সমললৈ যাওক

ইণ্ডিয়ান লিটাৰেশ্যাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইণ্ডিয়ান লিটাৰেশ্যাৰ (Indian Literature)
সম্পাদক সৃকৃতা পল কুমাৰ
পূৰ্বৰ সম্পাদক অন্তৰা দেৱশৰ্মা
প্ৰকাশক সাহিত্য অকাদেমি
প্ৰথম সংখ্যা ১ অক্টোবৰ, ১৯৫৭
দেশ ভাৰত
ভাষা ইংৰাজী
ISSN সংখ্যা 0019-5804

ইণ্ডিয়ান লিটাৰেশ্যাৰ (ইংৰাজী: Indian Literature) সাহিত্য অকাদেমিয়ে প্ৰকাশ কৰা ইংৰাজী ভাষাৰ এখন দুমহীয়া সাহিত্য আলোচনী৷[1] আলোচনীখনত ইংৰাজী ভাষাৰ মৌলিক লেখাৰ লগতে ভাৰতীয় তেইছটা ভাষাৰ কবিতা, চুটি গল্প, নাটক, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, সাক্ষাৎকাৰ, উপন্যাস আৰু আত্মজীৱনীৰ অংশ আৰু গ্ৰন্থ সমালোচনাৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়৷[1]

ইণ্ডিয়ান লিটাৰেশ্যাৰ নিয়মীয়াকৈ প্ৰকাশ পাই থকা ভাৰতৰ অন্যতম পুৰণি সাহিত্য আলোচনী৷ আলোচনীখনৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল ১৯৫৭ চনৰ ১ অক্টোবৰত৷[2] প্ৰথমে আলোচনীখন ছমহীয়া আছিল৷ ১৯৬৬ চনৰপৰা আলোচনীখন তিনিমহীয়াকৈ প্ৰকাশ পাবলৈ লয়৷ ১৯৭৯ চনৰপৰাহে আলোচনীখন দুমহীয়াকৈ প্ৰকাশ পাবলৈ লয়৷ ২੦੦৭ চনত আলোচনীখনে পঞ্চাছ বছৰ সম্পূৰ্ণ কৰে৷ আলোচনীখনে ভূমুকি মৰাৰ সময়ত বাৰ্ষিক গ্ৰাহক বৰঙণিৰ পৰিমাণ আছিল ২.৫੦ টকা৷[2] প্ৰথম সম্পাদনা সমিতিখন এছ ৰাধাকৃষ্ণণ আৰু হুমায়ুন কবীৰক সদস্য আৰু কে আৰ কৃপালনিক সম্পাদক হিচাপে লৈ গঠিত হৈছিল৷ ১৯৬৫ চনৰপৰা সম্পাদনা সমিতিখনৰ উপৰি এগৰাকী ব্যক্তিক স্বতন্ত্ৰ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়৷ প্ৰথমগৰাকী স্বতন্ত্ৰ সম্পাদক আছিল লোকনাথ ভট্টাচাৰ্য৷[3] বৰ্তমান আলোচনীখনৰ সম্পাদক হ’ল সৃকৃতা পল কুমাৰ৷

আলোচনীখনৰ সম্পাদকসকল[1]

[সম্পাদনা কৰক]
  •     কে আৰ কৃপালনি -- ১৯৫৭-১৯৬৫
  •     লোকনাথ ভট্টাচাৰ্য -- ১৯৬৫-১৯৭২
  •     কেশৱ মালিক – ১৯৭২-১৯৮৪
  •     এছ. বালু ৰাও – ১৯৮৪-১৯৮৮
  •     এছ প জৈন (অনাৰেৰী সম্পাদক) – ১৯৮৮
  •     ডি এচ ৰাও – ১৯৮৮-১৯৯১
  •     জে এম মহান্তি – ১৯৯১-১৯৯২
  •     কে সৎচিদানন্দন – ১৯৯২-১৯৯৭
  •     এইচ এচ শিৱপ্ৰকাশ – ১৯৯৮-২੦੦২
  •     নিৰ্মলকান্তি ভট্টাচাৰ্য –২੦੦২-২੦੦৭
  •     এ জে থমাছ – ২੦੦৭-২੦੦৮
  •     কে সৎচিদানন্দন (অতিথি সম্পাদক) – ২੦੦৮-২੦১੦
  •     সুবোধ সৰকাৰ – ২੦১੦-২੦১১
  •     এ জে থমাছ – ২੦১১-২੦১৩
  •     যশোধৰা মিশ্ৰ – ২੦১৩-২੦১৫
  •     সুবোধ সৰকাৰ – ২੦১৫-২੦১৬
  •     এ জে থমাছ (অতিথি সম্পাদক) –২੦১৬-২੦২੦
  •     অন্তৰা দেৱশৰ্মা – ২੦২১-২੦২১
  •     সুকৃতা পল কুমাৰ – ২੦২২-

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 https://sahitya-akademi.gov.in/journals/indianliterature.jsp
  2. 2.0 2.1 https://www.jstor.org/stable/23328602
  3. https://en.wikipedia.org/wiki/Indian_Literature_(journal)