সমললৈ যাওক

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নতুন দিল্লীত থকা বিশ্ববিদ্যালয়ৰ মূল চৌহদ
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়
Indira Gandhi National Open University
মূলমন্ত্ৰ जन-जन का विश्वविद्यालय (The People's University)
স্থাপিত ১৯৮৫ (১৯৮৫)
ধৰণ ৰাজহুৱা মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ বিশ্ববিদ্যালয়
উপাচাৰ্য উমা কাঞ্জিলাল
প্ৰশাসনিক কৰ্মচাৰী ৮৩১ (২০২৪)
শিক্ষাৰ্থী ৩,০৯৩,৫৮৩ (২০২৪)
স্থান নতুন দিল্লী, ভাৰত
চৌহদ চহৰাঞ্চল (মুঠ ১৫১.৩২ একৰ)
ৱেবছাইট https://www.ignou.ac.in

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (ইংৰাজী : Indira Gandhi National Open University, চমুকৈ IGNOU) ভাৰতৰ দিল্লীত অৱস্থিত এখন ৰাজহুৱা মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ বিশ্ববিদ্যালয়। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নামেৰে নামাকৰণ কৰি ভাৰতৰ সংসদত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আইন, ১৯৮৫ (ইগ্নু আইন ১৯৮৫) গৃহীত হোৱাৰ পাছত ১৯৮৫ চনত ২০ মিলিয়ন বাজেটেৰে এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।[1] ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত ইগ্নু ৩,০৯৩,৫৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় নামভৰ্তিৰে বিশ্বৰ সৰ্ববৃহৎ বিশ্ববিদ্যালয়। ৬৭টা আঞ্চলিক কেন্দ্ৰ আৰু ২,২৫৭টা শিকাৰু সমৰ্থন কেন্দ্ৰৰ নেটৱৰ্কৰ সমৰ্থনত ইগ্নুয়ে ইয়াৰ ২১খন বিদ্যালয়ৰ জৰিয়তে ৩৩৩টা শৈক্ষিক কাৰ্যসূচী প্ৰদান কৰে।[2]

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে বিভিন্ন “আধুনিক ভাৰতীয় ভাষা” (MILs) যেনে মালয়ালম, মাৰাঠী, ওড়িয়া, পঞ্জাবী, তামিল, তেলুগু, অসমীয়া, বাংলা, ভোজপুৰী, গুজৰাটী, কন্নড়, কাশ্মীৰী, মেইতেই (মণিপুৰী) আৰু নেপালী ভাষাত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী আগবঢ়ায়।[3]

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ তালিকা

[সম্পাদনা কৰক]
উপাচাৰ্য কাৰ্যকাল
জি. ৰাম ৰেড্ডী ১৯৮৫-৯০
ভি. চি. কুলন্দাইস্বামী ১৯৯০-৯৫
ৰাম জি. টাকৱালে ১৯৯৫-৯৮
এ. ডব্লিউ. খান ১৯৯৮-২০০১
এইচ. পি. দীক্ষিত ২০০১-০৬
ভি. এন. ৰাজাশেখৰন পিল্লাই ২০০৬-১১
এম. আছলম ২০১১-১২
গোপীনাথ প্ৰধান ২০১২-১৩
এম. আছলম ২০১৩-১৭
নাগেশ্বৰ ৰাও ২০১৮-২৪
উমা কাঞ্জিলাল ২০২৪-বৰ্তমানলৈকে[4][5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "IGNOU Act 1985". প্ৰকাশক New Delhi: Government of IndiaMinistry of Human Resource Development. 1985. Archived from the original on 2012-04-17. https://web.archive.org/web/20120417134753/http://mhrd.gov.in/sites/upload_files/mhrd/files/IGNOUACT-1985.pdf। আহৰণ কৰা হৈছে: 2025-04-08. 
  2. "Indira Gandhi National Open University". প্ৰকাশক New Delhi: Indira Gandhi National Open UniversityIGNOU. Archived from the original on 2025-01-10. https://web.archive.org/web/20250110154547/https://www.ignou.ac.in/। আহৰণ কৰা হৈছে: 2025-04-08. 
  3. "Kashmiri language introduced by IGNOU at under-graduate level". প্ৰকাশক New Delhi: Printline Media Pvt LtdThePrint. 2024-02-21. https://theprint.in/india/kashmiri-language-introduced-by-ignou-at-under-graduate-level/1375099/। আহৰণ কৰা হৈছে: 2025-04-08. 
  4. S(h)arma, Gautam. "IGNOU appoints Prof Uma Kanjilal as new Acting Vice Chancellor, know about her academic achievements and more". www.msn.com. https://www.msn.com/en-in/news/India/ignou-appoints-prof-uma-kanjilal-as-new-acting-vice-chancellor-know-about-her-academic-achievements-and-more/ar-BB1qJfcf। আহৰণ কৰা হৈছে: 11 January 2025. 
  5. "Authorities". IGNOU. https://www.ignou.ac.in/pages/10। আহৰণ কৰা হৈছে: 11 January 2025.