ইব্ৰাহিম আলী খান (অভিনেতা)
| ইব্ৰাহিম আলী খান | |
|---|---|
২০২৫ চনত নাদানিয়াঁ ছবিৰ প্ৰচাৰ অনুষ্ঠানত খান | |
| জন্ম | ইব্ৰাহিম আলী খান পতৌদী ০৫ মাৰ্চ, ২০০১ (২৫ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| শিক্ষানুষ্ঠান | নিউয়ৰ্ক ফিল্ম একাডেমী (বিএফএ) ব্লাণ্ডেল'চ্ স্কুল |
| পেচা | অভিনেতা |
| সক্ৰিয় হৈ থকা সময় | ২০০৮–বৰ্তমান |
| আত্মীয়-স্বজন | পতৌদী পৰিয়াল |
ইব্ৰাহিম আলী খান পাটাউদী (ইংৰাজী: Ibrahim Ali Khan Pataudi; জন্ম: ৫ মাৰ্চ ২০০১) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ হিন্দী চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ অভিনেতা ছাইফ আলী খান আৰু অভিনেত্ৰী অমৃতা সিঙৰ পুত্ৰ। ইব্ৰাহিমে শিশুকালতেই, তাছান (২০০৮) নামৰ ছবি এখনত প্ৰথম অভিনয় কৰিছিল। ছবিখনত তেওঁ পিতৃ ছাইফৰ চৰিত্ৰটিৰ কনিষ্ঠ সংস্কৰণ হিচাপে অভিনয় কৰিছিল। প্ৰাপ্তবয়স্ক হিচাপে, তেওঁ নেটফ্লিক্সৰ ৰোমাণ্টিক কমেডীধৰ্মী ছবি নাদানিয়াঁ (২০২৫)ত প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
[সম্পাদনা কৰক]২০০১ চনৰ ৫ মাৰ্চ তাৰিখে মহাৰাষ্ট্ৰৰ মুম্বাইত[1] ছাইফ আলী খান আৰু অমৃতা সিঙৰ গৃহত ইব্ৰাহিম আলী খানে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই হিন্দী চলচ্চিত্ৰ জগতৰ অভিনয় শিল্পী।[1][2] ইব্ৰাহিম পিতৃৰ ফালৰ পৰা পাঠান, অসমীয়া আৰু বঙালী বংশোদ্ভূত আৰু মাতৃৰ ফালৰ পৰা পঞ্জাবী বংশোদ্ভূত।[3][4]
ইব্ৰাহিম মনছুৰ আলী খান পতৌদী, শৰ্মিলা ঠাকুৰ আৰু ৰুখছানা চুলতানাৰ নাতিলʼৰা। তেওঁ ইফতিখাৰ আলী খান পতৌদী আৰু সাজিদা চুলতানৰ প্ৰপৌত্ৰ, জ্ঞানদাভিৰাম বৰুৱা আৰু হামিদুল্লাহ খানৰ প্ৰপৌত্ৰ, চুলতান জাহান বেগম, গগনেন্দ্ৰনাথ ঠাকুৰ আৰু গুণাভিৰাম বৰুৱাৰ প্ৰপৌত্ৰ আৰু সোহা আলী খান আৰু আলী খানৰ ভতিজাক।[5] তেওঁৰ বাইদেউ ছাৰা আলী খানও এগৰাকী অভিনেত্ৰী।[6] পিতৃৰ দ্বিতীয়া পত্নী কৰিণা কাপুৰ খানৰ তৰফৰ পৰা তেওঁৰ দুগৰাকী সতীয়া ভাতৃ আছে।[7]
খানে মুম্বাইৰ ধীৰুভাই আম্বাণী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে, আৰু নিউয়ৰ্ক ফিল্ম একাডেমীত চলচ্চিত্ৰ নিৰ্মাণৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।[1]
সাত বছৰ বয়সতেই তেওঁ তাছান (২০০৮) শীৰ্ষক ছবিখনত পিতৃৰ চৰিত্ৰৰ কনিষ্ঠ সংস্কৰণ হিচাপে প্ৰথম অভিনয় কৰিছিল। ইয়াৰ পিছতেই তেওঁ অভিনয়ৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিছিল।[8] ছবিখনৰ বাণিজ্যিক আৰু সমালোচনাত্মক বিফলতাৰ পিছত তেওঁ বিচলিত হোৱাৰ কথা তেওঁৰ পিতৃয়ে মনত পেলাইছে।[8] পিছলৈ ২০২৩ চনত খানে তেওঁৰ ছবি ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী (২০২৩)ত কৰণ জোহৰৰ সহকাৰী পৰিচালক হিচাপে কাম কৰে। ছবিখনত তেওঁৰ বায়েক ছাৰাই বিশেষ ভূমিকাত অভিনয় কৰিছিল।[9]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০২৫ চনত, খানে ধৰ্মাটিক এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰযোজিত, নেটফ্লিক্সৰ ৰোমাণ্টিক কমেডীধৰ্মী ছবি নাদানিয়াঁত অভিনেত্ৰী খুশী কাপুৰৰ বিপৰীতে প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে।[10] ছবিখনত তেওঁ বৃত্তিপ্ৰাপ্ত ছাত্ৰ অৰ্জুন মেহতাৰ চৰিত্ৰত অভিনয় কৰিছিল, যাক তেওঁৰ ধনী সহপাঠী (কাপুৰ)য়ে তেওঁৰ প্ৰেমিকৰ ভাও লʼবলৈ দৰমহা দিয়ে।[11] ছবিখন সমালোচনাৰ সম্মুখীন হৈছিল।[12] দ্য হিন্দুৰ অনুজ কুমাৰে লিখে যে "খানে এতিয়াও কেমেৰাৰ সৈতে বন্ধুত্ব কৰা নাই আৰু তেওঁক ছবিখনৰ সংলাপবোৰ কেৱল আওৰাই থকা যেন লাগে।" [13] হিন্দুস্তান টাইমছৰ ঋষভ ছুৰীয়ে খানৰ অভিনয়ক অত্যধিক সমালোচনা কৰিছিল। তেওঁ ছবিখনক একমাত্ৰিক আৰু "দুৰ্বল আত্মপ্ৰকাশ" বুলি গণ্য কৰিছিল।[14]
তেওঁ অভিনেতা পৃথ্বীৰাজ সুকুমাৰণ আৰু অভিনেত্ৰী কাজলৰ সৈতে কৰণ যোহৰ প্ৰযোজিত আগন্তুক থ্ৰিলাৰ ছবি সৰজমীনত অভিনয় কৰিছে। পৰৱৰ্তী সময়ত তেওঁ কুনাল দেশমুখ আৰু দিনেশ বিজানৰ দ্বাৰা ক্ৰমে পৰিচালিত আৰু প্ৰযোজিত আগন্তুক ক্ৰীড়া নাট্যধৰ্মী ছবি দিলেৰত অভিনয় কৰিব।[15][16]
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]এতিয়াও মুক্তি লাভ কৰা নাই |
| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০০৮ | তাছান | যুৱ জীতেন্দ্ৰ "জিমি" | শিশু শিল্পী | [17] |
| ২০২৩ | ৰকি ঔৰ ৰাণী কি প্ৰেম কহানী | প্ৰযোজ্য নহয় | সহকাৰী পৰিচালক | [9] |
| ২০২৫ | নাদানিয়াঁ | অৰ্জুন মেহতা | নেটফ্লিক্সৰ মৌলিক চলচ্চিত্ৰ | [18] |
| সৰজমীন |
ঘোষণা হ’ব | পোষ্ট-প্ৰডাকচন; জিঅ’ হটষ্টাৰৰ ছবি | [15] | |
| ২০২৬ | দিলেৰ |
ঘোষণা হ’ব | চিত্ৰগ্ৰহণ | [16] |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Ibrahim Ali Khan Birthday: Family Legacy, Relationship, Debut Film - All You Need To Know" (en ভাষাত). Times Now. 2025-03-05. https://www.timesnownews.com/entertainment-news/bollywood/ibrahim-ali-khan-birthday-family-legacy-relationship-debut-film-all-you-need-to-know-article-118718320। আহৰণ কৰা হৈছে: 2025-03-08.
- ↑ Basu, Nilanjana (3 January 2018). "Saif Ali Khan On Taimur's Gene Pool: Rabindranath Tagore, Raj Kapoor, Tiger Pataudi". NDTV. https://www.ndtv.com/entertainment/saif-ali-khan-on-taimurs-gene-pool-rabindranath-tagore-raj-kapoor-tiger-pataudi-1795374.
- ↑ Mangaokar, Shalvi (11 November 2013). "I am very proud of my Bengali heritage: Saif Ali Khan". Hindustan Times. http://www.hindustantimes.com/bollywood/i-am-very-proud-of-my-bengali-heritage-saif-ali-khan/story-mAWZhuq7LofadF2XAsaebJ.html.
- ↑ Swarup, Shubhangi (29 January 2011). "The Kingdom of Khan". OPEN. Archived from the original on 2 April 2016. https://web.archive.org/web/20160402073310/http://www.openthemagazine.com/article/art-culture/the-kingdom-of-khan। আহৰণ কৰা হৈছে: 17 November 2018.
- ↑ "Amrita Singh turns 60: 10 lesser-known facts about the actress". India TV. 11 September 2018. Archived from the original on 29 December 2018. https://web.archive.org/web/20181229171646/https://www.indiatvnews.com/entertainment/celebrities-amrita-singh-birthday-special-10-lesser-known-facts-of-saif-ali-khan-s-former-wife-426878.
- ↑ "Saif Ali Khan reveals, not Sara it was Ibrahim who made debut in Bollywood first". Rajasthan Patrika. 28 October 2018. Archived from the original on 17 November 2018. https://web.archive.org/web/20181117192728/http://www.catchnews.com/bollywood-news/saif-ali-khan-reveals-not-sara-it-was-ibrahim-who-made-debut-in-bollywood-first-87230.html.
- ↑ "Watch: This is what Kareena Kapoor Khan's son Taimur Ali Khan says when he sees his elder sister Sara Ali Khan". 17 November 2018. Archived from the original on 16 November 2018. https://web.archive.org/web/20181116215149/https://www.timesnownews.com/entertainment/news/people/article/watch-this-is-what-kareena-kapoor-khans-son-taimur-ali-khan-says-when-he-sees-his-elder-sister-sara-ali-khan/315553.
- ↑ 8.0 8.1 "Ibrahim Ali Khan's real Bollywood debut is not Nadaaniyan – it happened 17 years ago!" (en-IN ভাষাত). Indiatimes. 2025-02-07. https://www.indiatimes.com/entertainment/ibrahim-ali-khans-real-bollywood-debut-is-not-nadaaniyan-it-happened-17-years-ago-for-saif-ali-khans-film-tashan-652276.html। আহৰণ কৰা হৈছে: 2025-03-10.
- ↑ 9.0 9.1 "Pic of Ibrahim Ali Khan on sets of Rocky aur Rani ki Prem Kahani, courtesy Saba Pataudi" (en ভাষাত). The Tribune. https://www.tribuneindia.com/news/entertainment/ibrahim-ali-khan-on-sets-of-rocky-aur-rani-ki-prem-kahani-courtesy-saba-pataudi-418137/। আহৰণ কৰা হৈছে: 2025-03-08.
- ↑ "Khushi Kapoor, Ibrahim Ali Khan's rom-com Dharma film titled 'Naadaniyaan': Report" (en-us ভাষাত). Firstpost. 2024-02-16. Archived from the original on 7 April 2024. https://web.archive.org/web/20240407014834/https://www.firstpost.com/entertainment/khushi-kapoor-ibrahim-ali-khans-rom-com-dharma-film-titled-naadaniyaan-report-13731512.html। আহৰণ কৰা হৈছে: 2024-04-07.
- ↑ Roy, Lachmi Deb (2025-03-07). "Netflix's Nadaaniyan Movie Review: Ibrahim Ali Khan tries hard to salvage a boring, bland, frivolous love story; Khushi Kapoor fails to impress" (en-us ভাষাত). Firstpost. https://www.firstpost.com/entertainment/netflixs-nadaaniyan-movie-review-ibrahim-ali-khan-tries-hard-to-salvage-a-boring-bland-frivolous-love-story-khushi-kapoor-fails-to-impress-13869481.html/amp। আহৰণ কৰা হৈছে: 2025-03-07.
- ↑ "'A Miserable Watch' Ibrahim Ali Khan-Khushi Kapoor's 'Nadaaniyan' Gets Abysmal Reactions" (en-IN ভাষাত). MensXP. 2025-03-07. https://www.mensxp.com/entertainment/bollywood/176108-nadaaniyan-gets-negative-reviews-khushi-kapoor-ibrahim-ali-khan.html। আহৰণ কৰা হৈছে: 2025-03-07.
- ↑ Kumar, Anuj (2025-03-07). "Nadaaniyan movie review: Ibrahim Ali Khan's debut film doesn't pass the test" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/nadaaniyan-movie-review-ibrahim-ali-khan-khushi-kapoor-netflix/article69301917.ece.
- ↑ Suri, Rishabh (7 March 2025). "Nadaaniyan review: Ibrahim Ali Khan, Khushi Kapoor's bland film is a warning sign, Bollywood romance is heading south". Hindustan Times. https://www.hindustantimes.com/entertainment/bollywood/nadaaniyan-review-ibrahim-ali-khan-khushi-kapoor-s-bland-film-is-a-warning-sign-bollywood-romance-is-heading-south-101741331873031.html.
- ↑ 15.0 15.1 . 2025-02-14. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/the-mysterious-case-of-ibrahim-ali-khans-sarzameen/articleshow/118237820.cms.
- ↑ 16.0 16.1 Arya, Bhawna (2 October 2024). "Diler: Ibrahim Ali Khan To Resume Shoot For Sports Drama In London". Times Now. https://www.timesnownews.com/entertainment-news/bollywood/diler-ibrahim-ali-khan-to-resume-shoot-for-sports-drama-in-london-report-article-113878719। আহৰণ কৰা হৈছে: 11 March 2025.
- ↑ Jha, Saloni (7 February 2025). "Ibrahim Ali Khan's real Bollywood debut is not Nadaaniyan – it happened 17 years ago!". IndiaTimes. https://www.indiatimes.com/entertainment/ibrahim-ali-khans-real-bollywood-debut-is-not-nadaaniyan-it-happened-17-years-ago-for-saif-ali-khans-film-tashan-652276.html। আহৰণ কৰা হৈছে: 9 March 2025.
- ↑ Brzeski, Patrick (3 February 2025). "Netflix Unveils 2025 India Content Slate: New Films and Series Announced". The Hollywood Reporter. https://www.hollywoodreporter.com/movies/movie-news/netflix-2025-india-content-slate-films-series-1236125713/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ইব্ৰাহিম আলী খান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ইব্ৰাহিম আলী খান সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত ইব্ৰাহিম আলী খান