সমললৈ যাওক

ইন্তান পাৰামাদিথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইন্তান পাৰামাদিথা
ৰাষ্ট্ৰীয়তা ইণ্ডোনেছিয়ান
পেচা লেখিকা
বঁটা, সন্মান, পুৰস্কাৰ আদি পেন ট্ৰেন্সলেটছ এৱাৰ্ড (সংযুক্ত ৰাজ্য)
ষ্টেলা প্ৰাইজ লংলিষ্ট (অষ্ট্ৰেলিয়া)
টেম্প’ৰ শ্ৰেষ্ঠ সাহিত্যিক গদ্য (ইণ্ডোনেছিয়া)
শৈক্ষিক পটভূমি
মাতৃশিক্ষানুষ্ঠান নিউয়ৰ্ক বিশ্ববিদ্যালয়
শৈক্ষিক কৰ্ম
প্ৰতিষ্ঠানসমুহ মেকুৱেৰী বিশ্ববিদ্যালয়
চাৰা লৰেন্স কলেজ
ইণ্ডোনেছিয়া বিশ্ববিদ্যালয়
উল্লেখযোগ্য কৰ্ম এপ'ল এণ্ড নাইফ; দ্য ৱেণ্ডাৰিং

ইন্তান পাৰামাদিথা এগৰাকী ইণ্ডোনেছিয়ান নাৰীবাদী লেখিকা[1][2] তেওঁক সাহিত্যৰাজি “লিংগ আৰু যৌনতা, সংস্কৃতি আৰু ৰাজনীতি”ৰ ওপৰত কেন্দ্ৰিত।[3]

সাহিত্যিক কৰ্ম

[সম্পাদনা কৰক]

পাৰামাদিথাৰ সাহিত্যক “গথিক ফেমিনিষ্ট” বুলি অভিহিত কৰা হয়।[4]

২০০৫ চনত তেওঁৰ চুটিগল্প সংকলন সিহিৰ পেৰেমপুৱান (‘‘ব্লেক মেজিক ৱুমেন’’) খাটুলিস্তুৱা সাহিত্য বঁটাৰ বাবে মনোনীত হৈছিল।[5]

২০১০ চনত ইন্তানে একা কুৰ্ণিয়াৱান আৰু উগোৰান প্ৰাছাদৰ সৈতে মিলি কুম্পুলান বুদাক ছেতান (‘‘দ্য ডেভিল’চ স্লেভছ ক্লাব’’) নামৰ ভৌতিক সংকলন লিখিছিল,[2] আৰু ২০১৩ চনত তেওঁৰ গল্প ক্লাব ছ'লিদাৰিতাচ ছুৱামি হিলাং (‘‘দ্য মিছিং হাজবেণ্ডছ’ ছ'লিডাৰিটি ক্লাব’’) কোম্পাছৰ শ্ৰেষ্ঠ গল্প বঁটা লাভ কৰে।[6]

তেওঁৰ প্ৰথম উপন্যাস, গেন্তায়াংগান: পিলিহ ছেন্দিৰি পেতুৱালাংগান ছেপাতু মেৰাহ্‌মু (‘‘দ্য ৱেণ্ডাৰিং: চুইজ য়োৰ ওন ৰেড-শ্যুঁজ এডভেঞ্চাৰ’’) ২০১৮ চনত পেন ট্ৰেন্সলেটছ এৱাৰ্ড লাভ কৰে,[7] আৰু PEN/হেইম ট্ৰেন্সলেচন গ্ৰেণ্ট লাভ কৰে।[8]

২০১৭ চনত টেম্প’ৰ শ্ৰেষ্ঠ সাহিত্যিক গদ্য বঁটা লাভ কৰা এই উপন্যাসখন ছ্টিফেন জে. এপষ্টেইনৰদ্বাৰা ইংৰাজীত অনুবাদ হৈ ২০২০ চনত প্ৰকাশ পায়।[9] ‘‘দ্য ৱেণ্ডাৰিং’’ ২০২১ চনৰ ষ্টেলা প্ৰাইজৰ লংলিষ্টত থাকে।[10]

‘‘এপ'ল এণ্ড নাইফ’’ নামৰ সংকলনত তেওঁৰ আগৰ কেইবাটাও গল্প অন্তৰ্ভুক্ত হৈছে।[2]

তেওঁৰ “অ’ন দ্য কমপ্লিকেটেড কোয়েচ্চনছ আৰাউণ্ড ৰাইটিং অৱট ট্ৰেভেল” শীৰ্ষক প্ৰবন্ধটো “দ্য বেষ্ট আমেৰিকান ট্ৰেভেল ৰাইটিং ২০২১” সংকলনত অন্তৰ্ভুক্ত হয়।[11]

একাডেমিক জীৱন আৰু গৱেষণা

[সম্পাদনা কৰক]

পাৰামাদিথাই নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰপৰা চিনেমা ষ্টাডিজত পিএইচডি লাভ কৰিছে।[12] বৰ্তমান তেওঁ অষ্ট্ৰেলিয়াৰ ছিডনীত মেকুৱেৰী বিশ্ববিদ্যালয়ত মিডিয়া আৰু ফিল্ম অধ্যয়ন শিকায়।[13]

ইতিপূৰ্বে তেওঁ চাৰা লৰেন্স কলেজত[14] আৰু ইণ্ডোনেছিয়া বিশ্ববিদ্যালয়তো শিক্ষকতা কৰিছিল।[15]

তেওঁৰ গৱেষণা-বিষয়সমূহত ফেমিনিজম, ট্ৰান্সনেশ্যনেলিজম, কচম'প'লিটেনিজম, প’ষ্ট-কল’নিয়েল ষ্টাডিজ, বিশ্ব ফিল্ম আৰু মিডিয়া, আৰু এক্টিভিজম অন্তৰ্ভুক্ত।[13]

তেওঁৰ একাডেমিক প্ৰবন্ধসমূহ ফেমিনিষ্ট ৰিভিউ, ইণ্টাৰ-এছিয়া কাল্চাৰেল ষ্টাডিজ, এছিয়ান চিঞ্চেমা, ভিজুৱেল এন্থ্ৰ’প'লজী, ফিল্ম কুৱাৰ্টাৰ্লি, জাম্প কাট আৰু চচিয়েল আইডেণ্টিটিজ আদি সাময়িকীত প্ৰকাশিত হৈছে।

সাহিত্য আৰু সমাজ চিন্তাৰ অবদান

[সম্পাদনা কৰক]

ইন্তান পাৰামাদিথাক সমকালীন ইণ্ডোনেছিয়ান সাহিত্যত “ট্ৰান্সন্যাচনেল ফেমিনিষ্ট কণ্ঠ” হিচাপে বৰ্ণনা কৰা হয়। তেওঁৰ লেখনী সামাজিক ন্যায়, অভিবাসন, পৰিচয়-ৰাজনীতি আৰু বিশ্বায়নৰ প্ৰেক্ষাপটত মহিলা অভিজ্ঞতাৰ স্তৰসমূহ উন্মোচিত কৰে। তেওঁ বহু অভিমত-প্ৰবন্ধত দক্ষিণ-পূৱ এছিয়াৰ ৰাজনীতি আৰু সংস্কৃতিৰ ওপৰত সাহিত্যৰ ভূমিকা সম্বন্ধে লিখিছে। ২০২২ চনত Asian Review of Books-এ তেওঁৰ ‘’The Wandering’’-ক “a radical experiment in narrative ethics” বুলি অভিহিত কৰিছিল, য’ত পাঠকে নিজৰ সিদ্ধান্তৰ দ্বাৰা গল্পৰ নৈতিক দিশ নিৰ্ধাৰণ কৰে।[16] লগতে, পাৰামাদিথাৰে বিশ্ব সাহিত্য মঞ্চত দক্ষিণ-পূৱ এছিয়াৰ নাৰীবাদী দৃষ্টিভংগী প্ৰৱাহিত কৰিবলৈ লেখক-বাসস্থান কাৰ্যসূচী, ছেমিনাৰ আৰু গৱেষণা নেটৱৰ্কত সক্ৰিয়ভাৱে অংশ লৈছে।[17]

আলোচনা আৰু বক্তৃতা

[সম্পাদনা কৰক]

ইন্তান পাৰামাদিথাই বহুতো আন্তঃৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠানত বক্তৃতা দিছে, যেনে —

  • ব্ৰ’ডছাইড ফেমিনিষ্ট আইডিয়াছ ফেষ্টিভেল ২০১৯[18]
  • ইমাৰ্জিং ৰাইটাৰ্ছ ফেষ্টিভেল ২০১৯[19]
  • জাকাৰ্টা ইণ্টাৰনেচনেল লিটাৰেৰী ফেষ্টিভেল ২০১৯[20]
  • লণ্ডন বুক ফেয়াৰ ২০১৯[21]
  • ছিংগাপুৰ ৰাইটাৰ্ছ ফেষ্টিভেল ২০১৮[22]
  • হংকং ইণ্টাৰনেচনেল ৰাইটাৰ্ছ ফেষ্টিভেল ২০১৮[23]
  • ইউৰোপালিয়া আৰ্টছ ফেষ্টিভেল ২০১৭[24]
  • ফ্ৰাঙ্কফুৰ্ট বুক ফেয়াৰ ২০১৫[25]
  • ক্ৰাক’ভ কনৰাৰ্ড ফেষ্টিভেল ২০২৩[26]

কৃতিত্বসমূহৰ তালিকা

[সম্পাদনা কৰক]

বাতৰি কাকত/পুথি

[সম্পাদনা কৰক]
  • সিহিৰ পৰেম্পুৱান (কাতাকিতা, ২০০৫), গল্পসংগ্ৰহ।
  • কুম্পুলান বুদাক ছেতান (গ্ৰামেডিয়া পুস্তকা উত্তামা, ২০১০), একা কুৰ্‌নিয়াওৱান আৰু উগোৰান প্ৰাছাদৰ সৈতে যৌথ গল্পসঙ্কলন।
  • গোয়াং পেনাছাৰান: নাস্কাহ দ্ৰামা দান চাটাতান প্ৰচেছ (কে-পি-জি, ২০১৩), নাটকৰ পাণ্ডুলিপি, শিল্পীৰ সাক্ষাৎকাৰ আৰু গোয়াং পেনাছাৰান প্ৰদৰ্শন সম্বন্ধীয় প্ৰবন্ধ। নায়মী শ্ৰীকাণ্ডীৰ সৈতে যৌথভাৱে লিখিত।
  • জেণ্টায়াঙান: পিলিহ ছেন্দিৰি পেতুৱালাংগান চেপাটু মেৰাহমু (গ্ৰামেডিয়া পুস্তকা উত্তামা, ২০১৭), উপন্যাস। এইখনক ষ্টিফেন জে. এপষ্টেইনে দ্য ৱেণ্ডাৰিং নামত অনুবাদ কৰিছিল (হাৰভিল ছেকাৰ / পেংগুইন ৰেণ্ডম হাউচ, ২০২০)।
  • এপল এণ্ড নাইফ (অষ্ট্ৰেলিয়া: ব্ৰাও বুকছ; যুক্তৰাজ্য: হাৰভিল ছেকাৰ, ২০১৮), ষ্টিফেন জে. এপষ্টেইন-ৰ অনূদিত গল্পসংগ্ৰহ।

নাট্যকলা

[সম্পাদনা কৰক]
  • গোয়াং পেনাছাৰান (থিয়েটাৰ গাৰাছি, ২০১১ আৰু ২০১২)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Intan Paramaditha - Literature". literature.britishcouncil.org. https://literature.britishcouncil.org/writer/intan-paramaditha আহৰণ কৰা হৈছে: 2020-01-05.
  2. 1 2 3 "intan paramaditha is the feminist author who scares patriarchy away with her own brand of horror". Globetrotter Magazine. Archived from the original on 2019-04-18. https://web.archive.org/web/20190418050306/https://www.globetrottermag.com/news-features/scaring-away-patriarchy-with-feminist-author-intan-paramaditha আহৰণ কৰা হৈছে: 2020-01-05.
  3. "Resistance: Literature as Activism". English PEN. https://www.englishpen.org/events/resistance-literature-as-activism/ আহৰণ কৰা হৈছে: 2020-01-05.
  4. "'A FEMINIST REFRAMING: An Interview with Intan Paramaditha'". The Lifted Brow. Archived from the original on 2020-01-28. https://web.archive.org/web/20200128040016/https://www.theliftedbrow.com/liftedbrow/2018/4/18/a-feminist-reframing-an-interview-with-intan-paramaditha-by-norman-erikson-pasaribu আহৰণ কৰা হৈছে: 2020-01-28.
  5. "Intan Paramaditha". Indonesian Writers. http://idwriters.com/writers/intan-paramaditha/ আহৰণ কৰা হৈছে: 2020-01-28.
  6. "Intan Paramaditha: In between two worlds". The Jakarta Post. https://www.thejakartapost.com/news/2014/09/15/intan-paramaditha-in-between-two-worlds.html আহৰণ কৰা হৈছে: 2020-01-28.
  7. "PEN Translates autumn 2018 awards announced". English PEN. 2018-12-18. https://www.englishpen.org/translation/pen-translates-autumn-2018-awards-announced/ আহৰণ কৰা হৈছে: 2020-01-05.
  8. "2019 PEN/Heim Translation Fund Grants". PEN America. https://pen.org/2019penheimgrants/ আহৰণ কৰা হৈছে: 2020-01-05.
  9. "The Wandering". Penguin. Archived from the original on 2021-01-17. https://web.archive.org/web/20210117032704/https://www.penguin.com.au/books/the-wandering-9781787301184 আহৰণ কৰা হৈছে: 2020-01-05.
  10. "Stella Prize 2021 longlist announced". Books+Publishing. 2021-03-05. https://www.booksandpublishing.com.au/articles/2021/03/05/163600/stella-prize-2021-longlist-announced/ আহৰণ কৰা হৈছে: 2021-03-05.
  11. Manske, Laura. "Discover The World In 'The Best American Travel Writing 2021'". Forbes. https://www.forbes.com/sites/lauramanske/2021/10/17/discover-the-world-in-the-best-american-travel-writing-2021/ আহৰণ কৰা হৈছে: 2022-10-23.
  12. "Intan Paramaditha". http://www.nyu.edu/projects/cinema.resources/phd_students_paramaditha_intan.htm.
  13. 1 2 "Intan Paramaditha". Macquarie University. https://researchers.mq.edu.au/en/persons/intan-paramaditha আহৰণ কৰা হৈছে: 2020-01-05.
  14. "Intan Paramaditha". https://slc.academia.edu/IntanParamaditha.
  15. "bio - Intan Paramaditha". https://www.ejumpcut.org/archive/jc49.2007/PasirBerbisik/bio.html.
  16. "Review – The Wandering". Asian Review of Books. https://asianreviewofbooks.com/content/the-wandering-by-intan-paramaditha/ আহৰণ কৰা হৈছে: 2025-11-16.
  17. "International Women Writers Program". PEN America. https://pen.org/intl-women-writers/ আহৰণ কৰা হৈছে: 2025-11-16.[সংযোগবিহীন উৎস]
  18. "Event – Intan Paramaditha". Archived from the original on 2020-11-29. https://web.archive.org/web/20201129060326/https://broadside.wheelercentre.com/who/intan-paramaditha আহৰণ কৰা হৈছে: 2025-11-15.
  19. "Between the Covers". https://emergingwritersfestival.org.au/event/between-the-covers/.
  20. "Reading Night #4". Archived from the original on 2020-09-24. https://web.archive.org/web/20200924171317/https://www.jilf.id/event/reading-night-4/ আহৰণ কৰা হৈছে: 2025-11-15.
  21. "Feminist Fairy Tales". https://www.londonbookfair.co.uk/en/Sessions/71313/Feminist-Fairy-Tales.
  22. "Singapore Writers Festival". https://artsrepublic.sg/events/2018/11/singapore-writers-festival-2018.
  23. "Rewriting the female narrative". Archived from the original on 2023-10-30. https://web.archive.org/web/20231030123105/https://www.chinadailyhk.com/articles/239/41/2/1541130376026.html আহৰণ কৰা হৈছে: 2025-11-15.
  24. "Europalia Indonesia". https://www.thebulletin.be/europalia-indonesia-festival-opens-four-month-programme-culture.
  25. "Spinner of Darkness". Archived from the original on 2020-01-20. https://web.archive.org/web/20200120203424/http://www.bookpunks.com/spinner-darkness-tales-intan-paramaditha/ আহৰণ কৰা হৈছে: 2025-11-15.
  26. "The Conrad Award Gala". https://en.conradfestival.pl/event/the-conrad-award-gala2 আহৰণ কৰা হৈছে: 2023-10-30.