সমললৈ যাওক

ইন্দিৰাণা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছেমিপালমাটা লালুকী

ইন্দিৰাণা (ইংৰাজী: Indirana) হৈছে ৰানিক্সালিডে পৰিয়ালৰ এটা ভেকুলী প্ৰজাতি।[1][2] এই ভেকুলী প্ৰজাতিটো ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় প্ৰজাতি৷ ইহঁতক কেতিয়াবা ভাৰতীয় ভেকুলী বুলিও সাধাৰণ নামেৰে জনা যায়,[3] আনহাতে ইহঁতৰ পৰিয়ালৰ সদস্যক "ডেও দিয়া ভেকুলী" বুলিও কোৱা হয়।[1][4]

ইন্দিৰাণাই ভেকুলীৰ এক প্ৰাচীন প্ৰজাতিক প্ৰতিনিধিত্ব কৰে যিটো প্ৰায় ৫ কোটি বছৰৰ আগতে আন সকলো ভেকুলী প্ৰজাতিৰ পৰা বিচ্ছিন্ন হৈছিল। ইয়াৰ ফলত ইন্দিৰাণা গুণ্ডিয়াক "শীৰ্ষ ১০০ বিৱৰ্তনশীলভাৱে পৃথক আৰু বিশ্বব্যাপী বিপন্ন উভচৰ প্ৰাণী"ৰ অন্যতম হিচাপে স্থান দিয়া হৈছে।[5]

ইন্দিৰাণা প্ৰজাতিবোৰ সৰু আৰু চিকুন শৰীৰৰ ভেকুলী৷ সাধাৰণতে পাতৰ আৱৰ্জনা বা নৈৰ ওচৰত ইহঁত পোৱা যায়।[4] লালুকীৰ পিছফালৰ ঠেং আৰু নোমহীন নেজ থাকে, আৰু বিপদৰ পৰা হাত সাৰিবলৈ জপিয়াব পাৰে।[5][6]

ইন্দিৰাণা গণৰ এবিধ ভেকুলী।

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

পৰম্পৰাগত শ্ৰেণীবিভাজনত এই প্ৰজাতিটোক ৰানিডাই (Ranidae) পৰিয়ালৰ উপপৰিয়ালৰ ৰানিক্সালিনে (Ranixalinae)ৰ ভিতৰত নেন'ফ্ৰাইছ (Nannophrys) আৰু নাইক্টিবাট্ৰাকাছ (Nyctibatrachus) গোত্ৰত অন্তৰ্ভুক্ত।[7] ইয়াক ৰেনিক্সালিনেক নাইক্টিবাট্ৰাচিডে পৰিয়ালৰ অন্তৰ্গত ৰখা হৈছে।[8] ডেৰেল আৰ ফ্ৰষ্ট আৰু অন্যান্যই (২০০৬)এ ইহঁতক পেট্ৰ'পেডেটিডে পৰিয়ালৰ অন্তৰ্গত স্থান দিছিল।[9][10]

প্ৰজাতি

[সম্পাদনা কৰক]

এতিয়াও ইয়াৰ নতুন নতুন প্ৰজাতি আৱিষ্কাৰ হৈ আছে: ভাৰতৰ গোৱা ৰাজ্যৰ নেত্ৰাৱলী বন্যপ্ৰাণী অভয়াৰণ্যত ইন্দিৰাণা ছালেলকৰী আৱিষ্কাৰ কৰা হৈছিল আৰু ২০১৫ চনৰ জুলাই মাহৰ শেষৰফালে ইয়াৰ বৰ্ণনা কৰা হৈছিল।[11] ইন্দিৰাণা গণৰ অন্তৰ্গত তলত দিয়া প্ৰজাতিসমূহক স্বীকৃতি দিয়া হৈছে:[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Frost, Darrel R. (2015). "Ranixalidae Dubois, 1987". Amphibian Species of the World: an Online Reference. Version 6.0. American Museum of Natural History. http://research.amnh.org/vz/herpetology/amphibia/Amphibia/Anura/Ranixalidae। আহৰণ কৰা হৈছে: 7 August 2015.
  2. ↑ "Ranixalidae". AmphibiaWeb: Information on amphibian biology and conservation. [web application]. Berkeley, California: AmphibiaWeb. 2015. http://www.amphibiaweb.org/lists/Ranixalidae.shtml। আহৰণ কৰা হৈছে: 7 August 2015.
  3. 1 2 Frost, Darrel R. (2015). "Indirana Laurent, 1986". Amphibian Species of the World: an Online Reference. Version 6.0. American Museum of Natural History. http://research.amnh.org/vz/herpetology/amphibia/Amphibia/Anura/Ranixalidae/Indirana। আহৰণ কৰা হৈছে: 7 August 2015.
  4. 1 2 Vitt, Laurie J.; Caldwell, Janalee P. (2014). Herpetology: An Introductory Biology of Amphibians and Reptiles (4th সম্পাদনা). Academic Press. পৃষ্ঠা. 503. https://archive.org/details/herpetologyintro0000vitt.
  5. 1 2 "Gundia Indian Frog (Indirana gundia)". EDGE of Existence programme. Zoological Society of London. Archived from the original on 5 June 2014. https://web.archive.org/web/20140605052238/http://www.edgeofexistence.org/amphibians/species_info.php?id=632। আহৰণ কৰা হৈছে: 1 June 2014.
  6. ↑ Veeranagoudar, D. K.; Radder, R. S.; Shanbhag, B. A.; Saidapur, S. K. (2009). "Jumping behavior of semiterrestrial tadpoles of Indirana beddomii (Günth.): relative importance of tail and body size". Journal of Herpetology খণ্ড 43 (4): 680–684. doi:10.1670/08-158.1.
  7. ↑ George R. Zug; Laurie J. Vitt; Janalee P. Caldwell (2001). Herpetology: An Introductory Biology of Amphibians and Reptiles. Academic Press. পৃষ্ঠা. 430. ISBN 978-0-12-782622-6. https://books.google.com/books?id=arMcaKnkDiIC&pg=PA430.
  8. ↑ "Ranixalinae". ZipCodeZoo, BayScience Foundation, Inc.. http://zipcodezoo.com/Key/Animalia/Ranixalinae_Subfamily.asp। আহৰণ কৰা হৈছে: 6 March 2012.
  9. ↑ Frost, D. R.; Grant, T.; Faivovich, J. N.; Bain, R. H.; Haas, A.; Haddad, C. L. F. B.; De Sá, R. O.; Channing, A. et al. (2006). "The Amphibian Tree of Life". Bulletin of the American Museum of Natural History খণ্ড 297: 1–291. doi:10.1206/0003-0090(2006)297[0001:TATOL]2.0.CO;2. https://archive.org/details/sim_bulletin-of-the-american-museum-of-natural-history_2006_297/page/n24.
  10. ↑ Michael F. Barej; Mark-Oliver Rödel; Legrand Nono Gonwouo; Olivier S.G. Pauwels; Wolfgang Böhme; Andreas Schmitz (2010). "Review of the genus Petropedetes Reichenow, 1874 in Central Africa with the description of three new species (Amphibia: Anura: Petropedetidae)". Zootaxa (2340): 1–49.
  11. ↑ "Newly discovered frog species named after Goan forest officer". Business Standard. Press Trust of India. 2015-07-29. http://www.business-standard.com/article/pti-stories/newly-discovered-frog-species-named-after-goan-forest-officer-115072901262_1.html.