সমললৈ যাওক

ইন্দিৰাণা বেডোমি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Indirana beddomii
Dorsal view
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
পৰ্ব: পৃষ্ঠদণ্ডী
শ্ৰেণী: Amphibian
বৰ্গ: Frog
পৰিয়াল: Ranixalidae
গণ: Indirana
প্ৰজাতি: I. beddomii
দ্বৈৰাশিক নামকৰণ
Indirana beddomii
(Günther, 1876)
সমাৰ্থক

Polypedates beddomii Günther, 1876

ইন্দিৰাণা বেডোমি (ইংৰাজী: Indirana beddomii) বা বেডোমৰ জপিওঁৱা ভেকুলী বা বেডোমৰ ভাৰতীয় ভেকুলী বা কেৱল বেডোমৰ ভেকুলী পশ্চিম ঘাটত পোৱা এবিধ প্ৰজাতিৰ ভেকুলী।[2][3][1] সাধাৰণতে ইহঁতে অসুবিধা পালে‍ মাটিৰ পৰা ওলাই যোৱাৰ সময়ত ইহঁতক দীঘলীয়া জাঁপবোৰৰ দ্বাৰা চিনাক্ত কৰিব পৰা যায়৷ প্ৰকৃতিবিদ ৰিচাৰ্ড হেনৰী বেডোমৰ নামেৰে এই প্ৰজাতিটোৰ নামকৰণ কৰা হৈছে।

বিতৰণ আৰু বাসস্থান

[সম্পাদনা কৰক]

এই প্ৰজাতিবিধ পশ্চিম ঘাটৰ অৰণ্যত পোৱা যায়। এই ভেকুলীবিধ সমুদ্ৰপৃষ্ঠৰ পৰা ৭৫২ৰ পৰা ১২০০ মিটাৰ উচ্চতাত থকা চিৰসেউজ আৰু মিশ্ৰিত চিৰসেউজ অৰণ্য বা নদীৰ পাৰৰ মাটিত বাস কৰে। এই ভেকুলীবিধ গৌণ অৰণ্যত বাস কৰিব পাৰে যদিও বিজ্ঞানীসকলে ইয়াক অতিশয় অসুবিধাজনক বাসস্থানত জীয়াই থকাৰ সম্ভাৱনা কম বুলি বিবেচনা কৰে। এই ভেকুলীবিধক খেতিপথাৰত দেখা পোৱা হোৱা নাই।[2][1]

এই ভেকুলীবিধে শিলৰ ফাঁকৰ তিতা শিলৰ ওপৰত কণী পাৰে। এই ভেকুলীবিধৰ লালুকীবোৰে পোনে পোনে পানীত নহয়, এই ফাঁকবোৰত বাস কৰে।[1]

ভাবুকি আৰু সংৰক্ষণ

[সম্পাদনা কৰক]

আই ইউ চি এন-এ এই ভেকুলীবিধক বিপন্ন বুলি শ্ৰেণীভুক্ত কৰিছে কাৰণ ইয়াৰ বিচৰণৰ পৰিসৰ সীমিত। সেই সীমিত পৰিসৰত অন্ততঃ এখন সংৰক্ষিত উদ্যান মালাবাৰ বন্যপ্ৰাণী অভয়াৰণ্য আছে, য'ত প্ৰায় ৫০% ভেকুলী বাস কৰে বুলি অনুমান কৰা হৈছে।[1]

এই ভেকুলীবিধৰ প্ৰতি অহা আন আন ভাবুকিৰ ভিতৰত আছে‍ পথ দুৰ্ঘটনা, বনাঞ্চল কৃষিলৈ ৰূপান্তৰিত হোৱা, বান্ধ আৰু ৰৈখিক আন্তঃগাঁথনি নিৰ্মাণৰ ফলত বাসস্থানৰ ক্ষতি। ভূমিস্খলন প্ৰতিৰোধৰ বাবে পথৰ কাষত নিৰ্মাণ কৰা কংক্ৰিটে ভেকুলীয়ে‍ প্ৰজনন কৰিবলৈ ব্যৱহাৰ কৰিবলগীয়া ফাটবোৰ পূৰণ কৰিব পাৰে। বনাঞ্চলৰ পৰা সামান্য পৰিমানে‍ কাঠ সংগ্ৰহ কৰা হয় যদিও এয়া সামান্য ভাবুকিহে। শব্দ প্ৰদূষণে মতা ভেকুলীৰ মাতৰ শব্দ অস্পষ্ট কৰি ভেকুলীৰ প্ৰজনন আচৰণত বাধাৰ সৃষ্টি কৰাটো সম্ভৱ।[1]

বিজ্ঞানীসকলেও জলবায়ু পৰিৱৰ্তনক সম্ভাৱ্য ভাবুকি হিচাপে উল্লেখ কৰিছে। উচ্চ উচ্চতাৰ বাসস্থানৰ বাবে ভেকুলীবিধে সহজে শীতল অঞ্চললৈ প্ৰব্ৰজন কৰিব নোৱাৰে৷ জলবায়ু পৰিৱৰ্তনে এই ভেকুলীবিধক প্ৰজনন কৰিবলৈ প্ৰয়োজনীয় বাৰিষাৰ বতৰৰ চক্ৰটোও সলনি কৰিব পাৰে।[1]

বিজ্ঞানীসকলে এই ভেকুলীবিধৰ ওপৰত বেট্ৰাক’চাইট্ৰিয়াম ডেণ্ড্ৰ’বেটিডিছ (Batrachochytrium dendrobatidis) নামৰ ভেঁকুৰ পৰ্যবেক্ষণ কৰিছে, কিন্তু ইয়াৰ সঠিক ৰোগ বা মৃত্যুৰ হাৰ তেওঁলোকে নাজানে। বেট্ৰাক'চাইট্ৰিয়াম ডেণ্ড্ৰ'বেটিডিছে ভেঁকুৰৰ ৰোগ চাইট্ৰাইডিঅ'মাইক'ছিছৰ সৃষ্টি কৰে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 সাঁচ:Cite IUCN
  2. 1 2 Frost, Darrel R. (2014). "Indirana beddomii (Günther, 1876)". Amphibian Species of the World: an Online Reference. Version 6.0. American Museum of Natural History. http://research.amnh.org/vz/herpetology/amphibia/Amphibia/Anura/Ranixalidae/Indirana/Indirana-beddomii আহৰণ কৰা হৈছে: 31 May 2014.
  3. সাঁচ:BioRef