ইব্ৰাহিম হাতামিকিয়া
| ইব্ৰাহিম হাতামিকিয়া | |
|---|---|
২০২০ চনৰ ফাজ্ৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হাতামিকিয়া | |
| স্থানীয় নাম | ابراهیم حاتمیکیا |
| জন্ম | ২৩ ছেপ্টেম্বৰ, ১৯৬১ (৬৪ বছৰ) তেহৰান, ইৰান |
| শিক্ষা | চিত্ৰনাট্য লিখন |
| শিক্ষানুষ্ঠান | তেহৰান ইউনিভাৰ্চিটি অৱ আৰ্ট |
| পেচা | চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চিনেমাটোগ্ৰাফাৰ আৰু অভিনেতা |
| সক্ৰিয় হৈ থকা সময় | ১৯৭৯–বৰ্তমান |
| সন্তান | নায়েৰেহ ইউছুফ ইছমাইল |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | সম্পূৰ্ণ তালিকা |
| সামৰিক কেৰিয়াৰ | |
| আনুগত্য | ইৰান |
| চাকৰি/শাখা | ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ড কৰ্পছ |
| ইউনিট | দৃশ্য-শ্ৰব্য গোট |
| যুদ্ধ-বিগ্ৰহ | ইৰান–ইৰাক যুদ্ধ |
ইব্ৰাহিম হাতামিকিয়া (ফাৰ্চী: ابراهیم حاتمیکیا; জন্ম ২৩ ছেপ্টেম্বৰ ১৯৬১) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চিনেমাটোগ্ৰাফাৰ আৰু অভিনেতা। হাতামিকিয়া ইৰানৰ ওপৰত ইৰান-ইৰাক যুদ্ধৰ প্ৰভাৱ চিত্ৰিত কৰা চলচ্চিত্ৰসমূহৰ এজন প্ৰধান পৃষ্ঠপোষক।[1] তেওঁৰ চলচ্চিত্ৰসমূহক ইৰানী যুদ্ধ চলচ্চিত্ৰ বা পৱিত্ৰ প্ৰতিৰক্ষা চিনেমা ধাৰাৰ এতিয়ালৈকে নিৰ্মিত কেইখনমান শ্ৰেষ্ঠ ছবি হিচাপে গণ্য কৰা হয়,[2] আৰু যুদ্ধৰ ফলত অহা সামাজিক পৰিৱৰ্তনসমূহৰ প্ৰতি মনোযোগ দিয়াৰ বাবে এইসমূহ উল্লেখনীয়।[3] যুদ্ধৰ ফলত সৃষ্টি হোৱা মানসিক আঘাত — উভতি অহা সৈনিক আৰু তেওঁলোকৰ বাবে অপেক্ষা কৰি থকা পৰিয়ালসমূহ, যিসকলে নিজৰ প্ৰিয়জনৰ ভাগ্য নোৱাজনকৈ সঠিকভাৱে শোক প্ৰকাশ কৰিবলৈকো অপাৰগ, সেইসকলৰ ওপৰত কৰা অন্বেষণৰ বাবে তেওঁ পৰিচিত।[4]
কৰ্মজীৱন
[সম্পাদনা কৰক]ইব্ৰাহিম হাতামিকিয়া ইৰানৰ বিপ্লৱৰ পৰৱৰ্তী ইৰানী চিনেমাৰ নতুন প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভিতৰত অন্যতম,[5] যিয়ে ১৯৯০ৰ দশকত ইৰানী চিনামাত আগবঢ়োৱা ভূমিকাৰ বাবে আন্তঃৰাষ্ট্ৰীয়ভাৱে খ্যাতি লাভ কৰিছিল। তেওঁ ১৯৬১ চনত তেহৰানত এজন পাৰ্চী পিতৃ আৰু আজাৰী মাতৃৰ কোলাত জন্মগ্ৰহণ কৰিছিল। তেওঁ ইৰান–ইৰাক যুদ্ধৰ ওপৰত কেইখনমান চুটি ছবি আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰি পৰিচালনা জীৱনৰ আৰম্ভণি কৰিছিল। তেওঁৰ চলচ্চিত্ৰসমূহক যুদ্ধ আৰু ইয়াৰ সৈতে জড়িত সমস্যাসমূহক তুলি ধৰা শ্ৰেষ্ঠ ছবি হিচাপে গণ্য কৰা হয়। তেওঁৰ কৰ্মৰাজিয়ে প্ৰায়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহ প্ৰশংসা বুটলিছে। দি গ্লাছ এজেন্সী আৰু ইন দি নেম অৱ দি ফাদাৰ ছবিৰ বাবে তেওঁ ক্ৰমে ১৬সংখ্যক আৰু ২৪সংখ্যক ফাজ্ৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ পৰিচালনাৰ বঁটা লাভ কৰিছিল।
মই প্ৰকৃততে চিনেমাৰপৰা যুদ্ধলৈ অহা নাছিলো; বৰঞ্চ,
যুদ্ধক্ষেত্ৰত থকাৰ বাবেহে মই চিনেমা আৱিষ্কাৰ কৰিছিলো।
হাতামিকিয়াক বৰ্তমান ইৰানৰ পেছাদাৰী ধৰ্মীয় চলচ্চিত্ৰ নিৰ্মাতাসকলৰ এজন প্ৰতীক হিচাপে গণ্য কৰা হয়।[7] ৩সংখ্যক ফাজ্ৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ চুটি ছবি শাখাত তেওঁৰ নাম প্ৰথমবাৰৰ বাবে শুনা গৈছিল। তেওঁৰ দি পাথ (১৯৮৫) ছবিখনে সন্মান লাভ কৰিছিল আৰু যুদ্ধৰ সৈতে জড়িত এটা বিষয়-বস্তু উৎকৃষ্টভাৱে উপস্থাপন কৰাৰ বাবে জুৰীৰদ্বাৰা স্বীকৃতি লাভ কৰিছিল।[3] হাতামিকিয়াৰ প্ৰাৰম্ভিক যুদ্ধকেন্দ্ৰিক পূৰ্ণদৈৰ্ঘ্য ছবি দি স্কাউট (১৯৮৯) আৰু দি ইমিগ্ৰেণ্ট (১৯৯০) ছবিয়ে ঘৰুৱা ক্ষেত্ৰত যুদ্ধৰ মনস্তাত্ত্বিক আৰু সমাজতাত্ত্বিক প্ৰভাৱৰ বিষয়ে অন্বেষণ কৰিছিল। ইয়াৰ পিছৰ আকৰ্ষণীয় পূৰ্ণদৈৰ্ঘ্য ছবি ফ্ৰম কাৰ্খেহ টু ৰাইন (১৯৯৩)-ত তেওঁ জাৰ্মানীলৈ চিকিৎসাৰ বাবে যোৱা এজন বিকলাঙ্গ প্ৰাক্তন সৈনিকৰ মনস্তত্ত্ব অন্বেষণ কৰিছিল। য’ত তেওঁ যুদ্ধৰ বিষয়-বস্তুৰ সৈতে পাশ্চাত্য জগতৰ পোনপটীয়া যোগাযোগ আৰু বিদেশী ভূমিলৈ স্থানান্তৰিত হোৱাৰ উত্তেজনা যোগ কৰিছিল।[8] ফ্ৰম কাৰ্খেহ টু ৰাইন ছবিখনক এখন যুদ্ধবিৰোধী চলচ্চিত্ৰ হিচাপে গণ্য কৰা হয়।[9] হাতামিকিয়াই ফ্ৰম কাৰ্খেহ টু ৰাইন আৰু দি গ্লাছ এজেন্সী ছবিত সমাজত পুনৰ সংহতি আৰু পুনৰ আত্মীকৰণৰ জটিল প্ৰক্ৰিয়াসমূহ চিত্ৰিত কৰিছে, বিশেষকৈ ৰাসায়নিকভাৱে আঘাতপ্ৰাপ্ত বা দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত প্ৰাক্তন সৈনিকসকলৰ বাবে। এই দুয়োখন ছবি ইৰানৰ হিজবুল্লাহ নাগৰিকসকলৰদ্বাৰা বিশেষভাৱে প্ৰশংসিত হৈছে।[10] হাতামিকিয়াৰ ফ্ৰম কাৰ্খেহ টু ৰাইন ছবিখন যুদ্ধৰ সময়ত ইৰানী প্ৰব্ৰজনকাৰীসকলৰ বাৰ্তালাপৰ সৈতে জড়িত থকাৰ বাবে বিশেষভাৱে আকৰ্ষণীয়।[11]
দি গ্লাছ এজেন্সী (১৯৯৮) ছবিত ৰাফচানজানীৰ নব্য-উদাৰীকৰণৰ ফলত ৰাজহুৱা ক্ষেত্ৰৰপৰা আঁতৰি যোৱা আৰু ক্ষতিগ্ৰস্ত হোৱাসকলৰ অনুভৱ আৰু জীৱনৰ পৰিস্থিতি চিত্ৰিত কৰা হৈছিল। ইয়াত দুজন প্ৰাক্তন সৈনিকৰ কাহিনী কোৱা হৈছে, যিসকলে যুদ্ধত অংশগ্ৰহণ কৰি ত্যাগ স্বীকাৰ কৰা সত্ত্বেও যুদ্ধৰ পৰৱৰ্তী পুনৰ্নিৰ্মাণৰপৰা অহা কোনো বস্তুগত পুৰস্কাৰ লাভ কৰা নাছিল,[12] আৰু প্ৰাক্তন সৈনিকসকলক কেৱল প্ৰতীকী নায়ক কৰি তোলা কিন্তু প্ৰকৃততে তেওঁলোকৰ যত্ন নোলোৱা চৰকাৰৰ ভণ্ডামিক সমালোচনা কৰিছিল।[13] এই ছবিখনৰদ্বাৰা হাতামিকিয়াই চৰকাৰক উত্তেজিত কৰিছিল, যাৰ বাবে চৰকাৰে তেওঁক আদালতলৈ লৈ গৈছিল আৰু কিছুসময়ৰ বাবে ছবিখনৰ মুক্তি নিষিদ্ধ কৰিছিল। দি গ্লাছ এজেন্সী হৈছে যুদ্ধৰ পিছত ইৰান পৰিণত হোৱা আইনাৰ ঘৰটোৰ এক ৰূপক, য’ত আন্তঃৰাষ্ট্ৰীয় সংঘাততকৈ অন্তৰ্দন্দ্বসমূহ অধিক প্ৰকট হৈ পৰিছিল।[14] এশা মোমেনিয়ে উল্লেখ কৰা অনুসৰি, এনে লাগে যেন হাতামিকিয়াই এই বিষয়টোৰ বাবে ৰাষ্ট্ৰক সমালোচনা কৰিছে, কিন্তু তেওঁৰদ্বাৰা শ্বহীদত্বৰ গৌৰৱান্বিতকৰণে যুদ্ধৰ পৰৱৰ্তী যুগত ৰাষ্ট্ৰৰ ত্ৰুটিসমূহ ঢাকি ৰাখি ৰাষ্ট্ৰৰ সেৱা কৰি গৈছে।[15] হামিদ নাফিচিয়ে উল্লেখ কৰা অনুসৰি, এই ছবিখনে যুদ্ধ শেষ হোৱাৰ প্ৰায় এক দশকৰ পিছতো তেওঁলোকৰ দুৰ্দশাৰ প্ৰতি উদাসীন যেন লগা এখন সমাজত যুদ্ধৰ প্ৰাক্তন সৈনিকসকলক পুনৰ একত্ৰিত কৰাৰ সংকটৰ সৈতে মোকাবিলা কৰিছে। চৰকাৰক সমালোচনা কৰাৰ উপৰি ই সমাজকো সমালোচনা কৰে, যিয়ে সৈনিকসকলক শ্ৰদ্ধা কৰিছিল কিন্তু এতিয়া জীৱনৰ সৈতে আগবাঢ়ি যাব বিচাৰে।[16]
নিৰাপত্তা বিষয়াৰ ছবি চিত্ৰিত কৰাৰ বাবে ইৰানৰ চোৰাংচোৱা মন্ত্ৰ্যালয়ৰ নিৰ্দেশত ইন এমেথিষ্ট কালাৰ (২০০৫) ছবিখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰা হৈছিল। সামৰিক বিষয়াসকলৰ দাবীত তেওঁৰ আন এখন ছবি ডেক ৱেভ (২০০১)-ৰ প্ৰদৰ্শনো নিষিদ্ধ কৰা হৈছিল। অৱশ্যে পিছলৈ দুয়োখন ছবি ইৰানী ছবিগৃহত প্ৰদৰ্শিত হয়।[17] বৈপ্লৱিক পৰৱৰ্তী চিনামাত ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ড কৰ্পছ (আইআৰজিপি)-ৰ শক্তিশালী প্ৰভাৱ থকা সত্ত্বেও, এই সমৰ্থন ব্যৱস্থাৰ উৎপাদন ইব্ৰাহিম হাতামিকিয়া, ৰাছুল মোল্লাঘোলিপুৰ, মুজতবা ৰায় আৰু আহমদ-ৰেজা দৰ্বিশৰ দৰে ইৰানৰ বহু গুৰুত্বপূৰ্ণ পৰিচালকে ক্ৰমান্বয়ে আইআৰজিপিয়ে প্ৰচাৰ কৰা যুদ্ধৰ চলচ্চিত্ৰসমূহৰপৰা আঁতৰি আহিছে। পৰিস্থিতি এনে এক পৰ্যায়ত উপনীত হৈছে য’ত এজন গুৰুত্বপূৰ্ণ যুদ্ধ চলচ্চিত্ৰ পৰিচালক ইব্ৰাহিম হাতামিকিয়াই সাংস্কৃতিক আৰু শৈল্পিক কাৰ্যকলাপত সামৰিক কৰ্মচাৰীৰ হস্তক্ষেপক মুকলিকৈ সমালোচনা কৰে।[18] তেওঁ তেওঁৰ নতুন ছবি ডেড ৱেভ-ৰ সংবাদ-মেলত এই বিষয়ে কথা পাতিছিল, যিখন ৰাভায়ত-এ ফাত ফাউণ্ডেশ্যনে প্ৰযোজনা কৰা সত্ত্বেও এতিয়ালৈকে মুক্তি পোৱা নাই। আচলতে খবৰ অনুসৰি, আমেৰিকাৰ যুদ্ধজাহাজ আক্ৰমণ কৰাৰ বাবে ব্যাকুল এজন সামৰিক কমাণ্ডাৰ আৰু তেওঁৰ পুত্ৰৰ সৈতে থকা সমস্যাৰ ওপৰত আধাৰিত এই ছবিখন প্ৰযোজকে প্ৰদৰ্শন কৰাত বাধা দিছিল। অৱশ্যে এই ছবিখনৰ এটা অতি উচ্চ মানদণ্ডৰ ভিডিঅ’ ব্যাপকভাৱে আৰু অবৈধভাৱে বিতৰণ কৰা হৈছিল।[19]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Keddie & Richard 2003, পৃষ্ঠা. 301.
- ↑ Abecassis 2011, পৃষ্ঠা. 392.
- 1 2 Riahi 2016.
- ↑ Ginsberg & Lippard 2010, পৃষ্ঠা. 176.
- ↑ Akrami 1992.
- ↑ Naficy 2012, পৃষ্ঠা. 26–27.
- ↑ Wittmann 2015, পৃষ্ঠা. 79.
- ↑ Naficy 2001.
- ↑ Ghanoonparvar 2009, পৃষ্ঠা. 160.
- ↑ Saeidi & Vafa 2019, পৃষ্ঠা. 12.
- ↑ Strohmaier 2019, পৃষ্ঠা. 14–15.
- ↑ Rivetti 2020, পৃষ্ঠা. 77.
- ↑ Bajoghli 2019.
- ↑ Varzi 2006, পৃষ্ঠা. 180.
- ↑ Momeni 2019, পৃষ্ঠা. 191.
- ↑ Naficy 2012, পৃষ্ঠা. 28.
- ↑ ASL19 2014, পৃষ্ঠা. 235, 238.
- ↑ Farhi 2004, পৃষ্ঠা. 113.
- ↑ Farhi 2004, পৃষ্ঠা. 120.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ইব্ৰাহিম হাতামিকিয়া প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
- ইব্ৰাহিম হাতামিকিয়া সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Ebrahim Hatamikia's First website (in Persian)
- Ebrahim Hatamikia's Second website (in Persian)
- Ebrahim Hatamikia's Biography
- Ebrahim Hatamikia's portfolio[সংযোগবিহীন উৎস]