ইন্দিৰাণা চিৰাবাসী
| Amboli leaping frog | |
|---|---|
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | Amphibian |
| বৰ্গ: | Frog |
| পৰিয়াল: | Ranixalidae |
| গণ: | Indirana |
| প্ৰজাতি: | I. chiravasi |
| দ্বৈৰাশিক নামকৰণ | |
| Indirana chiravasi Padhye, Modak, and Dahanukar, 2014[2] | |
ইন্দিৰাণা চিৰাবাসী (ইংৰাজী: Indirana chiravasi; সাধাৰণ নাম: আম্বলি জপিওঁৱা ভেকুলী) ভাৰতৰ পশ্চিম ঘাটত পোৱা এবিধ স্থানীয় প্ৰজাতিৰ ভেকুলী। ইয়াক কেৱল ইয়াৰ মহাৰাষ্ট্ৰৰ আম্বলিৰ পাহাৰীয়া ষ্টেচনৰ কাষৰ লেটাৰাইট মালভূমিৰ স্থানীয়তাৰ পৰাহে জনা যায়।[3][4] ২০১৪ চনত আই আই এছ ই আৰ, পুনে আৰু এম ই এছ আবাছাহেব গাৰ্ৱেৰ কলেজৰ তিনিজনীয়া বিজ্ঞানীৰ এটা দলে ইয়াৰ বৰ্ণনা কৰিছিল।[4][5][1]
বিৱৰণ
[সম্পাদনা কৰক]মতা ভেকুলীৰ থুঁতৰি পৰা গুহ্যদ্বাৰলৈকে দৈৰ্ঘ্য ২৫–২৭ মিলিমিটাৰ (০.৯৮–১.০৬ ইঞ্চি) আৰু মাইকী ভেকুলীৰ দৈৰ্ঘ্য ৩২–৩৯ মিলিমিটাৰ (১.৩–১.৫ ইঞ্চি)। ইয়াৰ দানাযুক্ত কাষবোৰৰ বাহিৰে ছালখন মসৃণ; পৃষ্ঠীয় ফালে দীৰ্ঘায়িত ভাঁজ কম থাকে। পৃষ্ঠীয় ৰং জলফাই বাদামী আৰু ইয়াৰ হালধীয়া চিহ্ন সিঁচৰতি হৈ থাকে আৰু কেৱল মতাবোৰৰ ক্ষেত্ৰত ঘনভাৱে সংগঠিত ক'লা দাগ থাকে য'ত W আকৃতিৰ চিহ্ন থাকে। থুঁতৰিৰ আগৰ পৰা কান্ধলৈকে চকু আৰু টিম্পনামৰ মাজেৰে ক’লা ৰঙৰ ফিটা এটা থাকে। আঙুলিবোৰ জালবিহীন হোৱাৰ বিপৰীতে ভৰিৰ আঙুলিৰ আগবোৰ মধ্যমীয়া জালযুক্ত।[2]
বাসস্থান
[সম্পাদনা কৰক]ইন্দিৰাণা চিৰাবাসী লেটেৰিটিক শিলৰ উন্মেষত বাস কৰে আৰু বিভিন্ন অণুবাসস্থানত দেখা যায়। ইহঁতক লেটাৰাইট শিলৰ ফাটত প্ৰায়ে পোৱা যায়; মতাবোৰক বেছিভাগেই তিতা শিল বা শেলুৱৈৰে আবৃত শিলৰ পৰা মাতি থকাৰ সময়ত দেখা যায়। হাবিত থকা এটা কুণ্ডাৰ তলত আৰু পথৰ কাষৰ শিলৰ তলৰ পৰা মাইকী ভেকুলী পোৱা গৈছে। এই ভেকুলীবিধ সমুদ্ৰপৃষ্ঠৰ পৰা ২৬ৰ পৰা ৯৯৮ মিটাৰ উচ্চতাত দেখা গৈছে।[1]
প্ৰজনন
[সম্পাদনা কৰক]লালুকীবোৰ স্থলজ আৰু তিতা শিলৰ ওপৰত শেলুৱৈ পদাৰ্থ খাই থকা দেখা গৈছে।[2] ইহঁতে নেজ আৰু পিছফালৰ অংগ ব্যৱহাৰ কৰি তিতা শিলৰ ওপৰেৰে আহ-যাহ কৰে, যিবোৰ আন প্ৰজাতিৰ লালুকীতকৈ কম বয়সতে বৃদ্ধি পায়।[1]
সংৰক্ষণ আৰু ভাবুকি
[সম্পাদনা কৰক]আই ইউ চি এন-এ এই ভেকুলীবিধক ৰঙা তালিকাত ন্যূনতম উদ্বেগজনক প্ৰজাতি বুলি শ্ৰেণীভুক্ত কৰিছে যদিও ই কিছু বিপদত পৰিছে, মূলতঃ বাসস্থান হেৰুৱাৰ ফলত। মানুহে পথ নিৰ্মাণ কৰিছে, খনন কৰিছে, কাজু বাগিছা স্থাপন কৰিছে। কোনো কোনো ঠাইত অবৈধভাৱে গছ কটা কাৰ্যটোও এটা সমস্যা হৈ পৰিছে। কীটনাশকেও এই ভেকুলীবিধক মাৰি পেলাব পাৰে। জলবায়ু পৰিৱৰ্তনে এই ভেকুলীবিধক প্ৰজনন কৰিবলৈ নিৰ্ভৰ কৰা বাৰিষাৰ জলবায়ু সলনি কৰি ক্ষতি কৰিব পাৰে। কিছুমান ভূমিস্খলন প্ৰতিৰোধ ব্যৱস্থাই এই ভেকুলীবিধৰ ক্ষতি কৰিব পাৰে; চিমেণ্টৰ মচলাই শিলৰ ফাটবোৰ পূৰণ কৰি ভেকুলীয়ে কণী পৰাত সমস্যাৰ সৃষ্টি কৰিব পাৰে।[1]
এই ভেকুলীবিধৰ বিচৰণ ক্ষেত্ৰৰ ভিতৰত অন্ততঃ চাৰিখন সংৰক্ষিত উদ্যান আছে; সেইবোৰ হ'ল - ফানছাদ বন্যপ্ৰাণী অভয়াৰণ্য, সহ্যাদ্ৰী বাঘ সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ বাফাৰ জ'ন, তাম্হিনী বন্যপ্ৰাণী অভয়াৰণ্য আৰু কালি বাঘ সংৰক্ষিত বনাঞ্চল।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 6 সাঁচ:Cite IUCN
- 1 2 3 Padhye, A. D.; Modak, N.; Dahanukar, N. (2014). "Indirana chiravasi, a new species of Leaping Frog (Anura: Ranixalidae) from Western Ghats of India". Journal of Threatened Taxa খণ্ড 6 (10): 6293. doi:10.11609/JoTT.o4068.6293-312.
- ↑ Frost, Darrel R. (2016). "Indirana chiravasi Padhye, Modak, and Dahanukar, 2014". Amphibian Species of the World: an Online Reference. Version 6.0. American Museum of Natural History. http://research.amnh.org/vz/herpetology/amphibia123/index.php//Amphibia/Anura/Ranixalidae/Indirana/Indirana-chiravasi। আহৰণ কৰা হৈছে: 27 August 2016.
- 1 2 "Pune scientists find new frog species near Amboli". Times of India. 1 October 2014. https://timesofindia.indiatimes.com/city/pune/Pune-scientists-find-new-frog-species-near-Amboli/articleshow/43943760.cms.
- ↑ সাঁচ:BioRef