সমললৈ যাওক

ইন্দুমতী গোপীনাথন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইন্দুমতী গোপীনাথন
জন্ম ২৩ মাৰ্চ, ১৯৫৬ (৭০ বছৰ)
মুম্বাই, ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ পেথ'লজি, টেলিমেডিচিন
শিক্ষানুষ্ঠান ছেথ গৰ্ধণ্ডাছ সুন্দৰদাছ মেডিকেল কলেজ আৰু কিং এডৱাৰ্ড মেম'ৰিয়েল হাস্পতাল

ইন্দুমতী গোপীনাথন (ইংৰাজী: Indumati Gopinathan; জন্ম ২৩ মাৰ্চ ১৯৫৬) এগৰাকী বিখ্যাত ভাৰতীয় পেথ’লজিষ্ট। তেওঁ ডায়েগনষ্টিক মেডিচিন, চকুৰ অংকোপেথ'লজী আৰু গাইনেক'লজিকেল হিষ্ট'পেথ'লজীৰ বিশেষজ্ঞ।[1][2]

চিকিৎসা জীৱন

[সম্পাদনা কৰক]

গোপীনাথনে ছেঠ গৰ্ধনদাস সুন্দৰদাস মেডিকেল কলেজ আৰু কিং এডৱাৰ্ড মেম’ৰিয়েল হস্পিতালৰ পৰা পেথ’লজীত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী (এম.ডি.) সম্পূৰ্ণ কৰে। তেওঁ টেলিপেথ’লজীৰ এগৰাকী আগশাৰীৰ ভাষ্যকাৰ। [3][4][5] চেন্নাইস্থিত টেলিমেডিচিন কোম্পানী স্পেচ হস্পিতালছৰ সৈতেও তেওঁ জড়িত আছিল। তেওঁ বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা ইংৰাজী বাতৰি কাকত দ্য টাইমছ অৱ ইণ্ডিয়া ৰ স্বাস্থ্য পৰামৰ্শদাতা/স্তম্ভলেখক।[6][7][8] ইন্দুমতী গোপীনাথন প্ৰতিৰোধমূলক ঔষধৰ ওপৰত গুৰুত্ব দিয়া ভাৰতীয় স্বাস্থ্য সেৱা আলোচনী হেল্থস্ক্ৰীনৰ সম্পাদকীয় বোৰ্ডত আছে, আৰু ইণ্ডিয়ান এক্সপ্ৰেছ গোটৰ দ্বাৰা এক আগশাৰীৰ সাপ্তাহিক স্বাস্থ্যসেৱা প্ৰকাশন হেল্থ কেয়াৰ এক্সপ্ৰেছৰ এজন স্তম্ভলেখক।[9][3][5]

ইন্দুমতী গোপীনাথন থাইৰ’কেয়াৰ হেল্থকেয়াৰৰ পৰিচালনা সমিতিৰ সঞ্চালক।[10]

বৰ্তমান তেওঁ ভাৰতৰ মুম্বাইৰ চেম্বুৰত বাস কৰে আৰু ব্যক্তিগত প্ৰেকটিছ কৰি‍ আছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Aditya's Blog:: If you are a parent". Indyarocks.com. Archived from the original on 13 July 2011. https://web.archive.org/web/20110713030339/http://www.indyarocks.com/blogs/blog_visiterview_main.php?id=12614#blog12614 আহৰণ কৰা হৈছে: 2016-06-05.
  2. "Pap's Smear: A Significant Tool - Express Healthcare". Archived from the original on 16 June 2008. https://web.archive.org/web/20080616065221/http://www.expresshealthcaremgmt.com/200703/labwatch04.shtml আহৰণ কৰা হৈছে: 15 January 2009.
  3. 1 2 "Telepathology: The Future of Pathology - Express Healthcare". Archived from the original on 29 January 2009. https://web.archive.org/web/20090129080852/http://www.expresshealthcaremgmt.com/200806/labwatch03.shtml আহৰণ কৰা হৈছে: 15 January 2009.
  4. [সংযোগবিহীন উৎস]
  5. 1 2 [সংযোগবিহীন উৎস]
  6. [সংযোগবিহীন উৎস]
  7. "The body shop :every breath you take - Times of India". Timesofindia.indiatimes.com. 2005-06-05. http://timesofindia.indiatimes.com/articleshow/1132859.cms আহৰণ কৰা হৈছে: 2016-06-05.
  8. "India News, Latest Sports, Bollywood, World, Business & Politics News". The Times of India. Archived from the original on 2012-10-25. https://web.archive.org/web/20121025121030/http://articles.timesofindia.indiatimes.com/2009-07-30/health/28172777_1_bottled-water-infections-mosquito আহৰণ কৰা হৈছে: 2016-06-05.
  9. [সংযোগবিহীন উৎস]
  10. "Thyrocare Investor Details". economictimes.indiatimes.com. 2017-08-23. http://economictimes.indiatimes.com/thyrocare-technologies-ltd/stocks/companyid-60244.cms আহৰণ কৰা হৈছে: 2017-08-23.