ইন্দিৰাণা ব্ৰাকিটাৰ্ছাছ
| Indirana brachytarsus | |
|---|---|
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | Amphibian |
| বৰ্গ: | Frog |
| পৰিয়াল: | Ranixalidae |
| গণ: | Indirana |
| প্ৰজাতি: | I. brachytarsus |
| দ্বৈৰাশিক নামকৰণ | |
| Indirana brachytarsus (Günther, 1876) | |
ইন্দিৰাণা ব্ৰাচিটাৰ্ছাছ (ইংৰাজী: Indirana brachytarsus) হৈছে ভাৰতৰ পশ্চিম ঘাট (আনামালাই পাহাৰকে ধৰি)ত পোৱা এবিধ প্ৰজাতি ভেকুলী৷[2]
বাসস্থান
[সম্পাদনা কৰক]এই ভেকুলীবিধ সমুদ্ৰপৃষ্ঠৰপৰা ৬০০ৰপৰা ১৫০৮ মিটাৰ উচ্চতাৰ পাহাৰৰ নৈৰ ওচৰৰ চিৰসেউজ আৰু মিশ্ৰিত চিৰসেউজ অৰণ্যত মাটিত বাস কৰে। পাতৰ আৱৰ্জনাবোৰৰ মাজত ইয়াক পোৱাৰ সম্ভাৱনা অধিক। এই ভেকুলীবিধ বনাঞ্চলৰ সমীপৱৰ্তী অঞ্চলত দেখা গৈছে যদিও সম্পূৰ্ণ মুকলি ঠাইত দেখা পোৱা হোৱা নাই। ইলাচি, ৰবৰ আৰু চাহবাগিছাত ইয়াক দেখা গৈছে।[2][1]
এই ভেকুলীবিধৰ বিচৰণক্ষেত্ৰৰ ভিতৰত কেইবাখনো সংৰক্ষিত উদ্যান আছে; সেইবোৰ হ'ল - পেৰিয়াৰ বাঘ সংৰক্ষিত বনাঞ্চল, কলাকাদ মুণ্ডনথুৰাই বাঘ সংৰক্ষিত বনাঞ্চল, মেঘামলাই বন্যপ্ৰাণী অভয়াৰণ্য, আগষ্ট্যামালা বায়স্ফিয়াৰ সংৰক্ষিত বনাঞ্চল, আনামালাই বাঘ সংৰক্ষিত বনাঞ্চল আৰু ৱায়ানাড বন্যপ্ৰাণী অভয়াৰণ্য।[1]
প্ৰজনন
[সম্পাদনা কৰক]এই ভেকুলীবিধে তিতা শিলত কণী পাৰে। এই ভেকুলীবিধৰ লালুকীবোৰ অৰ্ধজলজ আৰু ইহঁতে নেজ আৰু পিছফালৰ ভৰি ব্যৱহাৰ কৰি তিতা শিল আৰু শেলুৱৈৰ ওপৰেৰে আহ-যাহ কৰে, ইহঁত অন্য প্ৰজাতিৰ লালুকীতকৈ কম বয়সতে বৃদ্ধি পায়।[1]
ভাবুকি
[সম্পাদনা কৰক]আই. ইউ. চি. এন.-এ এই ভেকুলীবিধক ৰঙা তালিকাত ন্যূনতম উদ্বেগজনক প্ৰজাতি হিচাপে শ্ৰেণীভুক্ত কৰিছে যদিও কৃষি, বান্ধ নিৰ্মাণ আৰু অন্যান্য আন্তঃগাঁথনিৰ সৈতে জড়িত বনাঞ্চল ধ্বংসৰ কাৰকৰ ফলত ই কিছু বিপদত পৰিছে। কিছুমান ভূমিস্খলন প্ৰতিৰোধ প্ৰচেষ্টাই এই ভেকুলীবিধৰ ক্ষতি কৰিব পাৰে: মানুহে পথ সুগম কৰিবলৈ ব্যৱহাৰ কৰা কংক্ৰিটে ভেকুলীবিধৰ কণী পৰা শিলৰ ফাটবোৰ পূৰণ কৰি বিপদ মাতিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ জীৱিকাৰ বাবে কাঠ সংগ্ৰহ কৰা কথাটোৱেও কিছু ভাবুকি কঢ়িয়াই আনিব পাৰে, কিন্তু ই সামান্য ভাবুকিহে সৃষ্টি কৰিব পাৰে।[1][1]
বিজ্ঞানীসকলে জলবায়ু পৰিৱৰ্তনকো ভাবুকি হিচাপে উল্লেখ কৰিছে। এই ভেকুলীবিধ বেছি উচ্চতাত বাস কৰাৰ বাবে ই সহজে শীতল বাসস্থানলৈ প্ৰব্ৰজন কৰিব নোৱাৰে।[1]
বিজ্ঞানীসকলে এই ভেকুলীবিধৰ শৰীৰত বেট্ৰাক’চাইট্ৰিয়াম ডেণ্ড্ৰ’বেটিডিছ (Batrachochytrium dendrobatidis) নামৰ ভেঁকুৰবিধ পৰ্যবেক্ষণ কৰিছে, কিন্তু তেওঁলোকে ইয়াৰ ফলত হ'ব পৰা নিৰ্দিষ্ট ৰোগ বা মৃত্যুৰ হাৰৰ বিষয়ে নাজানে। বেট্ৰাক'চাইট্ৰিয়াম ডেণ্ড্ৰ'বেটিডিছে চাইট্ৰাইডিঅ'মাইক'ছিছ নামৰ ভেঁকুৰ ৰোগৰ সৃষ্টি কৰে।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 6 7 8 সাঁচ:Cite IUCN
- 1 2 Frost, Darrel R. (2014). "Indirana brachytarsus (Günther, 1876)". Amphibian Species of the World: an Online Reference. Version 6.0. American Museum of Natural History. http://research.amnh.org/vz/herpetology/amphibia/Amphibia/Anura/Ranixalidae/Indirana/Indirana-brachytarsus। আহৰণ কৰা হৈছে: 30 May 2014.