ইনকাৰমেন গুহা মঠ
| ইনকাৰমেন গুহা মঠ | |
|---|---|
| Ukrainian: Інкерманський печерний монастир | |
| সাধাৰণ তথ্য | |
| অৱস্থিতি | ইনকাৰমেন, ক্ৰিমিয়া |
| দেশ | *
|
| স্থানাংক | 44°36′13.32″N 33°36′26.72″E / 44.6037°N 33.6074222°Eস্থানাংক: 44°36′13.32″N 33°36′26.72″E / 44.6037°N 33.6074222°E |
| নিৰ্মাণ আৰম্ভ | 1850 |
| নক্সা আৰু নিৰ্মাণ | |
| গৰাকী | ৰাছিয়ান অৰ্থডক্স চাৰ্চ |
Invalid designation | |
| আধিকাৰিক নাম | Фортеця Каламіта та Печерний монастир в Інкермані (কালামিতা দুৰ্গ আৰু ইনকাৰমেনৰ গুহা মঠ) |
| ধৰণ | স্থাপত্য |
| প্ৰসংগ সংখ্যা | 270022 |
ছেইণ্ট ক্লেমেণ্টৰ ইনকাৰমেন মঠ (ইংৰাজী: Inkerman Cave Monastery) হৈছে ইনকাৰমেন চহৰৰ ব্লেক নদীৰ সন্মুখৰ ওচৰৰ ঠেক শিলৰ ওপৰত নিৰ্মিত এটা গুহা-মঠ। এই স্থানটো প্ৰকৃততে চেভাষ্টোপল সাগৰীয় বন্দৰৰ অংশ হিচাপে পৰিচালিত হয় যদিও আইনগতভাৱে ই ক্ৰিমিয়াৰ স্বায়ত্তশাসিত গণৰাজ্যৰ অন্তৰ্গত।
ইতিহাস
[সম্পাদনা কৰক]
১৮৫০ চনত মধ্যযুগীয় বাইজেন্টাইন মঠৰ স্থানত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াত ছেইণ্ট ক্লেমেণ্টৰ ধ্বংসাৱশেষ আছে বুলি ধাৰণা কৰা হয়, পিছলৈ ছেইণ্ট চাইৰিল আৰু মেথডিয়াছে ছান ক্লেমেণ্টলৈ স্থানান্তৰ কৰাৰ পূৰ্বে ৰখা হৈছিল। কোৱা হয় যে আদিম খ্ৰীষ্টানসকলে এই ধ্বংসাৱশেষবোৰ এটা গুহাত ৰাখিছিল, যিটো গুহাত তেওঁৰ মৃত্যুৰ বৰ্ষপূৰ্তিতহে চাব পৰা গৈছিল। উইলিয়াম ৰুব্ৰুকে ইয়াক "ফেৰস্তাৰ হাতেৰে নিৰ্মিত" গীৰ্জা বুলি বৰ্ণনা কৰিছে।[1]
সম্ভৱতঃ অষ্টম শতিকাত নিজৰ গৃহভূমিত নিৰ্যাতনৰ পৰা পলায়ন কৰা পৌত্তলিকসকলে নিৰ্মাণ কৰা বাইজেন্টাইন মঠটোত আঠটা চেপেল আৰু কেইবাটাও মহলাত এটা থানা আছিল, য'ত চিৰিৰে প্ৰৱেশ কৰিব পৰা যায়।[2] ১৭৯৩ চনত পিটাৰ চাইমন পালাছে ইনকাৰমেনৰ গুহাসমূহ জৰীপ কৰিছিল আৰু ১৮৫০ চনত ইংৰাজে লুটপাত কৰিছিল।
ৰাছিয়ানসকলে বৰ্কি কাণ্ড (১৮৯৫) আৰু ক্ৰিমিয়া যুদ্ধ (১৯০৫)ৰ স্মৃতিত দুটা গীৰ্জা নিৰ্মাণ কৰিছিল। ১৯২৭ চনৰ ক্ৰিমিয়াৰ ভূমিকম্পৰ ফলত এই মঠটোৰ ক্ষতিসাধন হয় আৰু ১৯৩১ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত বন্ধ হৈ পৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই গুহাবোৰত চেভাষ্টোপল ৰক্ষা কৰা ছোভিয়েট সেনাৰ বিষয়াসকল আছিল।[3] ছোভিয়েট শাসনৰ সময়ত বহুতো গীৰ্জা ভাঙি পেলোৱা হৈছিল।
২০১৯ চনত ৰাছিয়ান অৰ্থডক্স গীৰ্জাৰ ক্ৰিমিয়ান ডাইচৰ মঠৰ ডীন আৰ্চিমেণ্ড্ৰাইট কালিনিক (চেৰ্নিশ্বিয়ভ)ৰ আশীৰ্বাদত ৰোমৰ ক্লেমেণ্ট চাৰ্চত সাপ্তাহিক সেৱা পুনৰ আৰম্ভ কৰা হয়।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The iournal of frier William de Rubruquis". Ebooks.adelaide.edu.au. Archived from the original on 30 March 2012. https://web.archive.org/web/20120330182612/http://ebooks.adelaide.edu.au/h/hakluyt/voyages/rubruquis/english.html#section48। আহৰণ কৰা হৈছে: 29 December 2014.
- ↑ "КРЫМСКАЯ область". Ua.vlasenko.net. http://ua.vlasenko.net/_pgs/krym.html। আহৰণ কৰা হৈছে: 29 December 2014.
- ↑ "ИНКЕРМАНСКИЙ СВЯТО-КЛИМЕНТОВСКИЙ МОНАСТЫРЬ" (RU ভাষাত). Archived from the original on December 23, 2009. https://web.archive.org/web/20091223051911/http://www.palmarius.com.ua/palom/obj_palom/sevas_sv_klimentov.htm। আহৰণ কৰা হৈছে: August 1, 2010.
- ↑ "В Свято-Климентовском Инкерманском монастыре г. Севастополя возобновлены богослужения в пещерном храмовом комплексе" (ru ভাষাত). Монастырский вестник. 26 January 2019. https://monasterium.ru/novosti/novosti-eparkhialnykh-monastyrej/v-svyato-klimentovskom-inkermanskom-monastyre-g-sevastopolya-vozobnovleny-bogosluzheniya-v-peshchernom-khramovom-komplekse/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত ইনকাৰমেন গুহা মঠ সম্পৰ্কীয় মিডিয়া ফাইল।