কৰা হৈছে: 2024-04-06.
- ↑ Colino (2022-10-04). "¿Quién es Isabelle Junot? La prima de Tamara Falcó que participa en MasterChef Celebrity" (es ভাষাত). Trendencias. https://www.trendencias.com/moda-famosas/quien-isabelle-junot-prima-tamara-falco-que-participa-masterchef-celebrity। আহৰণ কৰা হৈছে: 2024-04-06.
- ↑ "Isabelle Junot - Biografía, mejores películas, series, imágenes y noticias" (es ভাষাত). La Vanguardia. 2022-05-06. Archived from the original on 2022-11-13. https://web.archive.org/web/20221113181150/https://www.lavanguardia.com/peliculas-series/personas/isabelle-junot-2564249। আহৰণ কৰা হৈছে: 2024-04-06.
- 1 2 RTVE.es (2022-10-11). "MasterChef | La estricta educación de Isabelle Junot: no la dejaban besar en público" (es ভাষাত). RTVE.es. https://www.rtve.es/television/20221011/isabelle-junot-educacion-estricta-no-podia-besar-publico/2405642.shtml। আহৰণ কৰা হৈছে: 2024-04-06.
- ↑ "Álvaro Falcó se convierte oficialmente en marqués de Cubas, el título por el que su padre fue conocido" (es ভাষাত). El Español. 2021-06-26. https://www.elespanol.com/corazon/famosos/20210626/alvaro-falco-convierte-oficialmente-marques-cubas-conocido/591941064_0.html। আহৰণ কৰা হৈছে: 2024-04-06.
- ↑ "Quién es Isabelle Junot, la prima favorita de Tamara Falcó" (es ভাষাত). Mujer Hoy. 2019-12-19. https://www.mujerhoy.com/actualidad/201912/18/quien-es-isabelle-junot-prima-favorita-tamara-falco-20191218124606.html। আহৰণ কৰা হৈছে: 2024-04-06.