ইজৰাইল
| Anthem: হাটিকৱাহ আশা | |
| ৰাজধানী and largest city | জেৰুজালেম[1] 31°47′N 35°13′E / 31.783°N 35.217°E |
| Official languages | হিব্ৰু, আৰৱী |
| Demonym | ইজৰাইলী |
| Government | সংসদীয় গণতন্ত্ৰ[2] |
| ৰিউভেন ৰিভলিন | |
| বেঞ্জামিন নেতানিয়াহু | |
| স্বাধীন যুক্তৰাজ্যৰ পৰা-এডমিনিষ্ট্ৰেড লীগ অৱ নেশ্বন মেনড্ৰেট | |
• ঘোষণা |
১৪ মে ১৯৪৮ (০৫ Iyar ৫৭০৮) |
| Area | |
• Total ক | 22,072 বৰ্গ কি.মি. (8,522 বৰ্গ মাইল) (১৫১তম) |
• Water (%) | ~২% |
| Population | |
• 2009 estimate | ৮০,৫১,২০০খ[3] (৯৬তম) |
• ১৯৯৫ census | ৫৫,৪৮,৫২৩ |
• Density | 356.8 /কিমি২ (924.1 /বৰ্গ মাইল) (৩৪তম) |
| GDP (PPP) | ২০০৮ estimate |
• Total | $২,০২৫.৬২ কোটি[4] |
• Per capita | $২৮,৪৭৩[4] |
| Gini (2005) | 38.6[2] Error: Invalid Gini value |
| HDI (২০০৭) | Error: Invalid HDI value (২৭তম) |
| Currency | নিউ ইজৰািল ছেকুৱেল (₪) (NIS) |
| Time zone | UTC+২ (IST) |
• Summer (DST) | UTC+৩ |
| Calling code | ৯৭২ |
| Internet TLD | .il |
| |
ইজৰাইল (ইংৰাজী: Israil; হিব্ৰু ভাষাত: מְדִינַת יִשְׂרָאֵל মেদিনাৎ ইছৰা'এল্; আৰৱী ভাষাত دَوْلَةْ إِسْرَائِيل দাউলাৎ ইজৰা'ঈল্) হৈছে মধ্যপ্ৰাচ্যৰ এখন সংসদীয় গণতন্ত্ৰ। ভূমধ্য সাগৰৰ পূৱ উপকূলত অৱস্থিত এই ৰাষ্ট্ৰৰ ৰাজধানী হৈছে জেৰুজালেম। বিশ্বৰ ৫০খন মুছলিম ৰাষ্ট্ৰৰ ৩০খন দেশে ইজৰাইলক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব নিবিচাৰে। বৰ্তমান এই অঞ্চলৰ গাজা উপত্যকা, পশ্চিম তীৰ আৰু গোলান মালভূমি ইজৰাইসৰ দখলত থকা বিতৰ্কীত স্থান হিচাপে পৰিগণিত হৈছে।
ইতিহাস
[সম্পাদনা কৰক]প্ৰথম বিশ্বযুদ্ধত তুৰ্কী ওছমানীয় সাম্ৰাজ্যৰ পতনৰ পাছত পেলেষ্টাইন বা ফিলিষ্টিনসহ অধিকাংশ আৰৱ এলেকা ইংলেণ্ড-ফ্ৰান্সৰ মেণ্ডেটৰ হাতলৈ যায়। ১৯১৭ চনৰ ২ নৱেম্বৰত ব্ৰিটীছ বৈদেশিক মন্ত্ৰী আৰ্থাৰ জেমছ ৱালফোৰে ইহুদীবাদীসকললৈ লিখা এখন পত্ৰত পেলেষ্টাইনী ভূখণ্ডত একন ইহুদী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে। এই ঘোষণাৰ মাধ্যমেৰে ফিলিস্তিন এলেকাৰ ইহুদিসকলৰ পৃথক ৰাষ্ট্ৰৰ সম্ভাৱনা উজ্জ্বল হয় আৰু বিপুলসংখ্যক ইহুদি ইউৰোপৰ পৰা ফিলিষ্টিনত বসতি স্থাপন কৰিবলৈ আহে।
১৯০৫ চনৰ পৰা ১৯১৪ চন পৰ্যন্ত ফিলিষ্টিনত ইহুদীৰ সংখ্যা আছিল মাত্ৰ কেই হেজাৰমান। কিন্তু ১৯১৪ চনৰ পাছত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পৰা ১৯১৮ চন পৰ্যন্ত ব্ৰিটীছসকলৰ সহযোগিতাৰ ফলত ফিলিষ্টিনত ইহুদীৰ সংখ্যা ২০ হেজাৰলৈ উন্নীত হয়। ১৯১৯ চনৰ পৰা ১৯২৩ চনলৈ এই সংখ্যা ৩৫ হেজাৰলৈ বৃদ্ধি পায়। ১৯৩১ চনত ইহুদীৰ সংখ্যা প্ৰায় ৫ গুণ বৃদ্ধি হৈ ১ লাখ ৮০ হেজাৰ হয়। এইদৰে ফিলিষ্টিনত ইহুদী অভিৱাসীৰ সংখ্যা উল্লেখযোগ্য হাৰত বাঢ়ি থাকে আৰু ১৯৪৮ চনত এই সংখ্যা ৬ লাখলৈ উন্নীত হয়।
১৯১৮ চনত বৃটেইনৰ সহযোগিতাত গুপ্ত ইহুদী বাহিনী "হাগানাহ" গঠিত হয়। এই বাহিনী ইহুদীবাদীসকলৰ অবৈধ ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰথমতে হাগানাহ বাহিনীৰ দায়িত্ব ফিলিষ্টিনী জনগণৰ বিৰুদ্ধে ইহুদীবাদীসকলক সহায়তা কৰা আছিল যদিও পৰৱৰ্তীকালত ই সংঘবদ্ধ সন্ত্ৰাসী বাহিনীলৈ পৰিণত হয়। ফিলিষ্টিনী জনগণৰ ঘৰবাৰী আৰু খেতিপথাৰ দখল কৰি তেওঁলোকক ফিলিষ্টিনৰ পৰা বিতাড়িত কৰা আৰু বজাৰ আৰু ৰাস্তাঘাটসহ জনসমাৱেশ স্থানত বোমা বিস্ফোৰণ ঘটাই ফিলিষ্টিনীসকলৰ মাজত আতংক সৃষ্টি কৰি তেওঁলোকক বিতাড়নৰ কাম ত্বৰান্বিত কৰা আছিল হাগানাহ বাহিনীৰ কাম। [উদ্ধৃতিৰ প্ৰয়োজন]
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৪৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ফিলিস্তিনী ভূখণ্ডক দ্বিখণ্ডিত কৰা সংক্ৰান্তৰ ১৮১ নং প্ৰস্তাৱ গৃহীত কৰে। ৰাষ্ট্ৰসংঘই ফিলিষ্টিনক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱৰ অনুমোদন জনাই নিজ মাতৃভূমিৰ মাত্ৰ ৪৫ শতাংশ ফিলিষ্টিনীসকলৰ বাবে ৰাখি বাকী ৫৫ শতাংশ ভূমি ইহুদীবাদীসকলৰ হাতত এৰি দিয়াৰ সিদ্ধান্ত লয়। এইদৰে ১৯৪৮ চনৰ ১৪ মেত ইজৰাইলৰ স্বাধীনতা ঘোষণা কৰে।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ The Jerusalem Law states that "Jerusalem, complete and united, is the capital of Israel" and the city serves as the seat of the government, home to the President's residence, government offices, supreme court, and parliament. The United Nations and most countries do not accept the Jerusalem Law (see Kellerman 1993, পৃষ্ঠা 140) and maintain their embassies in other cities such as Tel Aviv, Ramat-Gan, and Herzliya(see the CIA Factbook Archived 2021-01-03 at the Wayback Machine and Map of Israel) The Palestinian Authority sees East Jerusalem as the capital of a future Palestinian State and the city's final status awaits future negotiations between Israel and the Palestinian Authority (see "Negotiating Jerusalem", University of Maryland Archived 2006-05-14 at the Wayback Machine). See Positions on Jerusalem for more information.
- ↑ 2.0 2.1 "Israel". The World Factbook. Central Intelligence Agency. 2007-06-19. Archived from the original on 2021-01-03. https://web.archive.org/web/20210103175437/https://www.cia.gov/library/publications/the-world-factbook/geos/is.html। আহৰণ কৰা হৈছে: 2007-07-20.
- ↑ "Selected Data from the New Israel Statistical Abstract No. 60 - 2009". Israel Central Bureau of Statistics. 2009-09-16. http://www.cbs.gov.il/reader/newhodaot/hodaa_template.html?hodaa=200911208। আহৰণ কৰা হৈছে: 2009-10-26.
- ↑ 4.0 4.1 "Israel". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2009/02/weodata/weorept.aspx?sy=2006&ey=2009&scsm=1&ssd=1&sort=country&ds=.&br=1&c=436&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=46&pr.y=11। আহৰণ কৰা হৈছে: 2009-10-01.
- ↑ "Human Development Report 2009. Human development index trends: Table G". The United Nations. http://hdr.undp.org/en/media/HDR_2009_EN_Complete.pdf। আহৰণ কৰা হৈছে: 2009-10-10.
| |||||||||||||||||||||