সমললৈ যাওক

ইনি এডো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইনি এডো
জন্ম ইনিঅবং এডো একিম
২৩ এপ্ৰিল, ১৯৮২ (৪৩ বছৰ)
অকৱা ইবম, নাইজেৰিয়া
ৰাষ্ট্ৰীয়তা নাইজেৰিয়ান
শিক্ষানুষ্ঠান উয়ো বিশ্ববিদ্যালয়
কালাবাৰ বিশ্ববিদ্যালয়
নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০০-বৰ্তমানলৈকে
দাম্পত্যসঙ্গী ফিলিপ এহিআগাৱানা (২০০৮-২০১৩)(বিচ্ছেদিত)
সন্তান


ইনিঅবং এডো একিম(ইংৰাজী: Iniobong Edo Ekim; জন্ম: ২৩ এপ্ৰিল ১৯৮২) আকোৱা ইবোম ৰাজ্যৰ এগৰাকী প্ৰবীণ নাইজেৰিয়ান অভিনেত্ৰী।[1][2][3] ২০০০ চনত ইনি ইডোৱে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে,[4] আৰু এতিয়ালৈকে তেওঁ ২০০ খনতকৈও অধিক চিনেমাত অভিনয় কৰিছে৷[5][6] ২০১৩ চনত ইনি এডো মিছ ব্লেক আফ্ৰিকা ইউ কে পেজেণ্ট হিচাপে বিবেচিত হয়৷ [7] তেওঁ ডে৯জাস্পিৰিট টেলেণ্ট হাণ্টৰ বিচাৰক আছিল।[8][9] ২০১৪ চনত মিছ ইনি এডোক ৰাষ্ট্ৰসংঘই আৱাসিক যুৱ দূত হিচাপে নিযুক্তি দিয়ে।[10]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

নাইজেৰিয়াৰ দক্ষিণ-দক্ষিণ অংশত অৱস্থিত আকোৱা ইবোম ৰাজ্যৰ ইবিবিঅ’ হৈছে ইনি এডো। তেওঁৰ মাক স্কুলৰ শিক্ষয়িত্ৰী আছিল, আৰু দেউতাক আছিল গীৰ্জাৰ জ্যেষ্ঠ। ইনি এডোৰ লালন-পালন কঠোৰ ধৰণেৰে হৈছিল৷ তেওঁ চাৰিটা সন্তানৰ ভিতৰত দ্বিতীয়জন আছিল৷ তেওঁলোকৰ পৰিয়ালত তিনিজনী ছোৱালী আৰু এজন ল’ৰা। নাইজেৰিয়াৰ উয়োৰ কৰ্নেলিয়া কনেলি কলেজত তেওঁ পঢ়িছিল। উয়ো বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে[11]আৰু তাৰ পৰাই তেওঁ নাট্য কলাত ডিপ্লমা লাভ কৰে। ইয়াৰ উপৰিও তেওঁ কালাবাৰ বিশ্ববিদ্যালয়ত স্নাতক ডিগ্ৰী লাভ কৰে য'ত তেওঁ ইংৰাজী অধ্যয়ন কৰে।[4] ২০১৪ চনত নাইজেৰিয়াৰ নেচনেল অ'পেন ইউনিভাৰ্চিটিত আইন অধ্যয়নৰ বাবে বৃত্তি লাভ কৰে।[12]

কৰ্মজীৱন

[সম্পাদনা কৰক]

২০০০ চনত থিক মেডামত অভিষেক ঘটাই তেওঁৰ অভিনয় কেৰিয়াৰ আৰম্ভ হয়৷ ইনি ইডোক তেওঁ অংশগ্ৰহণ কৰা অডিচনত এজন প্ৰযোজকে আৱিষ্কাৰ কৰিছিল। ২০০৪ চনত ৱৰ্ল্ড এপাৰ্টত অভিনয় কৰি তেওঁৰ অগ্ৰগতি লাভ কৰিছিল। ১০০ খনতকৈও অধিক ছবিত তেওঁ অভিনয় কৰিছে। "While You Slept" চিনেমাত অভিনয় কৰাৰ বাবে তেওঁ ১১ সংখ্যক আফ্ৰিকা চলচ্চিত্ৰ একাডেমী বঁটাত "শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী"ৰ মনোনয়ন লাভ কৰে[13]

ইনি এডোৱে অৱশ্যে ২০১৭ চনত স্পষ্ট কৰি দিছিল যে কঠোৰ পৰিশ্ৰম, আনন্দ আৰু নিষ্ঠাইহে নলীউড উদ্যোগত শীৰ্ষস্থান দখল কৰিব পাৰে৷ কাৰণ ইয়াত বহুতো বিবিধতা আছে। কিন্তু তেওঁ উৎসাহিত কৰিছিল যে দৃঢ়তা থাকিলে কোনোবা তাত উপনীত হ'ব পাৰিব।[14]

তেওঁ গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ কাৰ্যকাৰিতা উন্নত কৰাৰ বাবে কাম কৰা এন জি অ' নেচনেল ডেম'ক্ৰেটিক ইনষ্টিটিউট (NDI)ক ৰাষ্ট্ৰদূত হিচাপে প্ৰতিনিধিত্ব কৰে।[15]

২০২৩ চনত ইনি এডোৱে ২০২৩ চনৰ নাইজেৰিয়ান ক্ৰাইম থ্ৰিলাৰ শ্বেণ্টিটাউন প্ৰযোজনা কৰে৷ থ্ৰিলাৰখন ২০২৩ চনৰ ২০ জানুৱাৰীত নেটফ্লিক্সত মুক্তি হয়।[16]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০০৮ চনত ইনি এডোৱে আমেৰিকান ব্যৱসায়ী ফিলিপ ইহিয়াগৱিনাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ছবছৰৰ পিছত ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত এই বিবাহৰ অন্ত পৰে।[17] ২০২১ চনত ইনি এডোৰ প্ৰথম সন্তান, ছাৰোগেছিৰ জৰিয়তে এগৰাকী ছোৱালী জন্ম হয়[18]

সমাজহিতকৰ কৰ্ম

[সম্পাদনা কৰক]

তেখেত GEMS (Girls Empowerment Mentorship Scheme) AFRICA ৰ প্ৰতিষ্ঠাপক, যিটো বেচৰকাৰী সংস্থাই বিভিন্ন ক্ষেত্ৰত যুৱতীসকলক সহায় কৰিবলৈ নিৰ্মিত আৰু মেণ্টৰশ্বিপ, দক্ষতা আহৰণ, আৰু সহায় প্ৰদান কৰে। জেমছ আফ্ৰিকাৰ জৰিয়তে তেওঁ উদ্যোগৰ এক ব্যাপক প্ৰেক্ষাপটত লাখৰো অধিক আফ্ৰিকান ছোৱালীৰ জীৱন স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।[15]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Why I chose to welcome my baby via surrogacy - Ini Edo" (en-GB ভাষাত). 2021-12-03. https://www.premiumtimesng.com/entertainment/nollywood/498871-why-i-chose-to-welcome-my-baby-via-surrogacy-ini-edo.html। আহৰণ কৰা হৈছে: 2022-03-15. 
  2. "Ini Edo" (en ভাষাত). IMDb. https://www.imdb.com/name/nm2215609/bio। আহৰণ কৰা হৈছে: 2022-06-17. 
  3. "Actress, Ini Edo leads campaign to end violence against women in Ekiti politics" (en-GB ভাষাত). Vanguard News. 2022-05-17. https://www.vanguardngr.com/2022/05/actress-ini-edo-leads-campaign-to-end-violence-against-women-in-ekiti-politics/। আহৰণ কৰা হৈছে: 2022-06-17. 
  4. 4.0 4.1 "T.I.N MAGAZINE: Actress INI EDO Full Biography, Life And News". www.takemetonaija.com. http://www.takemetonaija.com/2014/10/actress-ini-edo-biography-life-and-news.html?m=1#sthash.9iuRkWtx.dpuf। আহৰণ কৰা হৈছে: 21 December 2017. 
  5. "Ini Edo" (en-AU ভাষাত). www.ghgossip.com. 2020-06-13. Archived from the original on 2023-08-02. https://web.archive.org/web/20230802135940/https://www.ghgossip.com/ini-edo-biography/। আহৰণ কৰা হৈছে: 2023-08-02. 
  6. James, Osaremen Ehi (23 April 2013), "Celebrity Birthday: Ini Edo Adds Another Year, Turns 31", Congo films (NFC Media Group), archived from the original on 23 April 2016, https://web.archive.org/web/20160423012500/http://www.nigeriafilms.com/news/21349/14/celebrity-birthday-ini-edo-adds-another-year-turns.html, আহৰণ কৰা হৈছে: 11 May 2013. 
  7. Victor Enengedi "INI EDO ANNOUNCED AS JUDGE FOR THE MISS BLACK AFRICA UK PAGEANT", NET, 19 August 2013. Retrieved on 8 May 2014.
  8. BellaNaija.com (2022-04-21). "De9jaspirit Talent Hunt Season 2 is Back and Better | Here's how to participate" (en-US ভাষাত). BellaNaija. https://www.bellanaija.com/2022/04/de9jaspirit-talent-hunt-season-two/। আহৰণ কৰা হৈছে: 2023-08-02. 
  9. Akinyemi, Bioluwatife (2023-05-27). "Unprecedented Excitement as DTH Season 3 Launches" (en-GB ভাষাত). Tribune Online. https://tribuneonlineng.com/unprecedented-excitement-as-dth-season-3-launches/। আহৰণ কৰা হৈছে: 2023-08-02. 
  10. "Nollywood meet Bollywood As UN-Habitat Appoints Youth Envoys.", AllAfrica.com, 14 April 2011. Retrieved on 8 May 2014.
  11. "INI EDO: Technically we've evolved as an industry". The Guardian Nigeria News - Nigeria and World News. 2023-02-04. https://guardian.ng/saturday-magazine/ini-edo-technically-weve-evolved-as-an-industry/। আহৰণ কৰা হৈছে: 2023-06-02. 
  12. Orenuga, Adenike (2014-05-15). "Actress Ini Edo offered scholarship to study Law at NOUN" (en-US ভাষাত). Daily Post Nigeria. https://dailypost.ng/2014/05/15/actress-ini-edo-offered-scholarship-study-law-noun/। আহৰণ কৰা হৈছে: 2022-07-18. 
  13. "Ini Edo Reflects On Her Career Growth". Guardian Nigeria. 20 May 2019. https://guardian.ng/life/ini-edo-reflects-on-how-passion-has-brought-her-this-far/. 
  14. "Exchanging sex for roles not worth it –Ini Edo". Punch Newspapers. 5 March 2017. https://punchng.com/exchanging-sex-for-roles-not-worth-it-ini-edo/। আহৰণ কৰা হৈছে: 24 February 2021. 
  15. 15.0 15.1 "BN Exclusive UN Habitat Envoy Ini Edo's Charity Initiatives, New Film "I'll Take My Chances" & Brand New Promo Pics". Bellanaija. 8 April 2021. https://www.bellanaija.com/2011/06/bn-exclusive-un-habitat-envoy-ini-edos-charity-initiatives-new-film-ill-take-my-chances-brand-new-promo-pics/। আহৰণ কৰা হৈছে: 5 February 2023. 
  16. Udodiong, Inemesit (2023-02-03). "'Shanty Town': Ini Edo and Chi Chi Nworah on producing the top TV show on Netflix right now [Pulse Interview"] (en ভাষাত). Pulse Nigeria. Archived from the original on 2023-02-04. https://web.archive.org/web/20230204075207/https://www.pulse.ng/entertainment/movies/shanty-town-ini-edo-and-chi-chi-nworah-on-producing-the-top-tv-show-on-netflix-right/25hhjmf। আহৰণ কৰা হৈছে: 2023-02-04. 
  17. "Ini Edo finds love again". PM News Nigeria. 26 February 2020. https://www.pmnewsnigeria.com/2020/02/26/ini-edo-finds-love-again/. 
  18. "Why I chose to welcome my baby via surrogacy - Ini Edo". 3 December 2021. https://www.premiumtimesng.com/entertainment/nollywood/498871-why-i-chose-to-welcome-my-baby-via-surrogacy-ini-edo.html.