ইবু গ′গ′
ইবু গ′গ′ (ইংৰাজী: Ebu gogo) ইণ্ডোনেছিয়াৰ ফ্ল'ৰেছৰ শ্ৰুতিকথাত বৰ্ণনা কৰা মানৱ সদৃশ এক প্ৰকাৰৰ কিংবদন্তিমূলক জীৱ।[1] কেন্দ্ৰীয় ফ্ল'ৰেছৰ নাগে ভাষাত ইবুৰ অৰ্থ হৈছে "ককা-আইতা" আৰু গ′গ′ৰ অৰ্থ হৈছে "যিজনে যিকোনো বস্তু খায়"। এই জীৱটো হয়তো "বৃদ্ধ গ্লুটন"ৰ (old glutton) দৰে জীৱ হ'ব পাৰে।
বিৱৰণ
[সম্পাদনা কৰক]ফ্ল’ৰেছৰ নাগে লোকসকলে ইবু গ′গ′ক প্ৰায় ১.৫ মিটাৰ (৫ ফুট) ওখ খোজ কাঢ়িব পৰা আৰু বেগাই দৌৰব পৰা জীৱ বুলি বৰ্ণনা কৰে। বিৱৰণ অনুসৰি তেওঁলোকৰ নাক বহল আৰু চেপেতা, আৰু মুখমণ্ডল বহল আৰু মুখখন ডাঙৰ আৰু শৰীৰ নোমাল। স্ত্ৰীসকলৰ "দীঘল, ওলমি থকা স্তন" দেখা যায়।[2] তেওঁলোকে গুণগুণনিৰ দৰে নিজৰ ভাষাত কথা পাতে আৰু কথাবোৰ ভাটৌ চৰাইৰ দৰে বাৰে বাৰে আওৰাই থাকে বুলি কোৱা হয়।[3]
নেচাৰ আলোচনীৰ মতে ইবু গ′গ′ৰ সৈতে জড়িত কিংবদন্তিসমূহ পৰম্পৰাগতভাৱে বান্দৰৰ কাহিনী বুলি কোৱা হৈছিল।[4]
নিউ চাইণ্টিষ্টৰ এটা প্ৰবন্ধত ইবু গ′গ′ সম্পৰ্কীয় ফ্ল’ৰেছৰ লোককথাত তলত দিয়া বিৱৰণ দিয়া হৈছে: ১৮ শতিকাত গাঁৱৰ মানুহে ইবু গ′গ′ক কাপোৰ প্ৰস্তুত কৰিবলৈ কলগছৰ আঁহ উপহাৰ দিছিল আৰু গ′গ′ৱে আঁহবোৰ নিজৰ গুহালৈ লৈ যোৱাৰ পিছত গাঁৱৰ মানুহে জুই লগাই গুহাটো জ্বলাই দিবলৈ জুই দলিয়াই দিছিল, যাৰ ফলত তাত থকা সকলো গ′গ′ৰ মৃত্যু হৈছিল (সম্ভৱতঃ তাৰে এযোৰ ইবু গ′গ′ অৰণ্যলৈ পলাই গৈছিল)।[5][6]
ইবু গ′গ′ৱে মানৱ শিশুক কিদৰে ৰান্ধিব সেয়া শিকাৰ আশাৰে অপহৰণ কৰা বুলিও কিংবদন্তি প্ৰকাশ পাইছে। কাহিনীবোৰৰ মতে ইবু গ′গ′ৱে সদায় ল'ৰা-ছোৱালীবোৰক মিঠা মাতেৰে ছালনা কৰে।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Forth, Gregory L. 1998. Beneath the volcano: religion, cosmology and spirit classification among the Nage of eastern Indonesia. Leiden, KITLV Press. আই.এচ.বি.এন. 90-6718-120-X. p. 104.
- ↑ Gregory Forth (10 December 2008). Images of the Wildman in Southeast Asia: An Anthropological Perspective. Routledge. পৃষ্ঠা. 15. ISBN 978-1-135-78430-0. https://books.google.com/books?id=D_aQAgAAQBAJ&pg=PA15.
- ↑ SPAFA Journal: A Publication of the SEAMEO Regional Centre for Archaeology and Fine Arts (SPAFA).. The Centre. 2003. পৃষ্ঠা. 46. https://books.google.com/books?id=OFVuAAAAMAAJ&q=parrot-like.
- ↑ Wong, Kate (June 2006). "The Littlest Human". Scientific American খণ্ড 16 (2): 48–57. doi:10.1038/scientificamerican0606-48sp.
- ↑ Kohn, Marek (15 June 2006). "Homo floresiensis: The little troublemaker". New Scientist খণ্ড 186 (2504): 45. https://www.newscientist.com/article/mg18625041-600-homo-floresiensis-the-little-troublemaker/.
- ↑ Kohn, Marek (18 June 2005). "Far Weirder Than Hobbits". Marek Kohn. http://www.marekkohn.info/flores.html.
- ↑ Forth, Gregory (2008). Images of the Wildman in Southeast Asia: An Anthropological Perspective. প্ৰকাশক London: Routledge.