ইন্দিৰা অনন্ত মায়দেও
ইন্দিৰা অনন্ত মায়দেও | |
---|---|
প্ৰথম লোকসভাৰ সদস্য, পুণে দক্ষিণ | |
কাৰ্যকাল ১৯৫১ – ১৯৫৭ | |
পূৰ্বসূৰী | নতুন সমষ্টি |
উত্তৰসূৰী | নাৰায়ণ গণেশ গোৰে |
ব্যক্তিগত তথ্য | |
জন্ম | ৭ ছেপ্টেম্বৰ, ১৯০৩ |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
ইন্দিৰা অনন্ত মায়দেও (ইংৰাজী: Indira Anant Maydeo) ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে প্ৰথম লোকসভাত পুনে-দক্ষিণক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় সংসদ সদস্য আছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯০৩ চনৰ ৭ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা মায়দেৱে ফাৰ্গুচন কলেজত পঢ়িছিল আৰু তাৰ পৰাই তেওঁ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী ডিগ্ৰী লাভ কৰিছিল।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত মায়দেও সক্ৰিয়ভাৱে জড়িত আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ (আইএনচি)ৰ তেওঁ সদস্য আছিল। ১৯৩৩ চনত তেওঁ হৰিজন সেৱক সংঘৰ মহাৰাষ্ট্ৰ বিভাগত যোগদান কৰে।[1] ইন্দিৰা মায়দেও সেইসময়ত পুনেত (তেতিয়াৰ বম্বেত) দলটোৰ আটাইতকৈ বিশিষ্ট মহিলা সদস্য আছিল৷ স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত কংগ্ৰেছে তেওঁক পুনে দক্ষিণ সমষ্টিৰ আনুষ্ঠানিক প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰিছিল। তেওঁ প্ৰায় ৬৪% ভোট লাভ কৰি সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী শ্ৰীধৰ লিমায়েক পৰাস্ত কৰি সদনত পুনেৰ প্ৰথমগৰাকী মহিলা প্ৰতিনিধি হিচাপে পৰিগণিত হয়।[2][3] সেইটো অভিলেখ এতিয়াও তেওঁৰ দখলতে আছে৷ [2] সংসদৰ সদস্য হিচাপে তেওঁ লোকসভাত বিবাহ বিচ্ছেদ সম্পৰ্কে এখন বিধেয়ক আনিছিল যদিও সেইখনৰ বিষয়ে আলোচনা নহ’ল আৰু শেষত ম্যাদ উকলি গ’ল।[4] ১৯৫২ চনত মায়দেও ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংঘৰ সভাপতি হয়।[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯২৭ চনত ইন্দিৰা মায়দেৱে অনন্ত গোবিন্দ মায়দেওৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ এজন পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান জন্ম হয়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Members Bioprofile: Maydeo, Shrimati Indira Anant". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/844.htm। আহৰণ কৰা হৈছে: 20 November 2017.
- ↑ 2.0 2.1 "1951: When Pune elected a woman — Indirabai Maydeo — to first Lok Sabha". The Indian Express. 23 March 2014. http://indianexpress.com/article/cities/pune/1951-when-pune-elected-a-woman-indirabai-maydeo-to-first-lok-sabha/। আহৰণ কৰা হৈছে: 20 November 2017.
- ↑ D.G., Supriya (16 January 2014). "Vinita Deshmukh: From Journalism to Politics". NRI Pulse. http://www.nripulse.com/vinita-deshmukh-from-journalism-to-politics/। আহৰণ কৰা হৈছে: 20 November 2017.
- ↑ Chopra, Joginder Kumar (1993). Women in the Indian Parliament: A Critical Study of Their Role. Mittal Publications. পৃষ্ঠা. 56. ISBN 978-81-7099-513-5. https://books.google.com/books?id=mjQ7zgQK9qcC&pg=PA35.