ইতিহাস-পুৰাণ
হিন্দুধৰ্মত, ইতিহাস–পুৰাণ (যি পঞ্চম বেদ নামেৰেও জনাজাত)[1][2][3] বুলিলে ব্ৰহ্মাণ্ডৰ সৃষ্টিতত্ত্ব, পৌৰাণিক কাহিনী, ৰাজবংশাৱলী আৰু কিংবদন্তিমূলক ঐতিহাসিক ঘটনা সম্পৰ্কীয় পৰম্পৰাগত বিৱৰণক বুজোৱা হয়। ই মূলতঃ ইতিহাস (মহাভাৰত আৰু ৰামায়ণ) আৰু পুৰাণসমূহত সংৰক্ষিত।[1] এই সাহিত্যই ভাৰতীয় সংস্কৃতি, সাহিত্য আৰু ঐতিহাসিক কল্পনাত গভীৰ প্ৰভাৱ পেলাইছে আৰু ঐতিহাসিক মহাকাব্যিক-পৌৰাণিক ক্ৰমণিকাৰ এক মৌলিক কাঠামো গঢ়ি তুলিছে।[4]
ব্যুৎপত্তি
[সম্পাদনা কৰক]"ইতিহাস" (इतिहास) শব্দটো সংস্কৃত বাক্যাংশ "ইতি হ আস"ৰ পৰা আহিছে, যাৰ অৰ্থ "এনেদৰে হৈছিল"। "পুৰাণ" (पुराण) শব্দৰ অৰ্থ "প্ৰাচীন" বা "পুৰণি", আৰু ই আদিম আৰু ঐতিহাসিক বিষয়বস্তুৰ সৈতে জড়িত সাহিত্যধাৰাক সূচায়।[3]
গুণাগুণ
[সম্পাদনা কৰক]"ইতিহাস’" শব্দই মূলতঃ সংস্কৃত মহাকাব্য, অৰ্থাৎ মহাভাৰত আৰু ৰামায়ণক বুজায়। আন হাতে পুৰাণসমূহ হৈছে বিশ্বসৃষ্টি, পৌৰাণিক কাহিনী, বংশাৱলী আৰু ধৰ্মীয় ইতিহাস আদি বিষয় সামৰি থকা এক বিশাল সাহিত্যসংগ্ৰহ।[5] এই দুয়োকে একেলগে "পঞ্চম বেদ" বুলিও অভিহিত কৰা হয়,[1][2] যিয়ে চাৰি বেদ অধ্যয়নৰ অধিকাৰ নথকা সাধাৰণ জনসাধাৰণৰ মাজত এই সাহিত্যৰ বিস্তাৰ সূচায়। এই পৰম্পৰা মূলতঃ সূত আৰু চাৰণ জাতৰ সৈতে জড়িত, যিসকলৰ দায়িত্ব আছিল ৰাজবংশাৱলী আৰু বীৰগাথা সংৰক্ষণ কৰা।[6]
ইতিহাস–পুৰাণত পৌৰাণিক কাহিনী, সাধু-জীৱনী আৰু ইতিহাসলেখনৰ মাজত স্পষ্ট সীমাৰেখা ৰখা নহয়।[2] এই গ্ৰন্থসমূহক পৰম্পৰাগতভাৱে অতীতৰ অধিকৃত বিৱৰণ হিচাপে গ্ৰহণ কৰা হয়[1] আৰু সঠিক জীৱনযাপনৰ পথ- ধৰ্ম- নিৰ্দেশ কৰে বুলি বিশ্বাস কৰা হয়।[7]
ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু চক্ৰাকাৰ সময়
[সম্পাদনা কৰক]ইতিহাস–পুৰাণৰ এটি কেন্দ্ৰীয় ধাৰণা হৈছে সময়ৰ চক্ৰাকাৰ স্বভাৱ। মানুহৰ ইতিহাস চাৰিটা যুগত বিভক্ত- সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলি যুগ। এই যুগকেইটাই একেলগে এক মহাযুগ গঠন কৰে। ৭১টা মহাযুগে এক মন্বন্তৰ গঠন কৰে, যাৰ ওপৰত এজন মনুৱে শাসন কৰে। মানৱজাতিৰ আদিপুৰুষ আৰু বিধানকৰ্তা তেঁৱেই। এটি কল্পত (ব্ৰহ্মাৰ এদিন) ১৪জন মনুৱে শাসন কৰে, আৰু ইয়াৰ শেষত প্ৰলয় ঘটে। তাৰ পাছত পুনৰ সৃষ্টি আৰম্ভ হয়।[8] সময়ৰ পৰিমাণ পিচে বিভিন্ন পুৰাণত বেলেগ বেলেগ হ'ব পাৰে।
পুৰাণসমূহে দশাৱতাৰ তত্ত্বৰো বৰ্ণনা দিয়ে। বিষ্ণুৰ দহজন মুখ্য অৱতাৰ আছে, যিসকল বৈশ্বিক সুষমা পুনঃস্থাপন কৰিবলৈ সময়ে সময়ে বিশ্বত অৱতৰিত হয়।[9][10]
ৰাজবংশাৱলী
[সম্পাদনা কৰক]ইতিহাস–পুৰাণত সূৰ্য বংশ আৰু চন্দ্ৰ বংশৰ কিংবদন্তিমূলক বংশাৱলী সংৰক্ষিত। উভয়ৰে উৎপত্তি বৈৱস্বত মনুৰ পৰা বুলি বৰ্ণিত।[11] এই বংশাৱলীয়ে ৰামৰ বনবাস আৰু কুৰুক্ষেত্ৰ যুদ্ধৰ দৰে মহাকাব্যিক কাহিনীৰ গাঁথনি নিৰ্ধাৰণ কৰে আৰু পৌৰাণিক ইতিহাসক সামাজিক স্মৃতিৰ সৈতে সংযোগ কৰে।[12]
সাহিত্যৰ ওপৰত প্ৰভাৱ
[সম্পাদনা কৰক]ভাৰতীয় শাস্ত্ৰীয় কাব্যশাস্ত্ৰ অনুযায়ী মহাকাব্য আৰু নাটকৰ বিষয় ইতিহাসৰ পৰা লোৱা উচিত।[4] সেই পৰামৰ্শ মতেই কালিদাসৰ ৰঘুবংশ আৰু ভাৰৱৰ কিৰাতাৰ্জুনীয়ৰ দৰে গ্ৰন্থসমূহ মহাকাব্যিক পৰম্পৰাৰ পৰা প্ৰেৰিত।
ঐতিহাসিক সচেতনতা
[সম্পাদনা কৰক]ঔপনিৱেশিক চিন্তাবিদসকলে আধুনিক যুগৰ আগতে ভাৰতত ঐতিহাসিক সচেতনতা নাছিল বুলি দাবী কৰিছিল আৰু ইতিহাস–পুৰাণক কেৱল কিংবদন্তী বা মিথক বুলি গণ্য কৰিছিল। এই মতবাদক প্ৰত্যাহ্বান জনোৱা হৈছে। কুমকুম চেটাৰ্জীয়ে দেখুৱাইছে যে প্ৰাক-আধুনিক যুগৰ স্থানীয় ইতিহাস–পুৰাণ পৰম্পৰাই মোগল শাসনকালীন বাস্তৱ অভিজ্ঞতাকো সময়ে সময়ে বৰ্ণিত কৰিছিল আৰু সমাজ-ৰাজনৈতিক পৰিবর্তনৰ সৈতে তাল মিলাই নিৰন্তৰ ৰূপান্তৰিত হৈছিল।[13] পিচে, এই সাহিত্যত কিংবদন্তীৰ গুণো আছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Klostermaier (2007), পৃষ্ঠা. 59.
- ↑ 2.0 2.1 2.2 Flood (1996), পৃষ্ঠা. 104.
- ↑ 3.0 3.1 Debroy (2014), পৃষ্ঠা. 7.
- ↑ 4.0 4.1 Pargiter (1922).
- ↑ Bailey 2001, পৃষ্ঠা. 437-439.
- ↑ Goldman (2018).
- ↑ Samarpan (2017).
- ↑ Vaswani (2017), পৃষ্ঠা. 12-14.
- ↑ Dalal 2010, পৃষ্ঠা. 112.
- ↑ Lochtefeld 2001, পৃষ্ঠা. 73.
- ↑ Mazumdar (2008), পৃষ্ঠা. 161.
- ↑ Thapar (2013), পৃষ্ঠা. 308.
- ↑ Chatterjee 2008, পৃষ্ঠা. 513–515.